নলবাৰী , ১১ ফেব্ৰুৱাৰী: নলবাৰী জিলাৰ কালদিস্থিত দেৱ দামোদৰ সংঘত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ অসম দেৱদামোদৰ সংঘৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিৱেশনখনি । আজি অৰ্থাৎ শনিবাৰে পতাকা উত্তোলন কৰাৰ পিছতেই গুৰুচৰিত আৰু ভাগৱত শোভাযাত্ৰা উলিওৱা হয় । আনহাতে, নাম-প্ৰসংগৰ পিছতে সদৌ অসম দেৱদামোদৰ সংঘ অধিৱেশনৰ পতাকা উত্তোলন কৰে সংঘৰ ৰাজ্যিক সভাপতি হৰেন্দ্ৰ কুমাৰ নাথে (Conference of All Assam Devdamodar Sangha) ।
বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তনক মহাপুৰুষ শ্ৰীশ্ৰী দেৱদামোদৰ দেৱৰ ধৰ্মীয় দৰ্শন আৰু আদৰ্শ প্ৰসাৰৰ উদ্দেশ্যেৰে গঠন হৈছিল দেৱদামোদৰ সংঘ । দেৱদামোদৰ সংঘৰ ষষ্ঠদশ দ্বি বাৰ্ষিক অধিবেশনখনি নলবাৰীৰ কালদিস্থিত বৰক্ষেত্ৰী দেৱদামোদৰ সত্ৰত অনুষ্ঠিত হোৱাত সমগ্ৰ অঞ্চলটোত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে । ইফালে শোভাযাত্ৰাত ভাগ লোৱা অসংখ্য ভক্তৰ সমাগমে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হয় ।
শোভাযাত্ৰাত গুৰুচৰিত বহনকাৰী হিচাপে থাকে চনেক তালুকদাৰ আৰু ভূপেন বৰ্মন । আনহাতে, ভাগৱত বহনকাৰী হিচাপে থাকে ধৰণী বৰ্মন । শোভাযাত্ৰাৰ এই কাৰ্যসূচীৰ অন্তত বৃক্ষৰোপনৰ আন এক কাৰ্যসূচীত ভাগ লয় বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামী, নলবাৰী জিলা দেৱদামোদৰ সংঘৰ সভাপতি জিতেন ডেকাৰ লগতে দেৱ দামোদৰ সংঘৰ শাখাৰ বিসয়ববীয়াসকলে (Devdamodar sangha in Nalbari)।
লগতে পুৱাৰ কাৰ্যসূচী অনুসৰি অধিৱেশনস্থলীত স্থাপন কৰা অস্থায়ী বিপনীৰো উন্মোচন কৰা হয় । এই কাৰ্যসূচীত উন্মোচক হিচাপে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰীৰ জিলা সভাপতি ডাঃ মৃগাংক তালুকদাৰ । একেদৰে বিয়লি সনাতন সংস্কৃতি আৰু উত্তৰ-পূৱ ভাৰতত বিষ্ণু ভক্তি পৰম্পৰাক বিষয় হিচাপে লৈ অনুষ্ঠিত হয় এখন ধৰ্মালোচনী সভা । এই সভাত নলবাৰী সংস্কৃত কলেজৰ অধ্যক্ষ দিব্যজ্যোতি বৰপূজাৰী সঞ্চালক হিচাপে উপস্থিত থাকি শ্ৰীশ্ৰী দেৱদামোদৰ দেৱৰ ধৰ্মীয় দৰ্শন সম্পৰ্কে ব্য়াখ্য়া আগবঢ়ায় (Nalbari Devdamodar sangha) ।
আয়োজক সমিতিয়ে জানিবলৈ দিয়া অনুসৰি, দেৱদামোদ সংঘৰ অধিৱেশনৰ দ্বিতীয় দিনাৰ মুকলি অধিবেশনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী, বিধায়ককে আদি কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব । তদুপৰি সন্ধিয়ালৈ অনুষ্ঠিত হ’ব লগা সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীত কন্ঠশিল্পী তৰালী শৰ্মাই গীত পৰিবেশন কৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে ।
উল্লেখ্য যে, দ্বিতীয় দিনা পৰিৱেশ শুদ্ধিকৰণেৰে প্ৰাতঃপ্ৰসংগ আৰু ভাগৱত পাঠৰ পিছতে বিষয় বাচনি সভা, আয়তী সকলৰ দেৱদামোদৰীয়া নাম প্ৰসংগ কাৰ্যসূচী অনুষ্ঠিত হ’ব । ইপিনে, মুকলি সভাত আদৰণি ভাষণ ৰাখিব আদৰণি সমিতিৰ সভাপতি অধ্যক্ষ নাৰায়ণ ডেকাই ।
লগতে পঢ়ক:Protest in Nalbari: চিকিৎসালয় স্থানান্তৰকৰণক লৈ নলবাৰীত উত্তপ্ত পৰিস্থিতি; প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ