ETV Bharat / state

ভগৱানৰ নামত ব্যংগাত্মক ৰূপত নাট ৰচনাক লৈ সৰৱ বিশ্ব হিন্দু পৰিষদ

author img

By

Published : Aug 22, 2022, 1:18 PM IST

Updated : Aug 22, 2022, 2:22 PM IST

অসমীয়া ছবি জগত আৰু ভ্ৰাম্যমাণ নাট্যগোষ্ঠীয়ে ভগৱানক বিকৃত ৰূপ দি নাট ৰচনা কৰাৰ অভিযোগত সৰৱ বিশ্ব হিন্দু পৰিষদ, অসম (Vishwa Hindu Parishad Assam accused of distorting God) । নাট্যগোষ্ঠী তথা নাট্যকাৰ-প্ৰযোজকক নলবাৰীত সংবাদমেলযোগে সকীয়নি বিশ্ব হিন্দু পৰিষদৰ ।

Nalbari
Nalbari

নলবাৰী, ২২ আগষ্ট : অসমীয়া থিয়েটাৰ, অসমীয়া ধাৰাবাহিক, অসমীয়া ছবি জগতে বিভিন্ন সময়ত হিন্দু দেৱ-দেৱীক অপমান কৰি আহিছে (Assamese Theatre accused of insulted Hindu gods by VHP) ৷ বিগত কিছু বৰ্ষৰ পৰা কেইখনমান আগশাৰীৰ থিয়েটাৰৰ লগতে নতুনকৈ আৰম্ভ হোৱা কেইখনমান থিয়েটাৰ তথা নাট্যগোষ্ঠীত পৰম পূজনীয় ভগৱানৰ বিভিন্ন ৰূপৰ নাম ব্যংগাত্মক বা বিকৃতকৰণেৰে নাট ৰচনা (God names written with satire or distortion) কৰি এচাম প্ৰযোজক, পৰিচালকে সস্তীয়া জনপ্ৰিয়তাৰ পিছত দৌৰি বৃহত্তৰ সনাতনী সমাজৰ ধৰ্মীয় অনুভূতিত আঘাতহনা আমাৰ দৃষ্টি গোচৰ হৈছে (hurts religious sentiments of greater Sanatani society) ৷

এই বিষয়টোৰ ওপৰত বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ নলবাৰী জিলা সমিতিয়ে সকলো পৰিচালক, প্ৰযোজকলৈ ভৱিষ্যতৰ দিনত এই কৰ্মৰ পৰা বিৰত থকাৰ বাবে আহ্বান জনাইছে (VHP and Bajrang urged Assamese Director and Producers)। দেওবাৰে সন্ধিয়া নলবাৰী নাট্য মন্দিৰৰ নন্দেশ্বৰ শইকীয়া সভাগৃহত এখন সংবাদমেল সম্বোধন কৰি আনুষ্ঠানিকভাৱে এই আহ্বান জনায় দল দুটাই (Press conference by Vishwa Hindu Parishad and Bajrang Nalbari) ৷

ভগৱানৰ নামত ব্যংগাত্মক ৰূপত নাট ৰচনাক লৈ সৰৱ বিশ্ব হিন্দু পৰিষদ

উক্ত সংবাদমেলত বিশ্ব হিন্দু পৰিষদ, নলবাৰী বিভাগৰ বিভাগ সংগঠন মন্ত্ৰী অনুপ দাসে নাট্যকাৰ তথা প্ৰযোজকসকলক উদ্দেশ্য কৰি মন্তব্য ৰাখি কয় যে হিন্দু সমাজৰ অনুভূতিত আঘাতহনা কৰ্ম বিশ্ব হিন্দু পৰিষদে কোনো কাৰণতে সহ্য নকৰে । সি লাগিলে সাংস্কৃতিক মাধ্যমেৰেই নহওক কিয় ! লগতে তেওঁ হিন্দু ধৰ্মক আপমান কৰি সাংস্কৃতিক জগতত সস্তীয়া জনপ্ৰিয়তা বিচাৰি ফুৰা নাট্যকাৰ, ছবি পৰিচালকসকলে অন্য ধৰ্মৰ উপাসকৰ ওপৰত চিনেমা নিৰ্মাণৰ সাহস হ’বনে বুলি প্ৰশ্ন উত্থাপন কৰে ।

তেওঁ এই সন্দৰ্ভত কয় যে আগন্তুক দিনত যদি কোনো পৰিচালকে এনে ধৰণৰ বিতৰ্কিত নাট মঞ্চস্থ কৰে তেতিয়াহ'লে উক্ত থিয়েটাৰ কৰ্তৃপক্ষই সমগ্ৰ অসমতে বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ প্ৰতিক্ৰিয়াৰ সন্মুখীন হ’ব লাগিব । এই সকীয়নি প্ৰদান কৰি বিশ্ব হিন্দু পৰিষদৰ নেতাগৰাকীয়ে লগতে কয় যে সাংস্কৃতিক জগতে হিন্দুৰ ধৰ্মীয় অনুভূতিত আঘাত হানিলে বিগত সময়ত বলিউডৰ অভিনেতা আমিৰ খানকে (Bollywood actor Amir Khan) আদি কৰি হিন্দুবিৰোধী একাংশ অভিনেতাই আজিৰ সময়ত মুখথেকেচা খাবলগা হোৱা ঘটনাৰ দৰে অসমতো হোৱাৰ উপক্ৰম হ’ব ৷

বিষয়টোৰ ওপৰত বহলাই বাখ্যা কৰি তেওঁ উল্লেখ কৰে যে এই বৰ্ষত বিভিন্ন থিয়েটাৰৰ মঞ্চত মঞ্চস্থ হ’বলগা নাটক ক্ৰমে ৰাজমাতৃ থিয়েটাৰত 'মন্দিৰত আজান', ৰাজনন্দিনীৰ 'অন্ধ ভগৱান' শীৰ্ষক এই দুখন নাটকৰ নাট্যকাৰ আৰু প্ৰযোজকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত লোৱাৰ প্ৰাকমুহূৰ্ততে তেওঁলোকে নিজৰ নাটকৰ নাম সলাই পৰৱৰ্তী সময়ত আমাক জানিবলৈ দিয়ে ৷ কিন্তু সূৰ্য থিয়েটাৰত মঞ্চস্থ হ’বলগা 'পৰশুৰামৰ প্ৰেয়সী' শীৰ্ষক বিতৰ্কিত নাটখন অসমৰ কোনো ঠাইতে বিশ্ব হিন্দু পৰিষদ তথা বজৰংগ দলে চলিবলৈ নিদিয়ে বুলি কৈ নাটকখনত দশ অৱতাৰ পৰশুৰামৰ চৰিত্ৰটো বিতৰ্কিতভাৱে উপস্থাপন কৰা বুলি অভিযোগ তোলে ৷

উক্ত সংবাদমেলত উপস্থিত থাকে বিশ্ব হিন্দু পৰিষদৰ নলবাৰী বিভাগ মন্ত্ৰী অনুপ দাস, বিশ্ব হিন্দু পৰিষদৰ উপ-সভাপতি মানস পাটগিৰি, বজৰং দলৰ নলবাৰী জিলা সংযোজক নয়নমণি তালুকদাৰ, জিলা সাধাৰণ সম্পাদক নয়নমণই চক্ৰৱৰ্তী, জিলা সহ সম্পাদক ভাস্কৰ ডেকা, নলবাৰী জিলাৰ প্ৰশাসনিক প্ৰমুখ ধৰ্মেশ্বৰ হালৈ ।

লগতে পঢ়ক :ধনৰ প্ৰলোভনৰে হিন্দু যুৱকক ইছলাম ধৰ্মলৈ ধৰ্মান্তৰৰ অভিযোগ, এজনক গ্ৰেপ্তাৰ

Last Updated : Aug 22, 2022, 2:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.