ETV Bharat / state

গৰু বিহুৰ দিনাই বৰাজোলত চাইন ক্লাৱৰ সজাগতা শিবিৰ - পশুধনসমূহৰ বাবে ঔষধ বিতৰণ আৰু সজাগতা শিবিৰ

চাৰিওফালে গৰু বিহুকলৈ আনন্দ উল্লাহ । ইয়াৰ মাজতে নলবাৰীত চাইন ক্লাৱে আয়োজন কৰিলে পশুধন পালনৰ সজাগতা শিবিৰ (Awareness camp on livestock rearing in Nalbari)। পশুধনৰ বাবে বিনামূলীয়া ঔষধ বিতৰণো কৰিলে ক্লাৱটোৱে ।

Awareness camp
গৰু বিহুৰ দিনাই বৰাজোলত চাইন ক্লাবৰ সজাগতা শিবিৰ
author img

By

Published : Apr 14, 2022, 9:01 PM IST

নলবাৰী,১৪ এপ্ৰিল : ৰাজ্যজুৰি ৰঙালী বিহুৰ আয়োজন (Rongali Bihu celebration)। আজি গৰু বিহু । ভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে গৰু বিহু পালন কৰা হৈছে । ব্যতিক্ৰম নহয় নলবাৰী জিলা । জিলাখনৰ বিভিন্ন প্ৰান্তত বিহুক লৈ বিশেষ ব্যস্ততা দেখিবলৈ পোৱা গৈছে । ইয়াৰ মাজতে ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰাজোলত দেখা গৈছে ব্যতিক্ৰমী দৃশ্য ।

গৰু বিহুৰ দিনাই বৰাজোলত চাইন ক্লাৱৰ সজাগতা শিবিৰ

গৰু বিহু উপলক্ষ্যে দিনজোৰা কাৰ্যসূচীৰে অঞ্চলটোত চাইন ক্লাৱে এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিছে । চাইন ক্লাৱৰ বিষয়ববীয়াসকলে অঞ্চলটোৰ গো-পালকসকলৰ মাজত পশুধনসমূহৰ বাবে ঔষধ বিতৰণ আৰু এক সজাগতা শিবিৰৰ আয়োজন কৰে (Awareness camp on livestock rearing in Nalbari)। উক্ত অঞ্চলৰ শতাধিক গোপালকে অনুষ্ঠানত ভাগ লৈ পশুধনৰ ঔষধৰ লগতে পশুপালনৰ বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ গ্ৰহণ কৰে ।

উল্লেখ্য যে, চাইন ক্লাৱে প্ৰতিবছৰে গো-পালকৰ বাবে এনে ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে (Livestock rearing Awareness camp)। গৰু বিহুৰ দিনাই চাইন ক্লাৱৰ ঔষধ বিতৰণৰ পদক্ষেপক আদৰণি জনাইছে স্থানীয় লোকসকলে ।

লগতে পঢ়ক : নগাঁৱতো উদযাপন গৰু বিহু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.