নলবাৰী, 28 নৱেম্বৰ : ভেজাল হৃদয়ৰ সংগীৰ পৰা প্ৰেমত প্ৰতাৰণা লাভ কৰা প্ৰেমিক-প্ৰেমিকা আপুনি দেখিছে ৷ বজাৰৰ ভেজাল সামগ্ৰী খাই বেমাৰত পৰা মানুহো আপুনি দেখিছে ৷ ভেজাল সোণৰ অলংকাৰ বনাই দি গ্ৰাহকক ৰাম ঠগন দিয়া বেপাৰীও আপুনি দেখিছে ৷ ব্ৰেণ্ডেড ঘড়ীৰ পৰা আপুনি পিন্ধা জোতা জোৰলৈকে ভেজাল বস্তু ক্ৰয় কৰিব লগীয়া হোৱাৰ চিন্তা হয়তো আপুনি প্ৰায়েই কৰিছে ৷
মুঠৰ ওপৰত সকলোতে হয় ভেজাল ৷ এনে সময়তে, এইবাৰ সমুখলৈ আহিছে অসমতে থাকি ভেজাল প্ৰসাধন সামগ্ৰী নিৰ্মাণ কৰি চমক দিয়া এজন লোকৰ কথা(Fake Cosmetics product maker in Assam) ৷ এই সমগ্ৰ ঘটনাৰ কেন্দ্ৰবিন্দু নলবাৰীৰ নাৰায়ণপুৰৰ কহিনুৰ , কহিনুৰ হীৰাৰ দৰে উজ্জল নহ’লেও ভেজাল সামগ্ৰী নিৰ্মাণৰ বিদ্যাত প্ৰসিদ্ধ কহিনুৰ আলী ৷
খবৰ অনুসৰি দীৰ্ঘ সময় ধৰি নিজৰ গোহালি ঘৰতে অবৈধভাৱে কহিনুৰে প্ৰস্তুত কৰি আহিছিল ভেজাল বৰ’প্লাছ (Kahinoor Ali was indulged in producing fake cosmetics ) ৷ পিছে কামত নিপুন হ’লেও কপালখন হে বৰ এটা ভাল নাছিল কহিনুৰৰ ৷ শেহতীয়াকৈ, আৰক্ষীৰ এক অভিযানত ওলাই পৰিল কহিনুৰৰ শিল্প কৰ্মৰ নমুনা ৷
আৰক্ষীৰ দলটোৱে ধৃত কহিনুৰৰ পৰা নতুনকৈ তাৰিখ, মূল্য আদি প্ৰিন্ট কৰা মেচিন, ছিল মৰা মেচিন, জ্বলাই কৰা সঁজুলিৰ লগতে প্ৰস্তুত কাৰ্যত ব্যৱহাৰ কৰা বহু সা সামগ্ৰীও জব্দ কৰে(Nalbari police raid in fake cosmetics makers home) ।
উদ্ধাৰ কৰা সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় এক লাখ বিশ হাজাৰ টকা বুলি আৰক্ষীয়ে উল্লেখ কৰে । ধৃত কহিনুৰ আলীয়ে এই সামগ্ৰীসমূহ ক্ৰয় কৰি আনি নিজ গৃহতেই অবৈধ ভাবে বৰোপ্লাছ ৰিফিলিং কৰি সেই সমগ্ৰীসমূহ আকৌ বজাৰত বিক্ৰী কৰি আহিছিল বুলি জানিব পৰা গৈছে(Illegal refilling of Boroplus ) ৷ সম্প্ৰতি এই ঘটনাকলৈ আচৰিত হৈছে অঞ্চলবাসী ৰাইজ তথা সচেতন মহল ৷
লগতে পঢ়ক : Cattle mafia injured in police firing : কোকৰাঝাৰত গো মাফিয়ালৈ আৰক্ষীৰ গুলী