ETV Bharat / state

100th birth anniversary of Ramanimohan Sharma: বিশিষ্ট শিক্ষাবিদ ৰমণীমোহন শৰ্মাৰ জন্মদিন শতবাৰ্ষিকী উদযাপন - জন্মদিন শতবাৰ্ষিকী

নলবাৰীৰ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী, নলবাৰী ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰমণীমোহন শৰ্মাই আজি জন্ম শতবাৰ্ষিকী উদযাপন । নিজ হাতে এটি গছপুলি ৰোপণেৰে তেওঁ আজিৰ মহত্ত্বপূৰ্ণ দিনটোৰ স্মৃতি কাললৈ যুগমীয়া কৰি ৰাখে (100th birth anniversary of Ramanimohan Sharma) ৷

Celebrating the 100th birth anniversary of prominent academician Ramanimohan Sharma
বিশিষ্ট শিক্ষাবিদ ৰমণীমোহন শৰ্মাৰ শততম জন্মদিন পালন
author img

By

Published : Jul 27, 2022, 10:54 PM IST

নলবাৰী, ২৭ জুলাই : এটি সফল আৰু পৰিপূৰ্ণ জীৱন অতিবাহিত কৰি হেঁপাহৰ এশটা বসন্ত অতিক্ৰম কৰা এক দূৰন্ত তৰুণৰ নাম হ’ল ৰমণীমোহন শৰ্মা (Prominent academician Ramanimohan Sharma) ৷ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মীজনে আজি বীৰদৰ্পে কেক কাটি শততম জন্মদিৱস উদযাপন কৰে ৷ নিজ হাতে এটি গছপুলি ৰোপণেৰে তেওঁ আজিৰ মহত্ত্বপূৰ্ণ দিনটোৰ স্মৃতি কাললৈ যুগমীয়া কৰি ৰাখে (100th birth anniversary of Ramanimohan Sharma) ৷

উল্লেখ্য যে, নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত বনগাঁও ভাগৱতীপাৰা নিৱাসী তথা নলবাৰী ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত হিন্দী শিক্ষক শতবৰ্ষ গৰকা ৰমণীমোহন শৰ্মা বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চলৰ এগৰাকী আদৰ্শ পুৰুষ(Social worker of Nalbari Ramanimohan Sharma) ৷ তেওঁ এগৰাকী শিক্ষাবিদ তথা সমাজকৰ্মী হিচাপেই নহয় এগৰাকী সফল পিতৃ হিচাপেও এক কীৰ্তিস্তম্ভ ক্ষোদিত কৰিবলৈ সক্ষম হৈছে ৷

বিশিষ্ট শিক্ষাবিদ ৰমণীমোহন শৰ্মাৰ শততম জন্মদিন পালন

তেওঁৰ তিনিগৰাকী পুত্ৰ আৰু দুগৰাকী কন্যাক উপযুক্তভাৱে প্ৰতিপালন কৰি আটাইকেইগৰাকীকে সু-প্ৰতিষ্ঠিত কৰিছে ৷ বৰপুত্ৰ ডাঃ নিৰ্মলেন্দু ভাগৱতীয়ে প্ৰায় ৪০ বছৰ পূৰ্বে বনগাঁও হাইস্কুলৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰাই নহয় বৰ্তমান এগৰাকী নামজ্বলা চিকিৎসক হিচাপে প্ৰতিষ্ঠিত ৷ দ্বিতীয় পুত্ৰ বিমলেন্দু ভাগৱতী এগৰাকী অৱসৰপ্ৰাপ্ত উচ্চ পদস্থ চৰকাৰী বিষয়া ৷ কনিষ্ঠ পুত্ৰ কমলেন্দু ভাগৱতী ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ এগৰাকী উচ্চ পদস্থ বিষয়া ৷

আনহাতে, দুই কন্যা ক্ৰমে সৰলা দেৱী বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মীৰা দেৱী নগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৷ বুধবাৰে বনগাঁও গাঁও উন্নয়ন সমিতিৰ উদ্যোগত বিশিষ্ট পণ্ডিত ৰমণীমোহন শৰ্মাৰ শততম জন্মদিন তেওঁৰ বাসভৱনত ৰাজহুৱাভাৱে উদযাপন কৰা হয় ৷

সদৌ অসম ব্ৰাহ্মণ সমাজৰ সহঃ সম্পাদক নৱজ্যোতি মিশ্ৰই আঁতধৰা জন্মদিন উদযাপনৰ কাৰ্যসূচীত স্থানীয় অৰ্ধ শতাধিক অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে ৰমণীমোহন শৰ্মালৈ জন্মদিনৰ শুভেচ্ছা জনায় ৷ কেক কাটি, গছপুলি ৰোপণেৰে শততম জন্মদিন উদযাপন কৰা পণ্ডিত ৰমণীমোহন শৰ্মা যুৱ প্ৰজন্মৰ বাবে এক আদৰ্শস্বৰূপ হৈ ৰ’ব ৷

আজিৰ শততম জন্মদিৱসৰ কাৰ্যসূচীত তেওঁৰ আত্মীয়সকলৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদগৰাকীৰ জীৱন আৰু কৃতীৰ বিষয়ে আলোকপাত কৰে ৷ শেষত ৰমনীমোহন শৰ্মাৰ নাতি তথা সচেতন নাগৰিক মঞ্চ, অসমৰ সভাপতি চন্দন কুমাৰ ভট্টাচাৰ্যই শলাগৰ শৰাই আগবঢ়ায় ৷

লগতে পঢ়ক : Students Protest in Nalabari: নলবাৰীত স্কুটী বিচাৰি ভাগিনীৰ আব্দাৰ মামাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.