ETV Bharat / state

নলবাৰীত কংগ্ৰেছ নেতাৰ বিজেপি গমন

author img

By

Published : Aug 22, 2019, 2:31 AM IST

জ্ঞানদীপ কলিতা আৰু নৱ কুমাৰ তালুকদাৰৰ নেতৃত্বত বিশ জনতকৈও অধিক যুৱ কংগ্ৰেছীৰ বিজেপিত যোগদান ৷ কংগ্ৰেছ ইতিহাস হোৱাৰ পথত বুলি মন্তব্য প্ৰাক্তন কংগ্ৰেছীৰ

নলবাৰীত কংগ্ৰেছ নেতাৰ বিজেপি গমন

নলবাৰী, 22 আগষ্ট : ৰাজ্যজুৰি অব্যাহত আছে কংগ্ৰেছ দলত খহনীয়া ৷ বুধবাৰে নলবাৰী জিলা যুৱ কংগ্ৰেছৰ বিশ গৰাকীতকৈও অধিক নেতা কৰ্মীয়ে পিন্ধিলে গেৰুৱা বসন । নলবাৰী বিধানসভা যুৱ কংগ্ৰেছৰ সভাপতি জ্ঞানদীপ কলিতা আৰু নলবাৰী জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক নৱ কুমাৰ তালুকদাৰৰ নেতৃত্বত বিশ জনতকৈও অধিক যুৱ কংগ্ৰেছীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলা কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰে । বিজেপিত যোগদান কৰিয়েই প্ৰাক্তন কংগ্ৰেছী জ্ঞানদীপ কলিতাই কংগ্ৰেছ নেতৃত্বই পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰি অহা বুলি অভিযোগ তুলি ক্ষোভ উজাৰে। আনহাতে, আন এজন প্ৰাক্তন কংগ্ৰেছী নৱ তালুকদাৰে আহি থকা দিনবোৰত কংগ্ৰেছ ইতিহাস হোৱাৰ পথত বুলি মন্তব্য কৰে । যোগদানকাৰী ন-বিজেপি আটাইকেইজনকে নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকাই দললৈ উষ্ম আদৰণি জনায় ।

Intro:ৰাজ্যত গৰা খহাৰ লেখীয়াকৈ গৰা খহিবলৈ আৰম্ভ কৰিছে কংগ্ৰেছ দলৰ ।জিলাই জিলাই অব্যাহত কংগ্ৰেছৰ খহনীয়া ।আজি নলবাৰীতো জিলা যুৱ কংগ্ৰেছৰ বিশ গৰাকীতকৈও অধিক নেতা কৰ্মীয়ে পিন্ধিলে গেৰুৱা বসন ।Body:ৰাজ্যত নিশ্চিহ্ন হোৱাৰ দিশে আগবাঢ়িছে কংগ্ৰেছ দল ।জিলাই জিলাই উঠিছে কংগ্ৰেছ ত্যাগৰ জোৱাৰ ।নলবাৰীতো আজি জিলা যুৱ কংগ্ৰেছৰ বিশ জনতকৈও অধিক নেতা-কৰ্মীয়ে পিন্ধিলে গেৰুৱা বসন ।নলবাৰী বিধানসভা যুৱ কংগ্ৰেছৰ সভাপতি জ্ঞানদীপ কলিতা আৰু নলবাৰী জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক নৱ কুমাৰ তালুকদাৰৰ নেতৃত্বত বিশ জনতকৈও অধিক যুৱ কংগ্ৰেছীয়ে ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী জিলা কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰে ।বিজেপিত যোগদান কৰিয়েই প্ৰাক্তন কংগ্ৰেছী জ্ঞানদীপ কলিতাই কংগ্ৰেছ নেতৃত্বই পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰি অহা বুলি অভিযোগ তুলি ক্ষোভ উজাৰে ।আনহাতে আন এজন প্ৰাক্তন কংগ্ৰেছী নৱ তালুকদাৰে আহি থকা দিনবোৰত কংগ্ৰেছ ইতিহাস হোৱাৰ পথত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । যোগদান কাৰী ন-বিজেপি আটাইকেইজনকে নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকাই দললৈ উষ্ম আদৰণি জনায় ।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.