ETV Bharat / state

AJYCP protest: মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত AJYCP ৰ প্ৰতিবাদ

author img

By

Published : Apr 4, 2023, 11:00 AM IST

টোলগেট কৰ, জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি, বিদ্যুৎ মাচুলকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সিদ্ধান্ত বাতিলৰ দাবীত সোমবাৰে ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়েও নলবাৰীৰ জিলা সমিতিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী (AJYCP Protest against price hike in Nalbari) ৷

AJYCP Protest against price hike in Nalbari
মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ
মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত AJYCP ৰ প্ৰতিবাদ

নলবাৰী, 4 এপ্ৰিল: মূল্যবৃদ্ধিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷ টোলগেট কৰ, জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি, বিদ্যুৎ মাচুলকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সিদ্ধান্ত বাতিলৰ দাবীত সোমবাৰে ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । এই প্ৰতিবাদী কাৰ্যসূচীৰ অংশ স্বৰূপে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়েও নলবাৰীৰ জিলা সমিতিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী (Price hike of Essential Commodities) ৷

নলবাৰী চহৰৰ এন.টি ৰোডত অৱস্থিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ, নলবাৰী জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ বহুকেইগৰাকী বিষয়ববীয়া আৰু সদস্য উপস্থিত আছিল (AJYCP Protest in Nalbari) ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেট কৰ, জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি, বিদ্যুৎ মাচুলকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সিদ্ধান্ত বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত মূল্যবৃদ্ধি ৰোধ কৰক, টোল কৰ বৃদ্ধি বন্ধ কৰক, ঔষধৰ মূল্যবৃদ্ধি ৰোধ কৰক, বিদ্যুৎ মাচুল বৃদ্ধি কৰা কাৰ্য বন্ধ কৰক, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা কেন্দ্ৰীয় চৰকাৰ হায় হায় আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ(Price Hike in Assam) ৷

অচ্চে দিনৰ সপোন দেখুৱাই বিজেপি চৰকাৰে গাদী দখল কৰাৰ পৰাই মূল্যবৃদ্ধিৰে সাধাৰণ জনতাক মাধমাৰ সোধাই আহিছে ৷ কিন্তু মূল্যবৃদ্ধি হ্ৰাসৰ বাবে চৰকাৰে কোনো ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা নাই বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷ চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰি সকাহ প্ৰদান কৰিব বুলি জনসাধাৰণে আশা কৰিছিল যদিও পূৰ্বৰে পৰা মূল্যবৃদ্ধিয়ে কোঙা কৰি ৰখা সাধাৰণ জনতাক শেহতীয়াকৈ টোলগেট কৰ, জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি, বিদ্যুৎ মাচুলকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সিদ্ধান্তই তেওঁলোকৰ জীৱন কণ্টকময় কৰি তুলিছে বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে (AJYCP Protest against price hike in Nalbari) ৷

লগতে পঢ়ক: Villagers deprived from govt schemes : চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা ধেমাজিৰ এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.