নলবাৰী, 27 মে‘: নলবাৰী জিলাত বুঢ়াদিয়া নৈৰ পানীয়ে বুধবাৰে পুৱাৰ পৰাই পুখৰা গাঁও সংযোগী মথাউৰি ছিঙাৰ ফলত পুখৰা-শ’লমাৰা, দাহুদি আাদিকে ধৰি 40 খনৰো অধিক গাঁও বানত বুৰাই পেলাইছে ৷ এই বানত কেইবা হেক্টৰ কৃষিভূমি বিনষ্ট হোৱা বুলি জানিব পৰা গৈছে ৷
নলবাৰীৰ বিভিন্ন অঞ্চল প্লাৱিত হোৱাৰ লগতে পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁৱৰ বাট-পথ, ঘৰ-দুৱাৰ, খেতিপথাৰ এতিয়া পানীৰ তলত ৷ উল্লেখ্য যে, অসমৰ এজন প্ৰভাৱশালী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সমষ্টিত তেওঁ আগতীয়াকৈ কোনো ব্যৱস্থা নকৰাত ক্ষোভ উজাৰিছে স্থানীয় বানপীড়িত ৰাইজে ৷
লগতে পঢ়ক: বৰপেটাত পথ দুৰ্ঘটনা, বাগৰি পৰিল চাউল কঢ়িয়াই নিয়া ট্ৰাক