ETV Bharat / state

বিশিষ্ট বাঁহীবাদক হৰেকৃষ্ণ তালুকদাৰলৈ 2021 বৰ্ষৰ 'মোহন ভাইৰা বঁটা

author img

By

Published : Feb 1, 2021, 10:04 PM IST

সোমবাৰে নলবাৰীৰ শ্বহীদ ভৱন বাকৰিত প্ৰদান কৰা হয় 2021 বৰ্ষৰ 'মোহন ভাইৰা বঁটা' ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে প্ৰদান কৰে এই বঁটা ৷

mohan-vaira-award-2021-to-harekrishna-talukdar
বিশিষ্ট বাঁহীবাদক হৰেকৃষ্ণ তালুকদাৰলৈ 2021 বৰ্ষৰ 'মোহন ভাইৰা বঁটা

নলবাৰী,1 ফেব্ৰুৱাৰী: নলবাৰীৰ শ্বহীদ ভৱন বাকৰিত সোমবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত প্ৰদান কৰা হয় 2021 বৰ্ষৰ 'মোহন ভাইৰা বঁটা' ৷ বিশিষ্ট বাঁহীবাদক তথা লোক-সংস্কৃতিৰ সাধক নলবাৰী জিলাৰ টিহুৰ বাসিন্দা হৰেকৃষ্ণ তালুকদাৰক প্ৰদান কৰা হয় 2021 বৰ্ষৰ 'মোহন ভাইৰা বঁটা' ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে বিশিষ্ট বাঁহীবাদক গৰাকীক প্ৰদান কৰে এই বঁটা ৷ এই বঁটাত আছে নগদ ধন,জাপি,ফুলাম গামোচা আৰু এখন স্মাৰক পত্ৰ ৷ বঁটা লাভ কৰি উৎফুল্লিত হৈ পৰে লোক-সংস্কৃতিৰ সাধক হৰেকৃষ্ণ তালুকদাৰ ৷

উল্লেখ্য যে,নলবাৰী জিলা ছাত্ৰ সন্থাই 2009 চনৰে পৰা প্ৰতি বছৰে অসমৰ লোক সংস্কৃতিক চহকী কৰি অহা একোজনকৈ বিশিষ্ট ব্যক্তিক প্ৰদান কৰি আহিছে লোক সংস্কৃতিৰ সাধক, সংগীত নাটক একাডেমী বঁটা প্ৰাপক মোহন ভাইৰাৰ নামত 'মোহন ভাইৰা বঁটা' ৷ 2009 চনৰ পৰা প্ৰতি বছৰে একাদিক্ৰমে এই বঁটা লাভ কৰিছে প্ৰভা দত্ত তামূলী,সীতা ৰাম ৰায়, মুক্তাৰাম বৰুৱাওজা,মাণিক শইকীয়া ওজা,ৰূহিন ৰাভা,দ্বিজেন গগৈ,প্ৰভাত শৰ্মা,হৰি বৰবায়ন,ৰামচৰণ ভড়ালী আৰু লোকনাথ কুটুমে ৷

উল্লেখযোগ্য যে,2019 বৰ্ষত কা' আন্দোলনৰ বাবে আৰু 2020 বৰ্ষত ক'ভিডৰ বাবে প্ৰদান কৰা হোৱা নাই এই বঁটা ৷ 2021 বৰ্ষৰ 'মোহন ভাইৰা বঁটা'প্ৰদান অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথকে প্ৰমূখ্য কৰি সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, বিশিষ্ট সংগীত পৰিচালক ৰমেন চৌধুৰী ,নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সম্পাদক অক্ষয় ডেকা,ৰাজ্যিক কাৰ্য্যনিৰ্বাহক ৰিয়াজ উদ্দিন আহমেদ,মোহন ভাইৰাৰ পত্নী সৰস্বতী বৰ্মনৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়কঃ শ্ৰেণীকোঠাৰ পৰিৱৰ্তে চাহৰ দোকানত বিদ্যালয়ৰ শিক্ষক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.