ETV Bharat / state

মাত্ৰ 10টকাৰ বাবে যুৱকৰ গাত ঢালিলে এছিড - ৰনজিৎ বৈশ্য

নলবাৰী জিলাৰ জাজিয়াবাৰীত মাত্ৰ দহ টকাৰ বাবে প্ৰণৱ লহকৰ নামৰ এজন লোকে এছিডেৰে আক্ৰমণ কৰে সত্যজিৎ কলিতা আৰু ৰণজিৎ বৈশ্য নামৰ দুজন যুৱকক ৷ কোনো কথাক লৈ বাত-বিতণ্ডাৰ সৃষ্টি হোৱাৰ পাছতে প্ৰণৱ লহকৰে আক্ৰমণ কৰে যুৱক দুজনক ৷ ঘটনা সন্দৰ্ভত দাখিল কৰা হৈছে এজাহাৰ ৷

nalbari-acid-attack-case
মাত্ৰ 10টকাৰ বাবে এছিডেৰে আক্ৰমণ যুৱকক
author img

By

Published : Sep 26, 2020, 7:41 AM IST

নলবাৰী,26ছেপ্টেম্বৰ : নলবাৰী জিলাৰ জাজিয়াবাৰীত ভয়ংকৰ ঘটনা ৷ মাত্ৰ দহ টকাৰ বাবে এগৰাকী যুৱকে অন্য দুগৰাকী যুৱকক আক্ৰমণ কৰে এছিডৰে ৷ এছিড আক্ৰমণৰ বলি হোৱা যুৱক দুজন সত্যজিৎ কলিতা ৰণজিৎ বৈশ্য বুলি জানিব পৰা গৈছে ৷ যুৱক দুজনক সংকটজনক অৱস্থাত গুৱাহাটী জিএমচিএইছলৈ প্ৰেৰণ কৰা হয় ৷

মাত্ৰ 10টকাৰ বাবে এছিডেৰে আক্ৰমণ যুৱকক

প্ৰাপ্ত তথ্য অনুসৰি,ৰণজিৎ বৈশ্যই দোকানত বস্তু ক্ৰয় কৰি থকাৰ সময়ত কোনো কথাকলৈ বাক বিতণ্ডতাৰ সৃষ্টি হয় দোকানৰ স্বতাধিকাৰী প্ৰণৱ লহকৰৰ সৈতে ৷ তাৰ পাচতে প্ৰণৱে সত্যজিৎ কলিতা আৰু ৰণজিৎ বৈশ্যৰ গালৈ দলিয়াই দিয়ে এছিড ৷ যাৰ ফলত গুৰুতৰ ভাৱে আহত হয় সত্যজিৎ কলিতা ৷ সত্যজিৎ কলিতাক সংকটজনক অৱস্থাত গুৱাহাটী জি এম চি এইছলৈ প্ৰেৰণ কৰা হয় ৷ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা সত্যজিতে জাজিয়াবাৰীত এখন শাক পাচলিৰ দোকান দি কোনো মতে জীৱন নিৰ্বাহ কৰিছিল বুলি প্ৰকাশ কৰে স্থানীয় লোকে ৷

অন্য এক খবৰৰ বাবে: বিশ্বৰ দীঘলীয়া ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগটো মুকলিৰ দিশে ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.