ETV Bharat / state

নলবাৰীত লাচিত দিৱসত বিধায়ক শিলাদিত্য দেৱ

author img

By

Published : Nov 25, 2019, 10:04 AM IST

বিধায়ক শিলাদিত্য দেৱ আৰু হিন্দু ক্ৰান্তি দলৰ উপদেষ্টা অঞ্জন বৰ্মনৰ CAB ক সমৰ্থন ৷ ‘লাচিত বৰফুকনৰ বিষয়ে ভাৰতবৰ্ষত চৰ্চা নহয় এইয়া দুৰ্ভাগ্যৰ বিষয়’- শিলাদিত্য দেৱ ৷

নলবাৰীৰ লাচিত দিৱসত বিধায়ক শিলাদিত্য দেৱ

নলবাৰী, 25 নৱেম্বৰঃ ‘মোগলক পৰাস্ত কৰা বীৰ সেনাপতি লাচিত বৰফুকনৰ বিষয়ে ভাৰতবৰ্ষত চৰ্চা নহয়, এইয়া দুৰ্ভাগ্যৰ বিষয়’ এই মন্তব্য বিধায়ক শিলাদিত্য দেৱৰ ৷ লগতে তেওঁ লাচিত দিৱস গোটেই ভাৰতবৰ্ষতে উদযাপন কৰিব লাগে বুলিও দাবী উত্থাপন কৰে ৷ এন আৰ চি সন্দৰ্ভতো শিলাদিত্য দেৱে মন্তব্য আগবঢ়াই কয় যে, 1951 চন ভিত্তিবৰ্ষ হ’লে আশী লাখ বাংলাদেশী মুছলমান বাহিৰ হ’ব ৷ নলবাৰীত হিন্দু ক্ৰান্তি দল অসমে কেন্দ্ৰীয়ভাৱে উদযাপন কৰা লাচিত দিৱসত এই মন্তব্য কৰে বিধায়কজনে ৷

নলবাৰীৰ লাচিত দিৱসত বিধায়ক শিলাদিত্য দেৱ

এই সভাত হিন্দু ক্ৰান্তি দলৰ উপদেষ্টা অঞ্জন বৰ্মনে এই সভাত CAB ক সমৰ্থন জনাই হিন্দু বাংলাদেশী অসমলৈ আনিলে কোনো আপত্তি নাই বুলি উল্লেখ কৰে ৷ আনহাতে বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি সুকুমাৰ বিশ্বাস এই সভাত উপস্থিত থাকে ৷

লগতে চাওকঃজুবলী ফাউণ্ডেশ্বনৰ উদ্যেগত "ৰংগান্থন" অনুষ্ঠান

Intro:আজি লাচিত দিবস ।Body:নলবাৰীত হিন্দু ক্ৰান্তি দল অসমে কেন্দ্ৰীয় ভাবে উদযাপন কৰিলে লাচিত দিবস । হিন্দু ক্ৰান্তি দল অসমে নলবাৰী জিলা সমিতিৰ উদ্যোগত আজি দিন যোৰা ভাবে এই কাৰ্যসূচী ৰূপায়ণ কৰে । লাচিত দিবস উপলক্ষ্যে পুৱা গৌৰিক ধ্বজা উত্তোলন কৰাৰ লগতে হিন্দু ক্ৰান্তি দলৰ পতাকা উত্তোলন কৰা হয় । একেদৰে লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে ভাৰত মাতাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰা হয় । ইয়াৰ পিছতে এইদৰে নলবাৰী চহৰত এক বিশাল শোভাযাত্ৰা উলিয়াই বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে হিন্দু ক্ৰান্তি দলে । লগতে হিন্দুৰ ওপৰত চলা পৰিকল্পিত আক্ৰমণ বন্ধ কৰা আৰু লাভ জেহাদ বন্ধৰ দাবী উত্থাপন কৰে হিন্দু ক্ৰান্তি দলে । এইদৰে সাংস্কৃতিক শোভাযাত্ৰা কৰাৰ পিচত মুকলি সভা অনুষ্ঠিত কৰে । মুকলি সভাত হিন্দু ক্ৰান্তি দলৰ উপদেষ্টা অঞ্জন বৰ্মনে ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ বাবে নলবাৰীত তিনিশ বিঘা মাটি আবন্টন দিবলৈ দাবী উত্থাপন কৰে । হিন্দু বাংলাদেশী অসমলৈ আনিলে কোনো আপত্তি নাই বুলিও দোহাৰিলে অঞ্জন বৰ্মনে । সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক শিলাদিত্য দেবে কয় যে, মোগলক পৰাস্ত্ৰ কৰা বীৰ সেনাপতি লাচিত বৰফুকনৰ বিষয়ে ভাৰতবৰ্ষত চৰ্চা নহয় । এইয়া দুৰ্ভাগ্যৰ বিষয় । লাচিত বৰফুকন দিবস গোটেই ভাৰতবৰ্ষতে উদযাপন কৰিবলৈ দাবী শিলাদিত্য দেবৰ । এন আৰ চি সম্পৰ্কে বক্তৃতা প্ৰদান কৰি শিলাদিত্য দেবে কিছুমান সংগঠনে হাতত চুৰিয়া পিন্ধা বুলি কটাক্ষ কৰে । অশুদ্ধ এন আৰ চি প্ৰকাশ হওঁতে আমাৰ জাতীয় সংগঠনে মুখত মিঠাই লৈ আনন্দ কৰাটো দুৰ্ভাগ্য জনক বুলি ব্যক্ত কৰে শিলাদিত্য দেবে । ইপিনে সাংবাদিকৰ মুখামুখি হৈ শিলাদিত্য দেবে কয় যে কেব হব অসমৰ বাবে মঙ্গল জনক । একেদৰে চুপ্ৰীম কোৰ্টৰ সদ্য অবসৰী মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক উপলক্ষ্যে কৰি কয় যে লাচিত বৰফুকনে দেশৰ স্বাৰ্থত নিজ মোমায়েকৰ শিৰচ্ছেদ কৰিছিল । একেদৰে আছু এতিয়া নিশকটীয়া বুলি কোৱাৰ লগতে আছুই এতিয়া ত্ৰিশটা সংগঠন লগত লৈ বিভাজিত ৰূপ উন্মোচন কৰা বুলিও তাৎপৰ্য পুৰ্ণ মন্তব্য কৰে । এন আৰ চি 1951 চন ভিত্তি বৰ্ষ হ'লে আশি লাখ বাংলাদেশী মুছলমান বাহিৰ হব বুলিও মন্তব্য কৰে । এই সভাত উপস্থিত থাকে বঙালী যুব ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি সুকুমাৰ বিস্বাস।Conclusion:কৈলাস ডেকা।

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.