নলবাৰী ,১৩ ফেব্ৰুৱাৰী: বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তনক মহাপুৰুষ শ্ৰীশ্ৰী দেৱদামোদৰ দেৱৰ ধৰ্মীয় দৰ্শন, আদৰ্শ প্ৰসাৰৰ উদ্দেশ্য গঠিত দেৱদামোদৰ সংঘৰ ষষ্ঠদশ দ্বি বাৰ্ষিক অধিবেশনখনৰ দেওবাৰে সামৰণি পৰে (Conference of All Assam Devdamodar Sangha)। নলবাৰী জিলাৰ কালদিস্থিত বৰক্ষেত্ৰী দেৱদামোদৰ সত্ৰত শণিবাৰৰ পৰা আৰম্ভ হোৱা সদৌ অসম দেৱদামোদৰ সংঘৰ ষষ্ঠদশ দ্বি বাৰ্ষিক অধিবেশনৰ কালি সামৰণি পৰে । দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অধিবেশনৰ প্ৰথম দিনাই সদৌ অসম দেৱদামোদৰ সংঘৰ সভাপতি হৰেন্দ্ৰ নাথ ডেকাই দেৱদামোদৰ সংঘৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । ইয়াৰ পিছতে সত্ৰ চৌহদত দেৱদামোদৰ সংঘৰ শাখা সভাপতি সমূহৰ দ্বাৰা গছ পুলি ৰোপন কৰা হয় ।
সদৌ অসম দেৱদামোদৰ সংঘৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক বৰক্ষেত্ৰী অধিৱেশনৰ দ্বিতীয় তথা অন্তিম দিনাৰ কাৰ্যসূচী অধিৱেশনস্থলীত অসংখ্য ভক্তৰ সমাগমেৰে সম্পন্ন হয় (Devdamodar Sangha Conference in Nalbari)। দ্বিতীয় দিনা পৰিৱেশ শুদ্ধিকৰণ, প্ৰাতঃ প্ৰসংগ আৰু ভাগৱত পাঠ, বিষয় বাচনি সভা, আয়তী সকলৰ দামোদৰী নাম প্ৰসংগ কাৰ্যসূচীৰ অন্তত অনুষ্ঠিত হয় মুকলি অধিৱেশন আৰু স্মৃতিগ্ৰন্থ উন্মোচন ।
সদৌ অসম দেৱদামোদৰ সংঘৰ সভাপতি হৰেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি অধিবেশনখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । লগতে উপস্থিত থাকে অধিৱেশনখনৰ আদৰণি সমিতিৰ সভাপতি তথা জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকা, কলাক্ষেত্ৰৰ সচিব সুদৰ্শন পাঠককে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি । এই মুকলি অধিৱেশনতে স্মৃতিগ্ৰন্থ "দামোদৰ দৰ্শন" উন্মোচন কৰা হয় । এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।
উল্লেখযোগ্য যে অন্তিম দিনাৰ মুকলি সভাত মুখ্য অতিথি ৰূপে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ কথা আছিল যদিও দেওবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই প্ৰচাৰ সভালৈ যোৱাত অধিৱেশনখনত উপস্থিত থাকিব নোৱাৰিলে । মুকলি সভাত গ্ৰন্থ উন্মোচনৰ পিছতেই উন্মোচকৰ লগতে নিৰ্দিষ্ট বক্তা, সভাপতিৰ ভাষণ আদিৰে সম্পন্ন হয় অধিৱেশনৰ মূল কাৰ্যসূচী । আনহাতে, উক্ত কাৰ্যসূচীৰ অন্তত নিশাৰ ভাগত সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কন্ঠশিল্পী তৰালী শৰ্মাই সংগীতানুষ্ঠান পৰিৱেশন কৰে ।
এই অধিবেশনৰ সৈতে সংগতি ৰাখি আয়োজিত বিপনী উন্মোচন কৰে নলবাৰী জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰে । একেদৰে সনাতন সংস্কৃতি আৰু উত্তৰ-পূৱ ভাৰতত বিষ্ণু ভক্তি পৰম্পৰাক বিষয় হিচাপে লৈ অনুষ্ঠিত ধৰ্মালোচনী সভাত সঞ্চালক হিচাপে অংশগ্ৰহণ কৰে নলবাৰী সংস্কৃত কলেজৰ অধ্যক্ষ দিব্যজ্যোতি বৰপূজাৰীয়ে (Nalbari Devdamodar sangha)।
লগতে পঢ়ক:Sankardev Sangha Conference: শংকৰদেৱ সংঘৰ জোনাই অধিৱেশনৰ সফল সামৰণি