ETV Bharat / state

কৰ’ণাৰ দ্ৰুত সংক্ৰমণৰ দিশে নলবাৰী

author img

By

Published : Apr 25, 2021, 11:42 AM IST

নলবাৰীত প্ৰতিদিনে বৃদ্ধি হৈছে ক’ভিড আক্ৰান্তৰ সংখ্যা । শনিবাৰৰ দিনটোত ৬০ গৰাকীৰ দেহত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি । ফলত জিলাখনত কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৩১৯ গৰাকীলৈ বৃদ্ধি পাইছে ।

দ্ৰুত সংক্ৰমণৰ দিশে নলবাৰী
দ্ৰুত সংক্ৰমণৰ দিশে নলবাৰী

নলবাৰী,২৫ এপ্ৰিল: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা ৷ জিলাখনৰ স্বাস্থ্য বিভাগে জনোৱা তথ্য অনুসৰি, শনিবাৰৰ দিনটোত ৬০ গৰাকীৰ দেহত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি । ফলত জিলাখনত শনিবাৰৰ দিনটোলৈ কৰ’ণাত আক্ৰান্তৰ ৩,৯২৬ গৰাকীলৈ বৃদ্ধি পাইছে । লগতে ৩১৯ গৰাকী ব্যক্তি ভাইৰাছবিধত আক্ৰান্ত হৈ আছে । শনিবাৰে কৰা ৬০ গৰাকী ব্যক্তিৰ ভিতৰত ৫৯ গৰাকীৰ ৰেপিড এণ্টিজেন পৰীক্ষা আৰু RTPCR পৰীক্ষাত এজনৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে । আক্ৰান্ত সকলৰ ২৯৭ গৰাকী সম্প্ৰতি হোম আইছলেচনত আছে ।

দ্ৰুত সংক্ৰমণৰ দিশে নলবাৰী
কৰ’ণাৰ দ্ৰুত সংক্ৰমণৰ দিশে নলবাৰী

বৰ্তমান ৰাজ্যত মহামাৰীৰ সংক্ৰমণে এক উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে । প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা বাঢ়িছে । চৰকাৰ, প্ৰশাসনে ইয়াৰ বাবে কেতবোৰ বিধি নিয়ম (এছঅ’পি) জাৰি কৰিছে । সকলোৱে যাতে সাৱধানে আৰু সতৰ্কতাৰে থাকে সেয়াই ৰাইজৰ প্ৰতি চৰকাৰ তথা প্ৰশাসনৰ আহ্বান ।

লগতে পঢ়ক: সুদীৰ্ঘ 37 বছৰ পিছত স্বভূমি অভিমুখে জীৱন মৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.