নলবাৰী , 28 মাৰ্চ : নলবাৰীৰ বিজুলীঘাটত বুধবাৰে সংঘটিত হয় একশোকাৱহ ঘটনা । নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন কিশোৰৰ ।
বুধবাৰে বিজুলীঘাটস্থিত ন-খেতিত কৰিয়াৰ দুই ছাত্ৰ মৃণ্ময় কুমাৰ আৰু হৃষিকেশ পাটোৱাৰীয়ে পাগলাদিয়া নদীত গা ধুই থাকোতে অসাৱধান বশতঃ পানীত ডুবি যায় । পাচত স্থানীয় লোকে উদ্ধাৰ অভিযান চলাই মৃত অৱস্থাত মৃণ্ময় কুমাৰক উদ্ধাৰ কৰে যদিও সমনীয়া হৃষিকেশ পাটোৱাৰীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহল । পৰৱৰ্তী সময়ত এছ ডি আৰ এফৰ জোৱান ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই যদিও এই মুহূৰ্তলৈকে হৃষিকেশ পাটোৱাৰীৰ কোনো সন্ধান লাভ কৰা নাই ।