নলবাৰী, ২৯ আগষ্ট: সততে গাঁও বুলি ক’লে কি দৃশ্য আমাৰ মনলৈ আহে ৷ মা-দেউতা, ককা-আইতা, খুৰা-খুৰী, বৰদেউতা, ওচৰ চুবুৰীয়াৰে ভৰপূৰ এখন সমিলমিলেৰে ভৰা এখন সমাজ ৷ পাৰস্পৰিক সম্প্ৰীতি আৰু ৰীতি-নীতি আদান প্ৰদানেৰে ওচৰা ওচৰিকৈ সমাজ পাতি বাস কৰা একোটা অঞ্চলকে পূৰ্বতে আমি গাঁও বুলি জানিছিলোঁ । কিন্তু গাঁও বুলি ক’লে মনলৈ অহা এই ধাৰণা সলনি কৰিছে এখন গাঁৱে ৷ আপুনি জানি আচৰিত হ’ব যে অসমতে আছে এনে এখন গাঁও যিখন গাঁৱৰ সলনি কৰিব গাঁও সম্পৰ্কে আমাৰ সচৰাচৰ ধাৰণা ৷
এইখন হৈছে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এখন আজৱ গাঁও ৷ চাৰিওফালে পানীয়ে আগুৰি থকা এটা নিৰ্জন দ্বীপ সদৃশ এই গাঁওখনত বাস কৰে মাত্ৰ এটি একক পৰিয়ালে । গাঁওখনলৈ যাবলৈ নাই কোনো বাট-পথ । নাই বিদ্যুৎ সংযোগ । চিকিৎসা সেৱা, শিক্ষা একোৰে সুবিধা নাই এই গাঁওখনত । বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে নলবাৰীৰ ঘগ্ৰা নদীৰ পাৰত এই পৰিয়ালটোৱে বাস কৰি গাঁওখনিৰ মৰ্যদাক ধৰি ৰাখিবলৈ সক্ষম হৈছে ।
ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এই আজৱ গাঁওখনিৰ নাম হৈছে দুই নম্বৰ বৰ ধনৰা গাঁও । নতুনকৈ নিৰ্মাণ কৰা নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ নিলগত অৱস্থিত এই গাঁওখন। অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৈত্ৰিক গাঁও লাটিমাৰ নিচেই ওচৰতে লাগি আছে এইখন আজৱ গাঁওখন । কিন্তু তথাপিও কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই এই গাঁওখন । প্ৰায় এক কিলমিটাৰ বিলৰ মাজৰ বোকাময় পথেৰে খোজকাঢ়ি যাব লাগে এই বিশেষ গাঁওখনলৈ । এজাক বৰষুণ দিলেই গাঁওখনলৈ যোৱা সকলো পথ হৈ পৰে জলমগ্ন ।
এইখন গাঁৱতে বাস কৰে বিমল ডেকা আৰু অনিমা ডেকাৰ লগতে তেওঁলোকৰ দুই কন্যা আৰু এগৰাকী পুত্ৰ সন্তানসহ পাঁচজনীয়া পৰিয়ালটোৱে । এখন টুলুঙা নাও পৰিয়ালটোৰ যাতায়তৰ একমাত্ৰ মাধ্যম । নাৱত গৈ পৰিয়ালটো উপস্থিত হয় এটা লুংলুঙীয়া পথত । তাৰ পৰা যাত্ৰা আৰম্ভ হয় বহিঃজগতৰ সৈতে । ২০১১ চনৰ লোকপিয়ল মতে গাঁওখনৰ জনসংখ্যা আছিল মাত্ৰ ষোল্লজন । ইয়াৰ পূৰ্বে গাঁওখনত ষোল্লটা পৰিয়াল আছিল যদিও গাঁওখনৰ তথৈবচ অৱস্থা তথা চৰকাৰ-প্ৰশাসনৰ অকৰ্মণ্যতাৰ বাবে গাঁও এৰি সকলোৱে অন্য স্থানলৈ স্থানান্তৰিত হয় ।
বৰ্তমান গ্ৰাম্য বিকাশ মঞ্চ নামৰ এটি বেচৰকাৰী সংস্থাই এই গাঁওখনত এখন কৃষি পাম গঢ়ি তুলিছে । পামখনৰ পুখুৰীৰ পাৰেৰে এতিয়া পৰিয়ালটোৱে অহা যোৱা কৰিব পৰা হৈছে । তথাপি বৰষুণ দিলে অহা যোৱা কৰা একেবাৰে অসম্ভৱ হৈ পৰে গাঁওখনলৈ । আনকি দুই কন্যাই কলেজলৈ গ’লে তিনি কিঃমিঃ খোজকাঢ়ি আনৰ ঘৰত চাইকেল থৈহে অহা-যোৱা কৰিব লাগে ।
অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ দিনতে গাঁওখনলৈ যোৱা এটা পথ নিৰ্মাণ কৰা হৈছিল । প্ৰয়াত চলিহাই নিজে আহি গাঁওখনলৈ যোৱা পথটোৰ নিৰ্মাণৰ শুভাৰম্ভ কৰিছিল । কিন্তু কালক্ৰমত পথটোৰ অস্তিত্ব নোহোৱা হৈ পৰিল । বানপানীয়ে পথটো উটুৱাই নিলে । তাৰ পিছৰে পৰা বিচ্ছিন্ন হৈ পৰে গাঁওখন । গাঁওখনত এতিয়াও বিমল ডেকাৰ পাঁচজনীয়া পৰিয়ালটোৱে অকলে বাস কৰি আছে । স্বামী-স্ত্ৰী আৰু তেওঁলোকৰ তিনি সন্তানে এইখন গাওঁত অকলে থাকিয়ে নিজৰ পঢ়া শুনা আগবঢ়াই নিছে ।
এই দুৰ্গম অনগ্ৰসৰ অঞ্চলত কেৰাচিন তেলৰ চাকিৰ পোহৰত পঢ়া শুনা কৰিয়ে বিমল ডেকাৰ একমাত্ৰ পুত্ৰই স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে জ্যেষ্ঠ কন্যাই স্নাতক পঞ্চম ষান্মাসিকত আৰু কনিষ্ঠ কন্যাই উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত অধ্যয়ন কৰি আছে । দুই কন্যাই নিতৌ এই দুৰ্গম বাটেৰে বৰভাগ মহাবিদ্যালয় আৰু ঘগ্ৰাপাৰ মহাবিদ্যালয়লৈ অহা-যোৱা কৰে । খেতি-বাতি, পশুপালন আৰু মাছ ধৰিয়ে পৰিয়ালটোৱে কোনোমতে জীবন-নিৰ্বাহ কৰি আহিছে । বৰ্তমানৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পৰিয়ালটোৰ আহ্বান, যাতে উন্নয়নৰ চকুৰে চাই গাঁওখনৰ সকলো সুবিধা সুচল কৰি দিয়ে ।