ETV Bharat / state

চমু পথেৰে সফল হোৱাৰ আশা পৰিত্যাগ কৰক ছাত্ৰ-ছাত্ৰীয়ে: সৰ্বানন্দ সোণোৱাল

বৰভাগ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানৰ সতীৰ্থ সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে শনিবাৰে দুপৰীয়া প্ৰায় দুই বজাত নলবাৰীত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷ নিজৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,অসমে আজি বহু পৰিৱৰ্তনৰ মুখ দেখিছে ৷ অসমত উৎপাদিত সামগ্ৰী হংকং,চীন আৰু লণ্ডনত বিক্ৰী হৈছে ৷ এইয়া পৰিৱৰ্তনৰে এটা অংশ ৷

author img

By

Published : Sep 14, 2019, 7:51 PM IST

CM SONOWAL VISITED BORVAG COLLEGE

নলবাৰী, চেপ্টেম্বৰ 14 : শনিবাৰে নলবাৰীত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বৰভাগ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানৰ সতীৰ্থ সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে দুপৰীয়া প্ৰায় দুই বজাত নলবাৰীত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷ নিজৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,অসমে আজি বহু পৰিৱৰ্তনৰ মুখ দেখিছে ৷ অসমত উৎপাদিত সামগ্ৰী হংকং,চীন আৰু লণ্ডনত বিক্ৰী হৈছে ৷ এইয়া পৰিৱৰ্তনৰে এটা অংশ ৷ হিমা দাস,ৰীমা দাস বিশ্ব পৰ্যায়ত জিলিকি উঠাও পৰিৱৰ্তনৰে স্বৰূপ বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

চমু পথেৰে সফল হোৱাৰ আশা পৰিত্যাগ কৰক ছাত্ৰ-ছাত্ৰীয়ে

ইয়াৰ লগতে ভাষণৰ মাজত প্ৰধান মন্ত্ৰী মোডীক প্ৰশংসা কৰিবলৈ নাপাহৰিলে সৰ্বানন্দ সোণোৱালে ৷ তেখেতে কয় যে, নৰেন্দ্ৰ মোডী বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ৰাজনীতিক ৷ দুৰ্নীতিৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি তেখেতে কয় যে, দুৰ্নীতি মুক্ত, প্ৰদূষণ মুক্ত আৰু সন্ত্ৰাস মুক্ত অসম গঢ়াৰ লক্ষ্যৰে চৰকাৰে কাম কৰি আহিছে ৷ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি চমু পথেৰে সফল হোৱাৰ আশা পৰিত্যাগ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী সোণোৱালে ৷

আনহাতে,মানৱজাতিৰ বাবে অভিশাপ স্বৰূপ প্লাষ্টিক পৰিত্যাগ কৰিবলৈও সকলোকে আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ লগতে মুখ্যমন্ত্ৰী সোণোৱালে স্বাধীনতা আন্দোলনৰ শ্বহীদ মুকুন্দ কাকতি আৰু পণ্ডিত ধীৰেশ্বৰ আচাৰ্যৰ সোঁৱৰণত চৰকাৰীভাৱে বিশেষ আঁচনি লোৱাৰ কথাও ঘোষণা কৰে ৷ উল্লেখ্য যে,শনিবাৰে নিশা সোণালী জয়ন্তী অনুষ্ঠানত সমৰ হাজৰিকা দেৱে সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰাৰ লগতে গীত পৰিৱেশন কৰিব গীতালি কাকতিয়ে ৷ আনহাতে,দেওবাৰে অনুষ্ঠিত হ'ব লগীয়া মুকলি সভাত অংশ ল'ব আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ৷ নিশালৈ নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গৰ সংগীতানুষ্ঠানেৰে অন্ত পৰিব সোণালী জয়ন্তী অনুষ্ঠানৰ ৷

Intro:নলবাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।Body:নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সতীৰ্থ সন্মিলনত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । আজি দুপৰীয়া দুই বজাত বৰভাগ মহাবিদ্যালয়ত উপস্থিত হৈ উদাক্ত ভাষণ প্ৰদান কৰি কয় যে অসম আজি বহু পৰিৱৰ্তন হৈছে । অসমৰ উৎপাদিত সামগ্ৰী হংকং, চীন আৰু লণ্ডনত বিক্ৰী হৈছে , এইয়াই পৰিৱৰ্তন । হীমা দাস, ৰীমা দাস বিশ্বত পৰিচিত হৈছে এইয়াই পৰিৱৰ্তন । ইপিনে এই সভাতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক বিশ্বৰ শ্ৰেষ্ঠ জনপ্ৰিয় ৰাজনীতিক বুলিও সদম্ভে ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । দুৰ্নীতিৰ বিৰুদ্ধে ধাৰাবাহিক ভাৱে পদক্ষেপ গ্ৰহণ কৰা বুলি কোৱাৰ লগতে দুৰ্নীতি মুক্ত, প্ৰদূষণ মুক্ত আৰু সন্ত্ৰাস মুক্ত অসম গঢ়াৰ লক্ষ্যৰে এই চৰকাৰে কাম কৰা বুলিও ব্যক্ত কৰে । চমু পথেৰে সফল হোৱা চিন্তা পৰিহাৰ কৰিবলৈ ছাত্ৰ ছাত্ৰীক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহ্বান জনায় । আনহাতে মানৱ জাতিৰ বাবে অভিশাপ স্বৰূপ প্লাষ্টিক পৰিত্যাগ কৰিবলৈও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহ্বান জনাইছে । একেদৰে শ্বহীদ মুকুন্দ কাকতি আৰু পণ্ডিত ধীৰেশ্বৰ আচাৰ্যৰ সোঁৱৰণত চৰকাৰী ভাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হব বুলিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰে । উল্লেখযোগ্য যে আজি পুৱা সতীৰ্থ সন্মিলন অনুস্থিত হোৱাৰ লগতে সন্ধিয়া সমৰ হাজৰিকা আৰু গীতালি কাকতিৰ সংগীত আনুস্থানৰ সামৰণি হব । কাইলৈ পুৱা অনুস্থিত হব লগা মুকলি সভাত অংশ লব সমুজ্জল ভট্ৰাচাৰ্য্যৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে আৰু নিশা সংগীত পৰিবেশন কৰিব যুব প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গে ।

Conclusion:কৈলাস ডেকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.