ETV Bharat / state

মিলন মহন্তৰ ঘটনা: দোষীক শাস্তি প্ৰদানৰ দাবী ইণ্ডিয়ান জাৰ্নেলিষ্ট এছ'চিয়েছনৰ - নিৰপত্তাৰ দিশটো সুনিশ্চিত

ধাৰাবাহিকভাৱে সাংবাদিক আক্ৰমণৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। সাংবাদিক মিলন মহন্তক শাৰীৰিক নিৰ্যাতন চলোৱা দোষীক শাস্তি প্ৰদানৰ দাবী ইণ্ডিয়ান জাৰ্নেলিষ্ট এছ'চিয়েছনৰ। নলবাৰী জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ।

মিলন মহন্তৰ ঘটনা: দোষীক শাস্তি প্ৰদানৰ দাবী ইণ্ডিয়ান জাৰ্নেলিষ্ট এছ'চিয়েছনৰ

author img

By

Published : Nov 17, 2020, 4:26 PM IST

নলবাৰী, ১৭ নৱেম্বৰ: বৰ্তমান সাংবাদিকৰ নিৰপত্তাৰ দিশটো সুনিশ্চিত কৰা যথেষ্ট প্ৰয়োজনীয় হৈ পৰিছে। প্ৰায়ে কৰ্তব্যৰত সাংবাদিকক আক্ৰমণ কৰে একাংশ উদণ্ড লোকে। কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ সন্দেহজনক মৃত্যুৰ ৰহস্য ভেদ নৌহওতেই যোৱা ১৫ নৱেম্বৰত পুনৰ দক্ষিণ কামৰূপৰ মিৰ্জাৰ 'অসমীয়া প্ৰতিদিন' কাকতৰ সাংবাদিক মিলন মহন্তক একাংশ জুৱাৰীয়ে আক্ৰমণ কৰি কৰি শাৰীৰিক নিৰ্যাতন কৰে।

ইয়াৰ পিছতে নিৰাপত্তাক লৈ চিন্তিত হৈ পৰিছে অতি কষ্টেৰে দিনে-নিশাই বাতৰি সংগ্ৰহ কৰি থকা সাংবাদিকসকল। মঙলবাৰে ইণ্ডিয়ান জাৰ্নেলিষ্ট এছ'চিয়েছনৰ নলবাৰী জিলা সমিতিয়ে সাংবাদিক মিলন মহন্তৰ আক্ৰমণৰ ঘটনাৰে জড়িত দোষীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনাই উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

লগতে মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানক এনেবোৰ ঘটনা ৰোধৰ ক্ষেত্ৰত শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। নাগৰিকৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাই ইণ্ডিয়ান জাৰ্নেলিষ্ট এছ'চিয়েছনৰ নলবাৰী জিলা সমিতিয়ে।

লগতে পঢ়ক:কন্দৰ্প কুমাৰ কলিতাৰ গ্ৰন্থ 'প্ৰসংগঃ হোম কোৱাৰেনটাইন' উন্মোচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.