নলবাৰী, 3 আগষ্টঃ অসমত অধিকাৰ আৰু প্ৰাপ্যৰ পৰা বঞ্চিত শিক্ষকৰ প্ৰতিবাদ কোনো নতুন আৰু অসাধাৰণ কথা নহয়৷ পুনৰ এবাৰ ঠিকাভিক্তিক শিক্ষকৰ ধৰ্ণাত কপিল নলবাৰী । শ্ৰেণীকোঠা এৰি প্ৰাপ্য অধিকাৰ বিচাৰি শ্লোগান জুৰিলে শিক্ষকে৷ ঠিকাভিক্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত শণিবাৰে নলবাৰীত প্ৰতিবাদকাৰীৰ ৰূপত দেখা গ'ল বিদ্যালয় এৰি ৰাজপথলৈ অহা শিক্ষকসকলক৷ উল্লেখ্য যে, মেধাৰ ভিত্তিত 2010 চনত নিযুক্ত হোৱা এই সকল শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ বাবে 2016 চনত অসম চৰকাৰৰ কেবিনেটে এক সিদ্ধান্ত গ্ৰহণ কৰিছিল ।কিন্তু সৰ্বানন্দ সোণোৱাল চৰকাৰে এই বিষয়টো পুনৰীক্ষণ কৰি ন্যায়ালয়ৰ মজিয়ালৈ ঠেলি দিয়াত এক অনিশ্চিত ভবিষ্যতৰ পিনে গতি কৰিলে শিক্ষক সকলৰ চাকৰি । বিগত প্ৰায় পাচঁ মাহ ধৰি নলবাৰী জিলাত 277 গৰাকী ঠিকাভিত্তিক শিক্ষকৰ লগতে সমগ্ৰ অসমত প্ৰায় 6650 গৰাকী শিক্ষকে পোৱা নাই নিয়মীয়া দৰমহা । এতিয়া চাকৰি নিয়মীয়া কৰাৰ লগতে বন্ধ হৈ থকা দৰমহা মুকলি কৰি দিয়াৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে শিক্ষকসকল ৷ গুৰুত্বপূৰ্ণ কথা যে, শুকুৰবাৰৰ পৰা শ্ৰেণী বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰিছে শিক্ষকসকলে ৷ অসমৰ শিক্ষা ব্যৱস্থাক এক সুনিশ্চিত সুস্থিৰ ৰূপ দিবলৈ এই সকল শিক্ষকৰ বাবে এক ব্যৱস্থা গ্ৰহণ কৰা কৰা উচিত শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিবৰ্তন সাধন কৰিব খোজা ৰাজ্য চৰকাৰে ৷
শ্ৰেণীকোঠা এৰি ৰাজপথত শ্লোগান জুৰিলে শিক্ষকে - শিক্ষকৰ প্ৰতিবাদ
ৰাজ্যত পুনৰ শিক্ষকৰ প্ৰতিবাদ, চাকৰি নিয়মীয়াকৰণৰ দাবীত শ্ৰেণীকোঠা এৰি নলবাৰীৰ ৰাজপথত শিক্ষক ৷