ETV Bharat / state

চিকিৎসকক সম্বৰ্ধনা নলবাৰী ৰেডক্ৰছ চ'ছাইটিৰ

author img

By

Published : Jul 1, 2021, 7:41 PM IST

নলবাৰী ৰেডক্ৰছ চ'ছাইটিৰ (Red Cross Society) উদ্যোগত চিকিৎসক দিৱস উপলক্ষে জিলাখনৰ কেইবাগৰাকীও চিকিৎসকক সম্বৰ্ধনা জনোৱা হয় ।

Red Cross Society
কেইবাগৰাকী চিকিৎসকক সম্বৰ্ধনা নলবাৰী ৰেডক্ৰ'চ চ'ছাইটিৰ

নলবাৰী, ১ জুলাই : সমগ্ৰ দেশতে ১ জুলাইৰ দিনটো চিকিৎসক দিৱস (Doctor's day) হিচাপে পালন কৰা হয় । সেই অনুসৰি অসমৰো বিভিন্ন জিলাত পালন কৰা হৈছে এই দিৱস । নলবাৰী ৰেডক্ৰছ চ'ছাইটিৰ (Red Cross Society) উদ্যোগত চিকিৎসক দিৱস উপলক্ষে ডাক্তৰসকলক শুভেচ্ছা জ্ঞাপন কৰা হয় । বিশিষ্ট চিকিৎসক বিধান চন্দ্ৰ ৰায়ৰ স্মৃতি দিৱস উপলক্ষে ভাৰতবৰ্ষত উদযাপন কৰি অহা "চিকিৎসক দিৱস"ৰ লগত সংগতি ৰাখি ভাৰতীয় ৰেডক্ৰছ চ'ছাইটিৰ জিলা শাখাৰ উদ্যোগত চিকিৎসকসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

নলবাৰী জিলা ৰেডক্ৰছ চ'ছাইটিৰ সম্পাদক পংকজ বৰ্মনৰ নেতৃত্বত এটি দলে প্ৰথমতে নলবাৰী জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ উমেশ ফাংচুক ৰেডক্ৰছৰ তৰফৰ পৰা এখনি শুভেচ্ছা পত্ৰ প্ৰদান কৰে । নলবাৰী ৰেডক্ৰছ চ'ছাইটিৰ সম্পাদক পংকজ বৰ্মন, কাৰ্যনিৰ্বাহক সদস্য সুনীল শৰ্মা, জুনিয়ৰ ৰেডক্ৰছৰ (Junior red cross) আহ্বায়ক দিগন্ত লোচন শৰ্মা, ৰেডক্ৰছ স্বাস্থ্য সেৱা গোটৰ আহ্বায়ক দিলজিৎ বৰ্মনে নলবাৰী জিলাৰ স্বাস্থ্য বিষয়া ডাঃ কৈলাশ ডেকা, শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ(Swahid Mukunda Kakati Civil Hospital) অধীক্ষক ডাঃ ধনঞ্জয় কলিতা, ডাঃ ৰঞ্জন ভট্টাচাৰ্য, ডাঃ গুণজিৎ কলিতা, ফুলেশ্বৰী নাৰ্চিংহোমৰ ডাঃ স্বৰ্ণলতা তালুকদাৰ, ডাঃ মৃগাংক তালুকদাৰ, ডাঃ দীপাংকৰ তালুকদাৰ আৰু ডাঃ সৌৰভ তালুকদাৰক সম্বৰ্ধনা জনায় । লগতে ইউনাইটেড নাৰ্চিংহোমৰ(United Nursing Home) শিশুৰোগ বিশেষজ্ঞ ডাঃ প্ৰণৱ কুমাৰ শৰ্মা, মেডিনোভা নাৰ্চিংহোমৰ (Medinova nursing Home) ডাঃ প্ৰাঞ্জল তামুলী, ডাঃ উমেশ চক্ৰৱৰ্তী, ডাঃ কামেশ্বৰ লহকৰ, ডাঃ বলেন্দ্ৰ নাৰায়ণ ডেকা, চকু বিশেষজ্ঞ ডাঃ অৰুণ বৰ্মন, ডাঃ জয়ন্ত শৰ্মা, ডাঃ মনোজ বৰ্মনক একোখনকৈ শুভেচ্ছা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।

জিলা ৰেডক্ৰছ চ'ছাইটিৰ সম্পাদক পংকজ বৰ্মনে নলবাৰীৰ সকলো চিকিৎসকক সংবাদ মাধ্যমৰ জৰিয়তে চিকিৎসক দিৱসৰ আন্তৰিক শুভেচ্ছা জনায় । এই সংকটময় সময়ত জনসাধাৰণক সেৱা আগবঢ়োৱাৰ বাবে ধন্যবাদ জনায় । অনাগত দিনত চিকিৎসকসকলে নিজে স্বাস্থ্যবান হৈ থাকি যাতে সমাজক সুৰক্ষিত কৰি ৰাখে, তাৰ প্ৰতি আন্তৰিকতাৰে আহ্বান জনায় ৷

লগতে পঢ়ক: তেজপুৰ মিছন চাৰিআলিৰ উৰণীয়া সেঁতুৰ কাম আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.