ETV Bharat / state

Ek Asom Yatra 6th day: নলবাৰী চহৰখন পৰিভ্ৰমণ এক অসম যাত্ৰাৰ দলৰ

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 5:45 PM IST

এক অসম যাত্ৰাৰ দলটোৱে মঙলবাৰে নলবাৰীৰ পৰা ষষ্ঠ দিনৰ যাত্ৰা আৰম্ভ কৰে । অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজোতি গগৈৰ নেতৃত্বত দলটোৱে ঐতিহাসিক হৰিমন্দিৰত আশীষ লৈ যাত্ৰা আৰম্ভ কৰে আৰু সমগ্ৰ চহৰখন পৰিভ্ৰমণ কৰে ৷ তেওঁ ছাত্ৰ সন্থাৰ নতুন নেতৃত্বক জনতাৰ মনৰ কথা উপলব্ধি কৰি জাতীয় দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় ৷

Ek Asom Yatra 6th day
নলবাৰী চহৰখন পৰিভ্ৰমণ এক অসম যাত্ৰাৰ দলৰ

নলবাৰী, ২৬ ছেপ্টেম্বৰ: এক অসম যাত্ৰাৰ বাৰ্তা লৈ মঙলবাৰে নলবাৰীত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজোতি গগৈ । নলবাৰীৰ ঐতিহাসিক হৰিমন্দিৰত আশীষ লৈ পুনৰ যাত্ৰা আৰম্ভ কৰে জাতীয় পৰিষদৰ সভাপতিগৰাকীৰ নেতৃত্বত অহা এক অসম যাত্ৰাৰ দলটোৱে ।নলবাৰীত লুৰীণজোতি গগৈৰ কাষত ঠিয় দিয়ে কংগ্ৰেছৰ লগতে ৰাইজৰ দলৰ নেতা-কৰ্মী ।

নলবাৰীৰ হৰিমন্দিৰ পৰা পুৱা দহ বজাত যাত্ৰা আৰম্ভ কৰাৰ পাচত নলবাৰীৰ বৰ মছজিদত দোৱা লয় লুৰীণসহ এক অসম যাত্ৰাৰ দলটোৱে । এই যাত্ৰাৰ সময়ত লুৰীণজোতিৰ লগত উপস্থিত থাকে জগদীশ ভূঞা, দুল আহমেদ, জীয়াউৰ ৰহমান । এক অসম যাত্ৰা আৰম্ভ কৰি সংবাদ মাধ্যমৰ আগত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজোতি গগৈ নামনি অসমত এখন শান্তিৰ অসম বিচাৰি, এখন একতাৰ অসম বিচাৰি ৰাইজে অসম জাতীয় পৰিষদক সমৰ্থন কৰিছে বুলি মন্তব্য কৰে ৷

অসম যাত্ৰাৰ দলটোৱে ধুবুৰীৰ পৰা যাত্ৰা আৰম্ভ কৰা প্ৰসংগত শাসকীয় দলৰ নেতাই কৰা কটাক্ষৰ প্ৰত্যুত্তৰত তেওঁ কয় যে, ২০০৩ চনত বিজেপিয়ে নিজেই প্ৰথমে ধুবুৰীৰ পৰা ৰথ যাত্ৰা আৰম্ভ কৰিছিল ৷ এই কথা বিলাক তেওঁলোকে পাহৰি গৈছে ৷ তেওঁ লগতে কয়, যেতিয়া সাংম্প্ৰদায়িকতা আৰু ধৰ্মীয় উম্মাদনাত মানুহ পাগল হৈ থাকে, তেতিয়া হিতাহিত জ্ঞান হেৰুৱাই যি তি কথা কয়, তেওঁলোকৰ ক্ষেত্ৰটো একেই হৈছে ৷ সাংম্প্ৰদায়িকতাই ক্ৰিয়া কৰি থকাৰ বাবে তেওঁলোকে ধুবুৰীক পাহৰি গৈছে ৷

আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ বিৰুদ্ধে উঠা অভিযোগ সন্দৰ্ভতো সাংবাদিকৰ প্ৰশ্নত নিজৰ অভিমত ব্যক্ত কৰি অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ছাত্ৰ সন্থাৰ নতুন নেতৃত্বক জনতাৰ মনৰ কথা উপলব্ধি কৰি জাতীয় দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: Ek Asom Yatra 5th day: AIUDFয়ে নিজকে মুছলমানৰ মালিক বুলি ভাবে; লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.