ETV Bharat / state

নলবাৰীৰ দুৰ্ভগীয়া দ্বীপজ্যোতিক প্ৰয়োজন আপোনাৰ সহায়ৰ

author img

By

Published : Nov 9, 2019, 10:59 PM IST

জীৱন-মৃত্যুৰে যুঁজিছে নলবাৰী বৰভাগৰ দ্বীপজ্যোতিয়ে ৷ নলবাৰী বৰভাগৰ ক্ষুদ্ৰডিংডিঙি গাঁৱৰ দ্বীপজ্যোতিৰ বিকল হৈ পৰিছে দু্য়োটা বৃক্ক ৷ পিতৃহাৰা দ্বীপজ্যোতিৰ মাতৃয়ে চিকিৎসাৰ বাবে হেৰুৱাইছে দিক-বিদিক ৷

সহায়ৰ প্ৰয়োজন নলবাৰীৰ দুৰ্ভগীয়া দ্বীপজ্যোতিক

নলবাৰী, 9 নৱেম্বৰঃ জীৱন-মৃত্যুৰে যুঁজিছে নলবাৰী বৰভাগৰ দ্বীপজ্যোতিয়ে ৷ নলবাৰী বৰভাগৰ ক্ষুদ্ৰডিংডিঙি গাঁৱৰ দ্বীপজ্যোতিৰ বিকল হৈ পৰিছে দু্য়োটা বৃক্ক ৷ ফলত এতিয়া অতি দৰিদ্ৰ পৰিয়ালৰ দ্বীপজ্যোতিৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা ৷ পিতৃহাৰা দ্বীপজ্যোতিৰ মাতৃয়ে চিকিৎসাৰ নামত হেৰুৱাইছে দিক-বিদিক ৷ ঘৰৰ মাটি-সম্পত্তি বিক্ৰী কৰিও পূৰাব পৰা নাই দ্বীপজ্যোতিৰ চিকিৎসাৰ খৰছ ৷

সহায়ৰ প্ৰয়োজন নলবাৰীৰ দুৰ্ভগীয়া দ্বীপজ্যোতিক

স্থানীয় বিধায়ক নাৰায়ণ ডেকাই ছমাহ পূৰ্বেই দহ হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছিল যদিও পৰিয়ালটোৱে এতিয়ালৈ নাপালে এটা ফুটাকড়িও ৷ অসহায় মাতৃয়ে এতিয়া সহায় বিচাৰি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কণ্ঠশিল্পী জুবিন গাৰ্গ তথা অভিনেতা যতীন বৰাৰ লগতে বিভিন্ন জনলৈ জনাইছে কাতৰ আহ্বান ৷ দ্বীপজ্যোতিক সহায় কৰিব বিচৰাজনে ভাৰতীয় ষ্টেট বেংকৰ কালাগ শাখাত মাতৃ ভৱানী কলিতাৰ নামত থকা (IFSC code:SBIN 0007006) একাউন্ট নম্বৰ 11866410182 ত আৰ্থিক সাহায্য আগবঢ়োৱাৰ অনুৰোধ জনাইছে পৰিয়ালে ৷

আৰু পঢ়কঃ গোৱালপাৰা জিলা আছুৰ অষ্টাদশ অধিৱেশন

Intro:ন মাহে যুজিছে জীৱন-মৃত্যুৰে নলবাৰী বৰভাগৰ দ্বীপজ্যোতিয়ে।মাতৃৰ সহায় বিচাৰি কাতৰ আহ্বান স্বাস্থ্যমন্ত্ৰী জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গৰ প্ৰতি Body:এগৰাকী মাতৃৰ কাতৰ আহ্বান ৰাইজৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ অভিনেতা যতীন বৰা স্বাস্থ্যমন্ত্ৰীৰ প্ৰতিঃ"মোক সহায় কৰি জীয়াই থাকিবলৈ দিয়ক মোৰ ল'ৰাক "

নলবাৰীৰ ক্ষুদ্ৰডিংডিঙি গাওঁৰ এই যুৱক জনৰ নাম দ্বীপজ্যোতি কলিতা ।পিতৃ ঢুকোৱাৰ পিছত মাতৃয়ে আনৰ ঘৰে ঘৰে কাম কৰি কোনোমতে চলাই আছিল পৰিয়াল ।কিন্তু!হঠাৎ যেন দ্বীপজ্যোতিৰ জীৱনলৈ নামি আহিল অমানিশা ।মাজে মাজে বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি থকা অৱস্থাতে এদিন চিকিৎসকে জনালে দ্বীপজ্যোতিৰ জীৱনলৈ অহা সেই দুঃসংবাদ।দ্বীপজ্যোতিৰ দু্যোটা বৃক্কই হৈ পৰিছে বিকল ।
মাতৃয়ে খুজি-মাগি পুত্ৰক কৰাইছে চিকিৎসা।পুত্ৰৰ চিকিৎসাৰ নামত মাটিও বিক্ৰী কৰিবলগা হোৱাৰ পিছত এতিয়া তেওঁলোকৰ সমুখত নাই কোনো পথ ।মাতৃয়ে হেৰুৱাইছে দিক-বিদিক ।স্থানীয় বিধায়ক নাৰায়ণ ডেকাই ছমাহ পূৰ্বে দহ হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছিল যদিও পৰিয়ালটোৱে এটাও নাপালে ফুটাকড়ি ।সম্প্ৰতি মাতৃয়ে দ্বীপজ্যোতিক মাকৰ ঘৰত ৰাখি চিকিৎসা কৰাইছে যদিও মোমায়েকো আৰ্থিক ভাৱে নহয় স্বচ্ছল।তিনিদিনৰ মূৰে মূৰে দ্বীপজ্যোতিক মাতৃয়ে ডায়েলেছিছৰ বাবে
নিব লাগে চিকিৎসালয়লৈ ।

সেয়ে মাতৃয়ে ৰাইজৰ লগতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ অভিনেতা যতীন বৰাক সহায়ৰ বাবে জনাইছে কাতৰ আহ্বান । ।

ভাৰতীয় ষ্টেট বেংকৰ কালাগ শাখাত মাতৃ ভৱানী কলিতাৰ নামত থকা (IFSC code:SBIN 0007006) একাউন্ট নম্বৰ 11866410182 ত আৰ্থিক সাহায্য আগবঢ়োৰ আহ্বান জনাইছে।
Conclusion:কৈলাস ডেকা, নলবাৰী।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.