ETV Bharat / state

সকলো চৰকাৰী কৰ্মচাৰীক ক'ভিড প্ৰতিষেধক প্ৰদানৰ দাবী কৰ্মচাৰী পৰিষদৰ

author img

By

Published : Jun 26, 2021, 1:05 PM IST

চৰকাৰে প্ৰতিষেধক প্ৰদানত গুৰুত্ব দিছে যদিও বহু ঠাইত প্ৰতিষেধকৰ নাটনিৰ বাবে প্ৰতিষেধক গ্ৰহণত অসুবিধাত পৰিছে ৰাইজ । ইফালে দৰমহা কৰ্তনৰ নিৰ্দেশ আনফালে প্ৰতিষেধকৰ নাটনি, এতিয়া সমস্যাত পৰিছে চৰকাৰী কৰ্মচাৰীসকল । নলবাৰী জিলা কৰ্মচাৰী পৰিষদে নলবাৰী জিলা উপায়ুক্ত গীতিমনি ফুকনক জিলাখনৰ সকলো চৰকাৰী কৰ্মচাৰীকে টীকাকৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

as_nlb_01_district_employees_association_memorandam_to_nalbari_dc_img_AS10004
সকলো চৰকাৰী কৰ্মচাৰীক ক'ভিড প্ৰতিষেধক প্ৰদানৰ দাবী কৰ্মচাৰী পৰিষদৰ

নলবাৰী, ২৬ জুন : দেশত কৰ'ণাৰ দ্বিতীয় ঢৌৱে (Second wave) একপ্ৰকাৰ অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰিছে । তেনে সময়তে কেন্দ্ৰীয় চৰকাৰে প্ৰতিষেধক (Vaccine) প্ৰদানৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছে । অসম চৰকাৰেও প্ৰতিদিনে ৩ লাখ লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য আগত ৰাখিছে । যাৰ বাবে ৰাজ্যত দ্ৰুতগতিত চলিছে প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী । প্ৰতিখন জিলাতে এই কাৰ্যসূচী হাতত লোৱা হৈছে ।

ইফালে ৰাজ্য চৰকাৰেও এইক্ষেত্ৰত যথেষ্ট কঠোৰ হোৱা দেখা গৈছে । ৰাজ্য চৰকাৰে প্ৰকাশ কৰা নতুন নিৰ্দেশনা অনুসৰি ১৮ বছৰ উৰ্ধৰ সকলো লোককে প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিছে । বিশেষকৈ চৰকাৰী কৰ্মচাৰী সকলক প্ৰতিষেধক গ্ৰহণৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে । যদি কোনো কৰ্মচাৰীয়ে প্ৰতিষেধক গ্ৰহণ নকৰে তেনে কৰ্মচাৰীৰ ক্ষেত্ৰত দৰমহা কৰ্তনৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈও বিভাগীয় মুৰব্বীক নিৰ্দেশ দিছে ।

শেহতীয়াকৈ যদিও চৰকাৰে প্ৰতিষেধক প্ৰদানত গুৰুত্ব দিছে বহু ঠাইত প্ৰতিষেধকৰ নাটনিৰ বাবে অসুবিধাত পৰিছে ৰাইজ । আনকি স্বাস্থ্যকেন্দ্ৰ অথবা প্ৰতিষেধক শিবিৰত প্ৰতিষেধকৰ যোগান কম বাবে বিমুখ হ'বলগীয়া হৈছে বহু লোক । ইফালে দৰমহা কৰ্তনৰ নিৰ্দেশ আনফালে প্ৰতিষেধকৰ নাটনি সমস্যাত পৰিছে চৰকাৰী কৰ্মচাৰীসকল

সেয়ে শনিবাৰে নলবাৰী জিলা কৰ্মচাৰী পৰিষদে নলবাৰী জিলা উপায়ুক্ত গীতিমনি ফুকনক জিলাখনৰ সকলো চৰকাৰী কৰ্মচাৰীকে টীকাকৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । কৰ্মচাৰী পৰিষদে এই দাবী উল্লেখ কৰি এক স্মাৰক পত্ৰও প্ৰদান কৰে । নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি বিকাশ ভট্টাচাৰ্য্য আৰু সাধাৰণ সম্পাদক পংকজ বৰ্মনৰ নেতৃত্বত জিলা কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা উদয় বৰ্মন, সহকাৰী সম্পাদক দীনবন্ধু ডেকা, সাংগঠনিক সম্পাদক খগেন্দ্ৰ নাথ শৰ্মাই জিলা উপায়ুক্তক সাক্ষাৎ কৰি এই দিশত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় ।

যিহেতু কৰ্মচাৰী সকলে প্ৰত্যক্ষভাৱে ৰাইজৰ লগত সংস্পৰ্শত থাকে । সেয়ে জিলাখনৰ কৰ্মচাৰীসকলে ক'ভিড (Covid) সংক্ৰমণৰ বাহক নোহোৱাৰ বাবে তথা অনাগত দিনত ৰাইজক উপযুক্ত সেৱা আগবঢ়োৱাৰ স্বাৰ্থত অতিশীঘ্ৰে কাৰ্য ব্যৱস্থা লোৱাৰ উদ্দেশ্যে আহ্বান জনোৱা হয় । নলবাৰী জিলাৰ উপায়ুক্ত গৰাকীয়ে নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ আহ্বানৰ প্ৰতি যোগাত্মক সঁহাৰি প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে ।

লগতে পঢ়ক:ডিফুৰ ক'ভিড ৱাৰ্ডৰ পৰা পলায়ন আচামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.