নলবাৰী,31 জুলাই: ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বৰ তুলনাত কিছু উন্নত হৈছে ৷ বিপৰীতে অধিক শোচনীয় পৰিস্থিতিৰ দিশে গতি কৰিছে নলবাৰীৰ বান পৰিস্থিতি ৷ শুকুৰবাৰে নলবাৰীৰ ঘগ্ৰাপাৰৰ বুৰবুৰিত নোনা নৈৰ মথাউৰি ছিগি প্লাৱিত হয় বিস্তীৰ্ণ অঞ্চল ৷ আকস্মিকভাৱে অহা এই বানৰ ফলত বুৰ যায় প্ৰায় দহখনৰো অধিক গাঁও ৷ জিলাখনৰ ঘগ্ৰাপাৰৰ অন্তৰ্গত বিলপাৰ, নাৰিকুছি, বুৰবুৰি, নিজ খগটা, কঞাজানী, জাৱৰীহাতী, কুন্দৰগাঁও, বৰ জাৱৰীহাতী আৰু লাতিমাকে ধৰি বহুকেইখন গাঁও বানত বুৰ যোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷
প্ৰকৃততে অসমৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে পানী এৰি দিয়াৰ ফলতে নদীখনত অস্বাভাৱিকভাৱে বৃদ্ধি পায় জলস্তৰ ৷ যাৰ ফলত মথাউৰি ছিগি প্লাৱিত হয় বৃহৎ অঞ্চল ৷ বানৰ খবৰ পোৱা মাত্ৰকে বন্যাৰ্তৰ কাষত থিয় দিয়ে স্থানীয় বিধায়ক অশোক শৰ্মা ৷ শৰ্মাৰ সৈতে বানাক্ৰান্ত এলেকাত উপস্থিত হৈছে জলসম্পদ বিভাগৰ লোক ৷ লগতে বানাক্ৰান্তক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে স্বয়ং বিজেপিৰ বিধায়ক অশোক শৰ্মাই ৷ উল্লেখ্য যে,শুকুৰবাৰৰ দিনটোলৈকে ৰাজ্য়ৰ প্ৰায় 21 খন জিলা কবলত পৰিছে বানৰ ৷ বান পৰিস্থিতি পূৰ্বৰ তুলনাত কিছু উন্নত হ’লেও বিপদসীমাৰ ওপৰেৰে বৈ আছে মুখ্য নৈ ব্ৰহ্মপুত্ৰ ৷
লগতে চাওকঃ পকীৰ পৰিৱৰ্তে বাঁহেৰে ৰেলিং সাজি দায়িত্ব সামৰিছে গড়কাপ্তানী বিভাগে