নলবাৰী,31 ডিচেম্বৰ: নলবাৰীৰ নাট্য মন্দিৰত ফেশ্বন শ্ব' প্ৰতিযোগিতা। দীৰ্ঘদিন ধৰি কৰ'ণাকালৰ বাবে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ হৈ আছিল যদিও শেহতীয়া পৰিস্থিতি কিছু স্বাভাৱিক হোৱাত বুধবাৰে জীপাল হৈ উঠে নলবাৰী নাট্য মন্দিৰ ৷

উল্লেখযোগ্য যে, ড্ৰিম ফেশ্বনৰ উদ্যোগত অনুষ্ঠিত হৈছে এখন প্ৰতিযোগিতা ৷ অসমৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰীৰ প্ৰতিভাক দেখুওৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা এই ফেশ্বন প্ৰতিযোগিতা তিনিটা ৰাউণ্ডত অনুষ্ঠিত হয়।

এই ফেশ্বন প্ৰতিযোগিতাত অংশ লয় অসমৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৫০ তকৈ অধিক প্ৰতিযোগীয়ে । ইফালে ল'ৰা-ছোৱালী উভয়ৰে মাজত হোৱা এই অনুষ্ঠানত ৩ বছৰৰ পৰা ৩০ বছৰ বয়সৰ প্ৰতিযোগীয়ে অংশ লয় ৷ এই প্ৰতিযোগিতাখনত উপস্থিত থাকে অভিনেতা জেফি বস্কি ।
