বাক্সা, ১৯ অক্টোবৰ : সমগ্ৰ দেশৰ লগতে অসমৰো প্ৰতিটো প্ৰান্তত শাৰদীয় দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি চলিছে । পূজা কমিটীবোৰেও ভক্তসকলক আদৰিবলৈ সাজু হৈছে । নলবাৰী জিলাৰ ধমধমাৰ ঐতিহ্যমণ্ডিত দুৰ্গা পূজাৰো শতবাৰ্ষিকী মহোৎসৱ এইবাৰ ৭ দিনীয়াকৈ আয়োজন কৰা হৈছে । বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ধমধমা আঞ্চলিক দুৰ্গা পূজা শতবাৰ্ষিকী মহোৎসৱৰ শুভাৰম্ভ কৰে ।
অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্গা মন্দিৰৰ উন্নয়নৰ বাবে ৩০ লাখ টকা প্ৰদান কৰাৰ কথাও ঘোষণা কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱাই আয়োজিত সাংস্কৃতিক শোভাযাত্ৰাৰো শুভাৰম্ভ কৰে । দুৰ্গা পূজা উদযাপন কমিটীয়ে জানিবলৈ দিয়া মতে নিশা নাগাৰা নাম পৰিৱেশ কৰিব উৰ্বশী ৰাজবংশী আৰু বৰষাৰাণী দাসে ৷ ২০ অক্টোবৰৰ পুৱা আমন্ত্ৰিত বিশিষ্ট অতিথিসকলে গছপুলি ৰোপণ কৰিব ।
আনহাতে সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰিব সাংসদ দিলীপ কুমাৰ শইকীয়াই ৷ বিয়লি মন্দিৰৰ দ্বাৰ মুকলি কৰিব কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ সমান্তৰালকৈ দুৰ্গা পূজাত প্ৰতিদিনে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব । বিভিন্ন ক্ষেত্ৰৰ লোকসকলক সম্বৰ্ধনাও জনাব পূজা কমিটীয়ে । দিহানাম প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে । আয়োজক কমিটীয়ে জনোৱা মতে প্ৰতিদিনে সাংস্কৃতিক সন্ধিয়া স্থানীয় আৰু আমন্ত্ৰিত শিল্পীসকলে বিভিন্ন কাৰ্যসূচী পৰিৱেশন কৰিব । আয়োজকে জনোৱা মতে দশমীৰ নিশা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে গীত পৰিৱেশন কৰিব ।
উল্লেখ্য যে এইবছৰ ধমধমা পূজাই ১০৪ বছৰত ভৰি দিছে । কিন্তু ক'ভিড পৰিৱেশৰ বাবে শতবাৰ্ষিকী অনুষ্ঠান বাতিল কৰা হৈছিল আৰু এইবছৰ কমিটীয়ে শতবাৰ্ষিকী উদযাপন কৰিছে । এই কাৰ্যসূচীত ভক্তসকলৰ সহযোগিতাৰো কামনা কৰিছে পূজা কমিটীয়ে ।
লগতে পঢ়ক :Himanta Biswa Sarma in Nalbari : নলবাৰীৰ বিহামপুৰ বাৰোৱাৰী দুৰ্গা পূজাত বন্তি প্ৰজ্বলন মুখ্যমন্ত্ৰীৰ