ETV Bharat / state

নলবাৰীৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত গুণ্ডাৰাজ: লাইচেঞ্চ বনাবলৈ আহি প্ৰহৃত যুৱক

author img

By

Published : Nov 15, 2019, 11:52 PM IST

নলবাৰী সদৰ থানাত এক গোচৰ ৰুজু কৰা হৈছে ৷ শুকুৰবাৰে ঘটনাৰ উচিত তদন্ত বিচাৰি যুৱকজনৰ গাঁৱৰ সহস্ৰাধিক মহিলাই উত্তপ্ত কৰি তুলিলে নলবাৰীৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয় ৷

নলবাৰীৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত গুণ্ডাৰাজ: লাইচেঞ্চ বনাবলৈ আহি প্ৰহৃত যুৱক

নলবাৰী, 15 নৱেম্বৰ: ব্যাপক অনিয়মৰ মাজেৰে চলিছে নলবাৰী জিলা পৰিবহন বিষয়াৰ কাৰ্যালয় ৷ এতিয়া গুণ্ডাৰাজ আৰু দালালৰ প্ৰকোপত সাধাৰণ মানুহে জীয়াতু ভুগিব লগা হৈছে জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ত ৷ বৃহস্পতিবাৰে লাইচেঞ্চ বনাবলৈ অহা এজন যুৱকক দালালে এম ভি আইৰ কাৰ্যালয়তে প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় কাৰ্যালয়টোত ৷ ঘটনা অনুসৰি, খোদ পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ গৃহ জিলাৰ পৰিবহণ বিভাগৰ কাৰ্যালয়ত লাইচেঞ্চ বনাবলৈ আহিছিল নাপ্তিপাৰা গাঁৱৰ ৰুবুল তালুকদাৰ নামৰ এজন যুৱক ৷ ইয়াৰ পাছতে লাইচেঞ্চ বিচাৰি তেওঁ এম ভি আইৰ কাৰ্যালয়লৈ যায় কিন্তু তাত থকা দালালে তেওঁক বেয়াকৈ প্ৰহাৰ কৰে ৷ যাৰ ফলত সংকটজনক অৱস্থাত যুৱকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিব লগা হয় ৷ কিন্তু সৌভাগ্যক্ৰমে চিচি টিভি কেমেৰাত আৱদ্ধ হল এই সমগ্ৰ মাৰপিটৰ দৃশ্য ৷ ইফালে ঘটনা সন্দৰ্ভত, নলবাৰী সদৰ থানাত এক গোচৰ ৰুজু কৰা হৈছে ৷ শুকুৰবাৰে ঘটনাৰ উচিত তদন্ত বিচাৰি যুৱকজনৰ গাঁৱৰ সহস্ৰাধিক মহিলাই উত্তপ্ত কৰি তুলিলে নলবাৰীৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয় ৷

কিন্তু দালালৰ হাতত যুৱকজন কিয় প্ৰহৃত হ'ব লগা হ'ল সেইয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷

চিচি টিভি কেমেৰাত আবদ্ধ হল সমগ্ৰ মাৰপিটৰ দৃশ্য

আৰু পঢ়ক: ৰাসৰ মাজতে পাঠশালাত টীম প্ৰতিঘাতৰ প্ৰচাৰ অভিযান

Intro:#নলবাৰীৰ জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ত গুণ্ডাৰাজ#Body:#MVI ৰ ৰূমতে দালালে প্ৰহাৰ কৰিলে লাইচেঞ্চ বনাবলৈ অহা যুৱকক#

খোদ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ গৃহ জিলাতে পৰিবহণ বিভাগত অথন্তৰ#

পুনৰ বিতৰ্কত নলবাৰী জিলা পৰিবহন বিভাগ । খোদ পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ গৃহ জিলাৰ পৰিবহণ বিভাগৰ কাৰ্য্যালয়তে সংঘটিত হৈছে এই ঘটনা৷এইবাৰ MVI ৰ ৰূমতে দালালে প্ৰহাৰ কৰিলে লাইচেঞ্চ বনাবলৈ অহা এজন যুৱকক ।উল্লেখযোগ্য যে বৃহস্পতিবাৰে দিনৰ ভাগত সংঘটিত হৈছিল এই ঘটনাটো । জিলাখনৰ নাপ্তিপাৰা গাওৰ ৰুবুল তালুকদাৰ নামৰ এই যুৱক জনক MVI ৰ ৰূমতে প্ৰহাৰ কৰাৰ ঘটনাক লৈ পৰিবহন বিভাগৰ কাৰ্যালয়ত শুকুৰবাৰে এক উওপ্ত পৰিস্হিতিৰ সূষ্টি হয়৷ ইতিমধ্যে মাৰ-পিটৰ সমগ্ৰ ঘটনা বন্দী হৈছে কাৰ্যালয়টোত থকা CCTV ৰ কেমেৰাত । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংকতজনক অৱস্হাত চিকিৎসাধীন হৈ থকা যুৱক জনক প্ৰহাৰ কৰা ঘটনাৰ উচিত তদন্ত বিচাৰি গাওখনৰ সহস্ৰাধিক মহিলাই পৰিস্হিতি উওপ্ত কৰি তোলে ।ইতিমধ্যে যুৱক জনক প্ৰহাৰ কৰাৰ ঘটনা সন্দৰ্ভত নলবাৰী সদৰ থানাত এক গোচৰ ৰুজু কৰিছে যদিও বৰ্তমানলৈ কোনোধৰণৰ তদন্ত প্ৰক্ৰিয়া আগনৱঢ়াৰ অভিযোগ আৰক্ষীৰ উচিত তদন্ততহে পোহৰলৈ অাহিব সমগ্ৰ ঘটনা ।পিছে প্ৰশ্ন হয় সততে নলবাৰী DTO কাৰ্যালয়লত দালালৰাজক লৈ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে দালালে MVI ৰ ৰূমত লাইচেঞ্চ বনাবলৈ অহা লোকক প্ৰাণে মৰাৰ চেষ্টা চলোৱা কাৰ্য্যই পুনৰ প্ৰমাণ কৰিলে গুণ্ডাৰাজৰ কথা৷Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.