ETV Bharat / state

নলবাৰী জিলা আছুৰ উদ্যোগত অগপৰ জ্যেষ্ঠ নেতা অকণ মল্ল বৰুৱাক সম্বৰ্ধনা

প্ৰাক্তন ছাত্ৰ নেতা আৰু বৰ্তমানৰ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা অকণ মল্ল বৰুৱাক, বুধবাৰে তেওঁৰ নলবাৰীস্থিত নিজা বাসগৃহত সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই সম্বৰ্ধনা কাৰ্যসূচী ৷

author img

By

Published : Jul 8, 2020, 8:37 PM IST

33/64 characters নলবাৰী ত অগপ নেতা বিশেষ সম্বধৰ্ণা

নলবাৰী, 8 জুলাইঃ বুধবাৰে অসম আন্দোলনত নিৰ্যাতনৰ বলি হোৱা প্ৰাক্তন ছাত্ৰ নেতাৰ লগতে প্ৰাক্তন পৌৰপতি, অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা অকণ মল্ল বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বুধবাৰে অকণ মল্ল বৰুৱাৰ নিজা বাসগৃহত অনুষ্ঠিত কৰা হয় এই সম্বৰ্ধনা অনুষ্ঠান ৷ সম্বৰ্ধনা সভাত উপস্থিত থাকে অগপৰ সাধাৰণ সম্পাদক কমলা কান্ত কলিতা, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সম্পাদক অক্ষয় ডেকা, কেন্দ্ৰীয় কমিটিৰ কাৰ্যনিৰ্বাহক ভৱজিৎ বেজবৰুৱাৰ লগতে হিমান বৰ্মন আৰু কেইবাগৰাকীও আছু নেতা ৷

নলবাৰী জিলা আছুৰ উদ্যোগত অগপৰ জ্যেষ্ঠ নেতা অকণ মল্ল বৰুৱাক সম্বৰ্ধনা

এই সম্বৰ্ধনা সভাত উপস্থিত থাকি অগপৰ সাধাৰণ সম্পাদক কমলা কান্ত কলিতাই কয় যে, অগপ দলে কেতিয়াও খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ খৰ্ব নকৰে ৷ যাৰ বাবে শেহতীয়াকৈ অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা ভূমি নীতিৰ সকলো দিশ দলটোৱে পৰ্যালোচনা কৰিবলৈ আহ্বান জনাইছে ৷ যদি তাত খীলঞ্জীয়াৰ ভূমি অধিকাৰত ব্যাঘাত জন্মে তেন্তে তেওঁলোকে নিশ্চয় ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব ৷ অসম গণ পৰিষদে খীলঞ্জীয়া ভূমি অধিকাৰ খৰ্ব হোৱা কোন কামেই নকৰে বুলি উল্লেখ কৰে অগপৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷ লগতে নতুন আঞ্চলিক দলে অগপক নিঃশেষ কৰিব নোৱাৰে বুলি মন্তব্য কৰে অগপৰ সাধাৰণ সম্পাদক কমলা কান্ত কলিতাই ৷

লগতে পঢ়কঃ কাণপুৰ এনকাউণ্টাৰঃ বিকাশ ডুবেৰ সম্ভেদ দিয়া ব্যক্তিলৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা উত্তৰ প্ৰদেশ চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.