নলবাৰী,18 আগষ্ট: ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে নলবাৰী আৰু ৰঙিয়াতো ব্যাপক হাৰত চলিছে বিজেপিৰ নতুন সদস্য ভৰ্তি পৰ্ব ৷ দেওবাৰে ৰঙিয়াৰ কৃষক শ্বহীদ ভৱনত অনুষ্ঠিত বিজেপিৰ এক সদস্য ভৰ্তি অনুষ্ঠান গেৰুৱা দলত অন্তৰ্ভূক্ত হ'ল প্ৰায় শতাধিক সংখ্যালঘু লোক ৷ সভাত উপস্থিত থাকি নলবাৰীৰ বিধায়ক অশোক শৰ্মাই কয় " বিজেপি ইছলাম বিৰোধী দল নহয় বৰঞ্চ এই দল ৰাইজৰ স্বাৰ্থত কাম কৰা দল ৷ বিগত সময়ত কেৱল ভোটৰ স্বাৰ্থতে কংগ্ৰেছে অপপ্ৰচাৰ চলাইছিল বিজেপি সাম্প্ৰদায়িক দল বুলি ৷ এতিয়া চৰকাৰৰ উন্নয়নমূলক কাম কাজত সন্তষ্ট হৈ দল-বলে বিজেপিত যোগদান কৰিছে সকলোৱে"৷ তেওঁৰ উপৰিও সভাত উপস্থিত থাকে জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাকে ধৰি কেইবাগৰাকীও নেতা-কৰ্মী ৷ আনহাতে নলবাৰীতো চলি আছে সদস্য ভৰ্তি পৰ্ব ৷ দেওবাৰে নলবাৰীত আয়োজিত এক সভাত বৃহত্তৰ নলবাৰী অঞ্চলৰ বহু লোকে গেৰুৱা দলটোত যোগদান কৰে ৷ ইফালে জেষ্ঠ বিজেপি নেতা আৰ পি শৰ্মাৰ দল ত্যাগৰ বিষয়ত সংবাদিকে সোধা প্ৰশ্নৰ পৰা কৌশলে আঁতৰি থাকে বিধায়ক অশোক শৰ্মা ৷
ৰাজ্যত তীব্ৰগতিত চলিছে বিজেপিৰ সদস্য ভৰ্তি অভিযান
ৰঙিয়া আৰু নলবাৰীত সদস্যভৰ্তি অভিযানত শতাধিক সংখ্যালঘু লোকে যোগদান কৰিলে গেৰুৱা দলত ৷