ETV Bharat / state

নলবাৰীত আব্দুল খালেকৰ প্ৰচাৰসভা

খালেকৰ সভাত বিজেপিক পাগল কুকুৰ আখ্যা প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ ৷

নলবাৰীত আব্দুল খালেকৰ প্ৰচাৰসভা
author img

By

Published : Apr 19, 2019, 10:50 PM IST

নলবাৰী, 19 এপ্ৰিল : বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীৰ ধৰ্মপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকৰ বিশাল নিৰ্বাচনী সভা ৷ প্ৰথমতে ৰোড শ্ব' আৰু তাৰপাচতেই মুকলি সভাৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলায় কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে ৷

নিৰ্বাচনী প্ৰচাৰত আব্দুল খালেকক সংগ প্ৰদান কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন আৰু প্ৰাক্তন মন্ত্ৰী নীলমনি সেন ডেকাৰ সৈতে বহুকেইজন কংগ্ৰেছী নেতাই ৷ জনসভাতেই বিজেপিয়ে হিন্দু আৰু এ আই ইউ ডি এফে মুছলমান সম্প্ৰদায়ক লৈ ৰাজনীতি কৰা বুলিও কটু ভাষাৰে সমালোচনা কৰে আব্দুল খালেকে ৷ জনসভাতেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগও উত্থাপন কৰে বৰপেটা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৷

নলবাৰীত আব্দুল খালেকৰ প্ৰচাৰসভা

আনহাতে, এই জনসভাতেই কংগ্ৰেছৰ জনসমৰ্থন দেখি বিজেপিয়ে হিতাহিত জ্ঞান হেৰুৱাই পেলোৱা বুলিও বিজেপিক তাচ্ছিল্য কৰে প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই ৷ বিজেপি শাসনৰ গাদীত অধিষ্ঠিত হ'লে অসমীয়াৰ অস্তিত্ব সংকটত পৰিব বুলিও উল্লেখ কৰে কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে ৷

Slug : Khalek At Nalbari...19April..
Story FTP

#কংগ্ৰেছৰ জনভেটি দেখি পাগল হৈছে বিজেপি#
#বিজেপি হ’ল পগলা কুকুৰ-নীলমণি#
#মুখ্যমন্ত্ৰীক উভতি ধৰিলে খালেকে#
#ধৰ্মৰ নামত ৰাজনীতি কৰে বিজেপিয়ে#
#সেয়ে মুছলমানক গাহৰি খুৱাই বলপূৰ্ব্বকভাৱে#
#বিজেপি-AIUDF সাম্প্ৰদায়িক দল#
#বৰপেটা লোক সভাত শেষ হাঁহি মাৰিব কংগ্ৰেছে#

V.O : বৰপেটা লোকসভা সমষ্টিত মিত্ৰজোতৰ প্ৰাৰ্থী কুমাৰ দীপক দাসক ধৰ্মপুৰ সমষ্টিৰ পৰা সৰ্বাধিক ভোট দিব বুলি চন্দ্ৰ মোহন পাটোৱাৰীয়ে প্ৰতিশ্ৰুতি দিয়াৰ পিছতে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ বৃদ্ধি পাইছে  ধৰ্মপুৰত ।       ৬ নং বৰপেটা লোক সভা সমষ্টিৰ অন্তৰ্গত নলবাৰীৰ ধৰ্মপুৰত কংগ্ৰেছ প্ৰাৰ্থী  আব্দুল খালেকৰ সমৰ্থনত শুকুৰবাৰে ব্যাপক  নিৰ্বাচনী প্ৰচাৰ অভিযান চলায়  ৷ প্ৰথমে ৰোড শ্বো আৰু তাৰ পিছত মুকলি সভাৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰাৰ্থীগৰাকীয়ে ৷ খালেকক সংগ দিলে প্ৰাক্তন মুখ্যমন্ত্ৰী ডা° ভূমিধৰ বৰ্মন, প্ৰাক্তন মন্ত্ৰী নিলমনি  সেন ডেকাৰ লগতে বহু কংগ্ৰেছীয়ে ৷
বিজেপিয়ে হিন্দুক লৈ আৰু এ আই ইউ ডি এফ য়ে মুছলমানক লৈ ৰাজনীতি কৰা বুলি উল্লেখ কৰি  আব্দুল খালেকে  সাংসদ হ'লে  ফকৰুদ্দিন আলী আহমেদৰ পিছতে নামনি অসমৰ পৰা সংসদত বলিষ্ঠ পদক্ষেপ ল'ব  বুলি প্ৰতিশ্ৰুতি দিয়ে । সাংসদ হ'লে  নাগৰিকত্ব সংশোধনী বিধেয়ক পাছ হব'লৈ কোনোপধ্যে  নিদিয়ে বুলি প্ৰতিশ্ৰুতি দিয়ে  আব্দুল খালেকে  । অসমত ধৰ্মক লৈ কংগ্ৰেছে কেতিয়াও  ৰাজনীতি নকৰে বুলিও উল্লেখ কৰে  আব্দুল খালেকে৷আনহাতে,সভাত উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই কংগ্ৰেছৰ জনভেটি দেখি পাগল হৈ গৈছে৷বিজেপি এতিয়া পগলা কুকুৰ বুলি তাচ্ছিল্য কৰে সেন ডেকাই৷ইফালে আজি বৰক্ষেত্ৰীৰ চৰাঞ্চলত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছে আজান আৰু মুছলমানক লৈ ৰাজনীতি কৰে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ভোটৰ স্বাৰ্থত সংখ্যালঘু অঞ্চলত এনে মন্তব্য কৰিছে খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে৷বিজেপিয়ে ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰে৷নহলে যি গাহৰি মাংস বহু হিন্দু মানুহে নাখায় সেই গাহৰি মাংস মুছলমানক বলপূৰ্ব্বকভাৱে দিয়েনে?বিজেপি পুনৰ শাসনত আহিলে অসমীয়াৰ অস্তিত্ব নোহোৱা হব বুলি শংকা ব্যক্ত কৰে বৰপেটা লোক সভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আব্দুল খালেকে৷সমগ্ৰ প্ৰচাৰ কাৰ্য্যত অভিনেতা নয়ন নিৰ্বানে সংগ দিয়ে৷

বাইট=আব্দুল খালেক৷

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.