ETV Bharat / state

বৰক্ষেত্ৰীত এআইইউডিএফৰ বন্ধুত্বমূলক প্ৰাৰ্থী প্ৰক্ষেপ

বদৰুদ্দিন আজমলে সোমবাৰে মুকালমুৱাত উপস্থিত হৈ বৰক্ষেত্ৰী মিত্ৰজোঁটৰ মাজত চলি থকা আউল সম্পৰ্কে স্থিতি স্পষ্ট কৰে । আজমলে বৰক্ষেত্ৰীত এআইইউডিএফ আৰু বিজেপিৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হ’ব বুলি মন্তব্য কৰে ৷

author img

By

Published : Mar 22, 2021, 7:23 PM IST

aiudf will go with alliance in barkhetri constituency
বৰক্ষেত্ৰীত এআইইউডিএফৰ বন্ধুত্বমূলক প্ৰাৰ্থী প্ৰক্ষেপ

মুকালমুৱা,22 মাৰ্চ: বৰক্ষেত্ৰীত এআইইউডিএফে বন্ধুত্বমূলকভাৱে চম্পক কলিতাক প্ৰক্ষেপ কৰিছে ৷ চম্পক কলিতা জয়ী হোৱাটো নিশ্চিত- বৰক্ষেত্ৰীৰ মুকালমুৱাত সোমবাৰে এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমল প্ৰকাশ কৰে এই কথা । এআইইউডিএফ প্ৰধান আজমল হঠাতে মুকালমুৱাত উপস্থিত হৈ বৰক্ষেত্ৰী মিত্ৰজোঁটৰ মাজত চলি থকা আউল সম্পৰ্কে স্থিতি স্পষ্ট কৰে । আজমলে বৰক্ষেত্ৰীত এআইইউডিএফ আৰু বিজেপিৰ মাজতে মূল প্ৰতিদ্বন্দ্বিতা হ’ব বুলি মন্তব্য কৰে ৷

উল্লেখ্য় যে, বৰক্ষেত্ৰীত এআইইউডিএফ-ৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা-নকৰাক লৈ বিগত কেইবাদিনো ধৰি ৰাজনৈতিক মহলত ব্যাপক চৰ্চা অব্যাহত আছিল ৷ আনহাতে, বিজেপিয়ে আজমলৰ নাম লৈ প্ৰচাৰ কৰি থকাক লৈ তেওঁ কয় যে, বিজেপিয়ে আজমলক ভয় কৰি আছে ৷ বৰক্ষেত্ৰীৰ কংগ্ৰেছ প্ৰাৰ্থী দিগন্ত বৰ্মনৰ লগত থকা মমতাজ আহমেদক চাৰি মাহ আগতে দলৰ পৰা নিলম্বন কৰা হৈছে ৷ মমতাজ আহমেদ বৰ্তমান এআইইউডিএফ-ৰ একো নহয় বুলি আজমলে স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক: ভৱানীপুৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত ডেকাৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.