ETV Bharat / state

স্বাধীনতা দিৱসত বোমা বিস্ফোৰণৰ পৰিকল্পনা: NIA ৰ জালত বন্দী জাহ্নু বৰুৱা - NIA ARRESTS ULFA I OPERATIVE

NIA ৰ দলে অসম আৰক্ষীৰ সক্ৰিয় সহযোগত সোমবাৰে পুৱা চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আলফা(স্বাঃ)ৰ সদস্য জাহ্নু বৰুৱা ওৰফে অৰ্ণৱ অসমক গ্ৰেপ্তাৰ কৰে ৷

NIA ARRESTS ULFA I OPERATIVE
NIA (Representative Image)
author img

By PTI

Published : Dec 17, 2024, 9:45 AM IST

নতুন দিল্লী: চলিত বৰ্ষৰ স্বাধীনতা দিৱস উদযাপনৰ সময়ত অসমৰ কেবাটাও স্থানত নিষিদ্ধ ঘোষিত আলফা স্বাধীনে বোমা সংস্থাপন কৰি এক আতংকৰ সৃষ্টি কৰিছিল ৷ অৱশ্যে 25 টা উল্লিখিত স্থানত কোনো বিস্ফোৰণ সংঘটিত নোহোৱাত ৰক্ষা পৰে সাধাৰণ ৰাইজ ৷ সেইদিনাই গুৱাহাটীত বোমা সংস্থাপন কৰাৰ অপৰাধত সোমবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা (স্বাঃ)ৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰে ।

NIA ৰ দলে অসম আৰক্ষীৰ সক্ৰিয় সহযোগত সোমবাৰে পুৱা চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আলফা(স্বাঃ)ৰ সদস্য জাহ্নু বৰুৱা ওৰফে অৰ্ণৱ অসমৰ ডিব্ৰুগড়ৰ ঘৰত তালাচী চলায় বুলি এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ পাইছে ।

তালাচীৰ সময়ত ডিজিটেল ডিভাইচকে ধৰি কেইবাটাও বিস্ফোৰণৰ তদন্তৰ অভিযোগনামাত দাখিল কৰা আপত্তিজনক সামগ্ৰী জব্দ কৰা হৈছে আৰু বৰ্তমান পৰীক্ষা চলি আছে বুলিও জানিবলৈ দিয়ে । জাহ্নু বৰুৱাক অধিক তদন্তৰ বাবে স্থানীয় আৰক্ষী থানালৈ মাতি অনা হয় ।

NIA ৰ বিবৃতি অনুসৰি, প্ৰাথমিক তদন্তৰ সময়ত অভিযুক্তজনে স্বাধীনাত দিৱস উদযাপনৰ সময়ত ৰাজ্যৰ আৰক্ষীয়ে উদ্ধাৰ কৰা ১১ টা ইম্প্ৰ’ভাইজড বিস্ফোৰক যন্ত্ৰ (IED)ৰ ভিতৰত চাৰিটা সংস্থাপন কৰাত জড়িত থকাৰ কথা স্বীকাৰ কৰে ।

সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন) চমুকৈ আলফা(স্বাঃ) ৰ কমাণ্ডাৰ ইন চীফ পৰেশ বৰুৱাই সামৰিক প্ৰতিবাদ আৰু স্বাধীনতা দিৱস বৰ্জনৰ আহ্বানৰ অংশ হিচাপে বোমা সংস্থাপনৰ নিৰ্দেশ দিছিল ৷ এটা ভিডিঅ’ত তেওঁ নিৰ্দেশনা অমান্য কৰা যিকোনো ব্যক্তিৰ বাবে পৰিণতি ভয়াৱহ হোৱাৰো সতৰ্কবাণী দিছিল । ফলস্বৰূপে যথাযথ পদ্ধতি অনুসৰণ কৰাৰ পিছত জাহ্নু বৰুৱাক গ্ৰেপ্তাৰ কৰা হয় বুলি NIA ৰ দলে জনায় ।

গুৱাহাটীৰ পাণবজাৰ, দিছপুৰ, গান্ধী মণ্ডপ আৰু সাতগাঁও এই চাৰিটা IED সংস্থাপন কৰা জাহ্নু বৰুৱা বিগত কেইবা সপ্তাহ ধৰি NIA ৰ চোৰাংচোৱাগিৰি আৰু নিৰীক্ষণৰ অধীনত আছিল ।

কাৰিকৰী আৰু মানৱ চোৰাংচোৱাৰ ভিত্তিত NIA ই চিনাক্ত কৰা কেইবাজনো সন্দেহযুক্ত লোকৰ ভিতৰত তেওঁ স্বাধীনতা দিৱসৰ দিনা অসমত বৃহৎ বিস্ফোৰণৰ সূচনা কৰিবলৈ সংস্থাপন কৰা IED সংগ্ৰহ আৰু সৰবৰাহৰ কামত জড়িত আছিল ৷ যোৱা 17 ছেপ্টেম্বৰত ৰাজ্যৰ আৰক্ষীৰ পৰা NIA ই গোচৰৰ তদন্তৰ দায়িত্ব লৈছিল আৰু IED সমূহ আইচেং অসম ওৰফে অভিজিত গগৈ আৰু আলফা (স্বা)ৰ অন্যান্য শীৰ্ষ নেতাৰ নিৰ্দেশত সংস্থাপন কৰা বুলি তদন্তত পোহৰলৈ আহিছিল ৷

লগতে পঢ়ক: বেংগালুৰুত আটক সন্দেহজনক আলফা(স্বা)ৰ সদস্য : ১৫ আগষ্টত বোমা সংস্থাপনৰ লগত জড়িত থকাৰ সন্দেহ - ULFA I bomb plant

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.