ETV Bharat / state

বানপীড়িতৰ কাষত ফেচবুক গ্ৰুপ "স্মাইল প্লিজ হাঁহিৰ ভঁৰাল "

বানপীড়িত ৰাইজলৈ সাহাৰ্য আগবঢ়াইছে "স্মাইল প্লিজ হাঁহিৰ ভঁৰাল "নামৰ ফেচবুক গ্ৰুপৰ সদস্যই

বানপীড়িতৰ কাষত ফেচবুক গ্ৰুপ
author img

By

Published : Aug 5, 2019, 9:03 AM IST

নলবাৰী, 5 আগষ্টঃ অসমৰ বান দুৰ্দশা দেখি বহুজন আগবাঢ়ি আহিছে বানপীড়িতক সহায়ৰ বাবে ৷ বানপীড়িত ৰাইজক সহায় কৰিছে বিভিন্ন দল সংগঠনে ৷ জনপ্ৰিয় চ'ছিয়েল মাধ্যম ফেচবুকৰ গ্ৰুপসমূহেও এই ক্ষেত্ৰত গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ ৷ সোমবাৰে বানপীড়িতক সহায়ৰ বাবে আগবাঢ়ি আহিল "স্মাইল প্লিজ হাঁহিৰ ভঁৰাল " নামৰ এটা ফেচবুক গ্ৰুপ ৷ বানে জুৰুলা কৰা নলবাৰীত ফেচবুক গ্ৰুপটোৱে প্ৰদান কৰিলে বান সাহাৰ্য ৷ গলবিলত পাগলদিয়া নৈয়ে সংহাৰী ৰূপ চলোৱাৰ পিছত বিধস্ত হৈ পৰিছিল অঞ্চলটো । সোমবাৰে গলবিল গাঁৱত ফেচবুক গ্ৰুপটোৱে বান সাহাৰ্য প্ৰদান কৰে ৷

বানপীড়িতৰ কাষত ফেচবুক গ্ৰুপ
উল্লেখযোগ্য যে ,গাওঁখনৰ প্ৰায় 90 টা পৰিয়ালক চাউল,দাইল,চেনিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰে । ফেচবুকত প্ৰায় 6000 সদস্য-সদস্যা থকা গ্ৰুপটোৰ এই পদক্ষেপে অঞ্চলটোৰ ৰাইজলৈ কিছু হ'লেও সকাহ দিব । সম্প্ৰতি ফেচবুক গ্ৰুপৰ এনে ধনাত্মক পদক্ষেপক শলাগ লৈছে সকলোৱে ৷

Intro:ফেচবুক গ্ৰুপৰ প্ৰশংসনীয় পদক্ষেপ।

আৰ্তজনৰ কাষত ফেচবুক গ্ৰুপ ।

বানপিড়িত ৰাইজলৈ সাহাৰ্য্য।

Body:যিটো সময়ত ফেচবুকত বিভিন্ন ধৰণৰ অনৈতিক কাৰ্য্য চলি আহিছে তেনে সময়ত ফেচবুক গ্ৰুপৰ প্ৰশংসনীয় পদক্ষেপ।জনপ্ৰিয় চচিয়েল মাধ্যম ফেচবুকত জন্ম হোৱা এটা গ্ৰুপৰ নলবাৰীৰ বান বিধস্ত অঞ্চলত সাহাৰ্য্য প্ৰদান।

বানে জুৰুলা কৰা নলবাৰীত ফেচবুক গ্ৰুপৰ বান সাহাৰ্য্য। গলবিলত পাগলদিয়া নৈয়ে সংহাৰী ৰূপ চলোৱাৰ পিছত বিধস্ত হৈ পৰিছিল অঞ্চলটো ।আজি গলবিল গাওঁত ফেচবুক গ্ৰুপ Smile Please হাহিৰ ভৰাল নামৰ গ্ৰুপটোৱে বানে বিধস্ত কৰা অঞ্চলটোত সাহায্য প্ৰদান কৰে ।উল্লেখযোগ্য যে গাওঁখনৰ প্ৰায় ৯০ টা পৰিয়ালক চাউল,ডাইল,চেণীকে ধৰি অত্যাবশ্যকীয় সামগ্ৰী যোগান ধৰে।ইফালে ফেচবুক ত প্ৰায় ৬০০০ সদস্য সদস্যা থকা গ্ৰুপটোৱে এই পদক্ষেপে অঞলটোৰ ৰাইজলৈ কিছু হলেও সকাহ দিৱ।ফেচবুক গ্ৰুপ Smile please হাহিৰ ভৰালৰ পদক্ষেপক সকলোৱেই শলাগ লৈছে।আনহাতে বাঢ়নী পানীৰ ফলত অঞলটোৰ কৃষিভূমি ৰ লগতে কেইবাটাও ঘৰ বিধস্ত কৰি পেলাইছিল পাগলদিয়াৰ বাঢ়নী পানীয়ে।

Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.