ETV Bharat / state

Kung fu wushu Competition: নলবাৰীৰ মুকালমুৱাত কুং ফু উশ্বু প্ৰতিযোগিতা - Kung Fu Ushu Competition at Mukalmua

নলবাৰীৰ মুকালমুৱাত অনুষ্ঠিত হয় কুং-ফু উশ্বু প্ৰতিযোগিতা(Kung Fu Ushu Competition at Mukalmua in Nalbari) । মুকালমুৱা কুং-ফু উশ্বু আৰু কিক বক্সিং একাডেমীৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই প্ৰতিযোগিতাখনি । প্ৰতিযোগিতাখনি উদ্বোধন কৰে গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ মনোজ কুমাৰ মহন্তই ।

Kang Fu Ushu Competition at Mukalmua in Nalbari
নলবাৰীৰ মুকালমুৱাত অনুষ্ঠিত হয় কং-ফু উশ্বু প্ৰতিযোগিতা
author img

By

Published : Jan 30, 2023, 3:56 PM IST

নলবাৰীৰ মুকালমুৱাত অনুষ্ঠিত হয় কং-ফু উশ্বু প্ৰতিযোগিতা

নলবাৰী, ৩০ জানুৱাৰী: নলবাৰী জিলাৰ মুকালমুৱাত অনুষ্ঠিত হয় এখন কুং-ফু উশ্বু প্ৰতিযোগিতা (Kung Fu Ushu Competition at Mukalmua) । মুকালমুৱা কুং-ফু উশ্বু আৰু কিক বক্সিং একাডেমীৰ উদ্যোগত তথা অসম কুং-ফু সন্থাৰ অধীনত প্ৰথম বাৰ্ষিক কুং-ফু উশ্বু প্ৰতিযোগিতাখন অনুষ্ঠিত হয় । মুকালমুৱাস্থিত জুনিয়ৰ বেচিক স্কুলৰ প্ৰাংগনত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ প্ৰায় ১০০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে (Kung fu championship in Nalbari) ।

ল'ৰা-ছোৱালী উভয়ৰে বিভিন্ন শাখাত প্ৰতিযোগিতাখন অনুষ্ঠিত হয় । যিকোনো বিপদৰ সময়তে লৰা-ছোৱালী উভয়ে নিজৰ আত্মৰক্ষা কৰিব পাৰে যাতে সেই উদ্দেশ্য আগত ৰাখিয়ে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা বুলি উল্লেখ কৰে আয়োজকসকলে । ৫ টাকৈ ক্লাৱৰ প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে । প্ৰতিয়োগিতাত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰে আয়োজকসকলে (Kung fu championship)।

লগতে পঢ়ক: Play staged in natural environment: নগাঁৱত প্ৰাকৃতিক পৰিবেশত অগতানুগতিক ৰূপত নাট মঞ্চস্থ

প্ৰতিযোগিতাখন উদ্বোধন কৰে গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ মনোজ কুমাৰ মহন্তই । প্ৰতিযোগিতাখনৰ জৰিয়তে অঞ্চলটোৰ উঠি অহা নৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৃষ্ট হোৱাৰ লগতে তেওঁলোকে নিজকে আত্মৰক্ষাৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব বুলি কয় উদ্বোধক ড৹ মনোজ কুমাৰ মহন্তই । মুকালমুৱাৰ দকৰে মফচলীয়া অঞ্চলটো এনেবোৰ অনুষ্ঠান হোৱাতো অতি প্ৰশংসনীয় বুলি উল্লেখ কৰে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে ।

ক্ৰীড়া হৈছে এনে এক মাধ্যম যাৰ যোগেদি আমি আমাৰ শৰীৰৰ উৎকৰ্ষ সাধন কৰিব পাৰো বুলি উল্লেখ কৰে ড৹ মনোজ কুমাৰ মহন্তই (Manoj Kumar Mahanta Principal Pragjyotish College) । লগতে তেওঁ কয় যে ক্ৰীড়াৰ জৰিয়তে আমি পৃথিৱীৰ সৈতে জড়িত হ'ব পাৰো । গতিকে এনেবোৰ অঞ্চলৰ পৰাও যাতে নতুন প্ৰজন্ম ওলাই আহিব পাৰে তাৰ বাবে এনে অনুষ্ঠান খুবেই প্ৰয়োজনীয় বুলি উল্লেখ কৰে ড৹ মনোজ কুমাৰ মহন্তই । লগতে এই প্ৰতিযোগিতাৰ আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ মনোজ কুমাৰ মহন্তই । অঞ্চলটোৰ বহুকেইজন গণ্য মান্য ব্যক্তিৰ লগতে অঞ্চলটোৰ বহুসংখ্যক দৰ্শক উপস্থিত থাকি প্ৰতিযোগিতাখন উপভোগ কৰে ।

লগতে পঢ়ক: Erosion of Beki River continues: কলগাছিয়াত অব্যাহত বেকী নৈৰ খহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.