ETV Bharat / state

Ripun Bora controversy: দিনত এটা আৰু ৰাতি এটা আন এটা কথা কয় ৰিপুন বৰাই; দিলীপ শইকীয়া

author img

By

Published : Jun 12, 2023, 9:26 PM IST

ৰিপুন বৰাৰ মন্তব্যক লৈ গৰম হৈছে ৰাজ্যৰ ৰাজনীতি ৷ তিনি কোটিৰ বিনিময়ত ভোট বিক্ৰী কৰা বুলি ৰিপুন বৰাই তোলা অভিযোগ সন্দৰ্ভত বিভিন্নজন ৰাজনৈতিক নেতাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ সাংসদ দিলীপ শইকীয়াই ৰিপুন বৰাৰ মন্তব্যক মূল্যহীন আখ্যা দিছে ৷

Ripun Bora controversy
Ripun Boras allegations over horse trading
ৰিপুন বৰাৰ মন্তব্যক লৈ গৰম হৈছে ৰাজ্যৰ ৰাজনীতি

নলবাৰী, 12 জুন: ৰিপুন বৰাৰ এটা মন্তব্যই ধুমুহা আনিছে ৰাজ্যৰ ৰাজনীতিত ৷ দেওবাৰে নলবাৰীত অনুষ্ঠিত অসম তৃণমূল কংগ্ৰেছৰ এখন সভাত ৰিপুন বৰাই কেইবাজনো কংগ্ৰেছ নেতাৰ বিৰুদ্ধে চাঞ্চল্যকৰ মন্তব্য কৰে ৷ বৰাই সভাত কয় যে, ৰাজ্যসভা আৰু ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বিধায়কে ধনৰ বিনিময়ত ভোট বিক্ৰী কৰিছিল ৷ 22 টা ভোট বিক্ৰী যোৱা বুলি বিস্ফোৰক মন্তব্য কৰে ৰিপুন বৰাই ৷ তাৰ পিচতেই ৰাজ্যৰ ৰাজনীতিত এই বিষয়টোক লৈ তোলপাৰ লাগে ৷

বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ৰিপুন বৰাৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ নলবাৰী জিলাৰ বালিলেচাত অনুষ্ঠিত এখন সভাত অংশ লৈ শইকীয়াই কয় যে, ৰিপুন বৰাৰ কথাৰ কোনো মূল্য নাই ৷ দিনত হ’লে এটা আৰু ৰাতি হ’লে এটা কথা কয় ৰিপুন বৰাই ৷ অৱশ্যে এ আই ইউ ডি এফৰে দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথাটো ৰিপুন বৰাই স্পষ্টকৈ কোৱা বুলি মন্তব্য কৰে সাংসদ শইকীয়াই ৷

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পতাৰ উদ্দেশ্যেৰে কংগ্ৰেছে জয়ী কৰাইছিল বিজেপিক; ৰিপুন বৰা

তেওঁ পুনৰ কয় যে, এ আই ইউ ডি এফৰ জন্মলগ্ন অৰ্থাৎ 2005 চনৰ পৰাই সু-সম্পৰ্ক আছে কংগ্ৰেছৰ লগত ৷ তেওঁলোকে কেৱল ভোট বেংকৰ স্বাৰ্থতহে ৰাজনীতি কৰি আহিছে ৷ আটাইতকৈ পুৰণি হিচাপে পৰিচিত কংগ্ৰেছ দলৰ এগৰাকী প্ৰাক্তন সভাপতিৰ মুখত এনে মন্তব্য শোভা নাপাই বুলি ক’লে দিলীপ শইকীয়াই ৷ লগতে, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ নীতি, আদৰ্শ, স্থিতি সদায় একে বুলি উল্লেখ কৰি দুয়োটা দলে কেৱল সংখ্যালঘুৰ মাজত ভোট বেংক সৃষ্টিৰ জৰিয়তে শোষণৰ ৰাজনীতি কৰা বুলি কয় সাংসদগৰাকীয়ে ৷

ইফালে ৰিপুন বৰাই কংগ্ৰেছ নেতাক উদ্দেশ্যি কৰা মন্তব্যৰ এদিন পিচতে প্ৰতি অভিযোগ উত্থাপন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ । তেওঁ কয়, ‘‘ৰিপুন বৰাই কেতিয়া ক’ত কি কথা কয় সেইটো আমাৰ কাৰণে দুৰ্বোধ্য হৈ পৰিছে । দুদিনমান পূৰ্বে ৰিপুন বৰাই বিৰোধী দলপতিৰ সৈতে ৰাজ্যপালকো লগ ধৰিছে । যদিহে ৰাজ্যসভা নিৰ্বাচনত তিনি কোটি টকা কোনোবাই লৈছিল তেন্তে টকা লোৱা আৰু টকা দিয়া দুয়োজনেই সমানে অপৰাধী ।’’

লগতে পঢ়ক: Bhupen Kumar Borah comments on Ripun Bora: ৰিপুন বৰাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া APCC ৰ সভাপতি ভূপেন কুমাৰ বৰাৰ

নিকা আৰু মূল্যবোধৰ ৰাজনীতিৰ স্বাৰ্থত গোটেই বিষয়বস্তুটো সম্পূৰ্ণকৈ ৰাজহুৱা কৰিবলৈ ৰিপুন বৰাক আহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । যদিহে কংগ্ৰেছ দলৰ কোনো ব্যক্তিয়ে টকা লৈছে, তেন্তে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.