নলবাৰী, ১৮ আগষ্ট : নলবাৰীৰ জৱাহৰ নৱোদয় বিদ্যালয়ত উপস্থিত ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখী (Assam Governor visits Jawahar Navodaya Vidyalaya at Nalbari)। বৃহস্পতিবাৰে বিদ্যালয়খনত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যপালগৰাকীয়ে । ১৯৯৪ চনত স্থাপন হোৱা জৱাহৰ নৱোদয় বিদ্যালয়খনৰ শ্ৰেণীকোঠাকে ধৰি বিদ্যালয় চৌহদ পৰিদৰ্শন কৰে ৰাজ্যপালগৰাকীয়ে । ইয়াৰ পাছতেই ৰাজ্যপালগৰাকীয়ে নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয় দৰ্শন কৰে (Professor Jagdish Mukhi at Billeswar Devalaya)।
ৰাজ্যপাল জগদীশ মুখীয়ে জৱাহৰ নৱোদয় বিদ্যালয়ে আয়োজন কৰা ছাত্ৰ-ছাত্ৰীৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে । ভাষণ প্ৰসংগত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে প্ৰবল ইচ্ছা শক্তিয়ে লক্ষ্যপ্ৰাপ্তিৰ মূল ভেটি গঢ়ে আৰু কঠোৰ পৰিশ্ৰম হৈছে লক্ষ্য প্ৰাপ্তিৰ মূল আধাৰ । ছাত্ৰ-ছাত্ৰীসকলে যি কামেই নকৰক সেই কাম কৰোতে সদায় দেশৰ স্বাৰ্থ আগত ৰাখিব লাগিব বুলিও ৰাজ্যপালগৰাকীয়ে মন্তব্য কৰে ।
ইফালে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে তেওঁ ৰাজ্যপাল হোৱাৰ উপৰিও এগৰাকী অধ্যাপক । সময়ে সময়ে বিশ্ববিদ্যালয় আৰু কেন্দ্ৰৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহ তেওঁ পৰিদৰ্শন কৰে । ৰাজ্যপাল হিচাপে নহয় এগৰাকী অভিভাৱক হিচাপেহে তেওঁ বিদ্যালয়সমূহ পৰিদৰ্শন কৰে । শিক্ষাৰ্থীসকলৰ সৈতে সময় অতিবাহিত কৰি তেওঁ ভাল পায় বুলিও উল্লেখ কৰে ।
জৱাহৰ নৱোদয় বিদ্যালয়লৈ আহি তেওঁ যথেষ্ট আনন্দিত বুলিও সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে । বিদ্যালয়খনৰ পানীৰ সমস্যাৰ বিষয়ে তেওঁক বিদ্যালয় কৰ্তৃপক্ষই অৱগত কৰিছে আৰু এই সমস্যা সমাধান কৰা হ'ব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে ।
সমান্তৰালকৈ নতুন শিক্ষা নীতি সম্পৰ্কেও কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যপাল জগদীশ মুখীয়ে (Assam governor on new national education policy)। তেওঁৰ মতে নতুন শিক্ষা নীতিয়ে দেশৰ শৈক্ষিক পৰিৱেশৰ আমূল পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হ'ব । তেওঁৰ মতে শৈক্ষিক নীতিৰ সঠিক প্ৰয়োগ নোহোৱাৰ বাবেই বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ সৈতে দেশৰ বিশ্ববিদ্যালয়সমূহে ফেৰ মাৰিব পৰা নাই । এই নতুন শিক্ষা নীতিৰ ফলত শিক্ষাৰ্থীসকল যথেষ্ট পৰিমাণে উপকৃত হ'ব বুলিও তেওঁ আশাবাদী ।
লগতে পঢ়ক :গুৱাহাটী স্মাৰ্ট চিটী প্রকল্পত বৃহৎ কেংলেকাৰীৰ অভিযোগ AAPৰ