নলবাৰী, ২ ফেব্ৰুৱাৰী : পাঠদান আগবঢ়াবলৈ সাজু হৈছে নলবাৰী চিকিৎসা মহাবিদ্যালয় । চলিত বছৰৰ অক্টোবৰ মাহৰ পৰা পাঠদান আৰম্ভ হ’ব নলবাৰী চিকিৎসা মহাবিদ্যালয়ত (Nalbari medical college start on october 2023) । এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Nalbari medical college and hospital) । উল্লেখ্য, বৃহস্পতিবাৰে নলবাৰীৰ দক্ষিণগাঁৱৰ নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয় হাস্পতালখন পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM visited Nalbari medical college) ।
নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰতিটো বিভাগৰে নিৰ্মাণকাৰ্যৰ তদাৰক কৰে (Himanta Biswa Sarma visited Nalbari medical college) । মুখ্যমন্ত্ৰীগৰাকীয়ে নলবাৰীত নিৰ্মাণৰত চিকিৎসালয় মহাবিদ্যালয়খন পৰিদৰ্শন কৰাৰ সময়ত তেওঁৰ সৈতে উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তও । আনহাতে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মেডিকেল কলেজখন পৰিদৰ্শন কৰি মন্তব্য কৰে অহা অক্টোবৰ মাহৰ ভিতৰত অসমৰ তিনিখন মেডিকেল কলেজ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব ৷
উল্লেখ্য যে নলবাৰী মেডিকেল কলেজত বুধবাৰৰ পৰা আৰম্ভ হৈছে বহিঃবিভাগৰ চিকিৎসা সেৱা । পৰ্যায়ক্ৰমে মুকলি হৈ থাকিব আন আন বিভাগসমূহ । আনহাতে, চলিত বছৰৰ অক্টোবৰ মাহৰ পৰা মেডিকেল কলেজখনত আৰম্ভ হ'ব নামভৰ্তি প্ৰক্ৰিয়া । বৃহস্পতিবাৰে হঠাতে নলবাৰী মেডিকেল কলেজত উপস্থিত হৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে নিৰ্মীয়মাণ মেডিকেল কলেজখনৰ সামগ্ৰিক দিশ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
তেওঁ লগতে প্ৰকাশ কৰে যে মেডিকেল কলেজত পাঠদান আৰম্ভ কৰাৰ সময়তে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব নলবাৰী মেডিকেল চিকিৎসা মহাবিদ্যালয় হাস্পতালখন । তেওঁ লগতে জনায় যে কেন্দ্ৰীয় পৰিদৰ্শকৰ দলে কম সময়ৰ ভিতৰতে নলবাৰী মেডিকেল কলেজ পৰিদৰ্শন কৰিব । নগাঁও আৰু কোকৰাঝাৰৰ লগতে নলবাৰী মেডিকেল কলেজতো শীঘ্ৰেই পাঠদান আৰম্ভ হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে । আনহাতে, নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনৰ প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে নলবাৰীত দুখন মেডিকেলৰ কোনো প্ৰয়োজন নাই । সেয়ে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন নৱনিৰ্মিত চিকিৎসালয়খনৰ সৈতে সংলগ্ন কৰা হৈছে । ইফালে প্ৰসংগক্ৰমে উপায়ুক্ত আৰু কৰ্মচাৰীৰ সংঘাত সন্দৰ্ভত মন্তব্য দিয়াটো উচিত নহয় বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।
লগতে পঢ়ক :Gunotsav 2023: টিকনি বৰুৱা আনিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে