ETV Bharat / state

নলবাৰীত আছুৰ "বজ্ৰ গৰ্জন"

author img

By

Published : Feb 7, 2020, 1:01 AM IST

"অসমৰ যেতিয়া সংকট আহে তেতিয়া নলবাৰীৰ আপোচহীন সংগ্ৰামী ৰাইজে দৃঢ়তাৰে বাট দেখুৱায় ৷"

বজ্ৰ গৰ্জন
বজ্ৰ গৰ্জন

নলবাৰী, 6 ফেব্ৰুৱাৰীঃ "কা" বাতিলৰ দাবীত বৃহস্পতিবাৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত কৰা হয় "বজ্ৰ গৰ্জন" । এই "কা" বিৰোধী প্ৰতিবাদী কাৰ্যসূচীত নলবাৰীৰ হৰিমন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক নগেন ডেকা, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংকৰ নাথ, গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ সম্পাদক আজিজুৰ ৰহমান, অভিনেতা অৰুণ হাজৰিকা, বিশিষ্ট সাংবাদিক অজিত ভূঞা, হাইদৰ হুছেইনৰ লগতে কেবাগৰাকীয়ো বিশিষ্ট ব্য়ক্তি উপস্থিত থাকে ।

বজ্ৰ গৰ্জন

লগতে পঢ়কঃপ্ৰধানমন্ত্ৰীৰ নিৰাপত্তাক লৈ ব্যস্ত মহানগৰ প্ৰশাসন....

"অসমৰ যেতিয়া সংকট আহে তেতিয়া নলবাৰীৰ আপোচহীন সংগ্ৰামী ৰাইজে দৃঢ়তাৰে বাট দেখুৱায়" বুলি অনুষ্ঠানত মন্তব্য কৰে আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷ তেওঁ পুনৰ কয় যে, দিল্লীৰ শ্ৰুতলিপিত অসমৰ স্বাৰ্থ জলাঞ্জলি দিছে সৰ্বানন্দ সোণোৱালে । এই বজ্ৰ গৰ্জন কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশিষ্ট সাংবাদিক অজিত ভূঞাই কয় যে "দিল্লীক ৰঙা চকু দেখুৱাব পৰাকৈ অসমে এজন নেতা নাপালে সৰ্বানন্দ সোণোৱালে দিল্লীৰ শ্ৰুতলিপি মতে বঙালীৰ গোলামী কৰিছে কিন্তু অসমীয়াই কেতিয়াও বঙালীৰ গোলামী নকৰে । মন্ত্ৰিত্বই যাৰ শেষ আশা তেওঁৰ পৰা এটা জাতিয়ে কেতিয়াও একো আশা কৰিব নোৱাৰিব" বুলি ব্যক্ত কৰে অজিত ভূঞাই ৷

Intro:আছুৰ বজ্ৰ গৰ্জনত নিনাদিত হল নলবাৰী । Body:নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি পুৱা 11বজাৰ পৰা নলবাৰীৰ ঐতিহ্যমণ্ডিত গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত কা বাতিলৰ দাবীত অনুষ্ঠিত কৰা হয় বজ্ৰ গৰ্জন । এই গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰতে বিজেপিয়ে প্ৰথম শান্তি সমদল হৈছিল । আৰু আজি এই গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কা বিৰোধী প্ৰতিবাদ । আজিৰ এই কা বিৰোধী প্ৰতিবাদী কাৰ্যসুচীত নলবাৰীৰ হৰিমন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক নগেন ডেকা, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাঙ্কৰ নাথ, গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ সম্পাদক আজিজুৰ ৰহমান, যুব ছাত্ৰ পৰিষদৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱা, অভিনেতা অৰুণ হাজৰিকা, বিশিষ্ট সাংবাদিক অজিত ভূঞা, হাইদৰ হুছেইন আদিয়ে প্ৰতিবাদী ভাষণ প্ৰদান কৰে । ভাষণ প্ৰসঙ্গত সমুজ্জল ভট্টাচাৰ্যই কয় যে অসমৰ যেতিয়া সংকট আহে তেতিয়া নলবাৰীৰ আপোচহীন সংগ্ৰামী ৰাইজে দৃঢ়তাৰে বাট দেখুৱায় । হো হো অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভাব প্ৰকাশৰ এক সাহস বুলিও তেওঁ ব্যক্ত কৰে । তেওঁ পুনৰ কয় যে দিল্লীৰ শ্ৰুতলিপিত অসমৰ স্বাৰ্থ জলাঞ্জলি দিছে সৰ্বানন্দ সোণোৱালে । আন্দোলনে অধিবক্তা সকলক উচ্চতম ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিবলৈ শক্তি প্ৰদান কৰিছে বুলিও সমুজ্জল ভট্টাচাৰ্যই ব্যক্ত কৰে । আনহাতে ৰাজ্যিক ভাবে উত্তৰ পূৰ্বাঞ্চল বেলেগ হ'লেও আত্মীক ভাবে উত্তৰ পূৰ্বাঞ্চল এক বুলিও তেওঁ ব্যক্ত কৰে । আনহাতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীএ অসমৰ কা বিৰোধী অহিংসা আন্দোলনক শ্ৰদ্ধা জনোৱা বুলি মুখেৰে কলেই নহ'ব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীএ সদিচ্ছা প্ৰকাশ কৰি কা বাতিল কৰক বুলিও কয় সমুজ্জল ভট্টাচাৰ্য্যই। একেৰে বিটিআৰ চুক্তি মৰ্মে বড়ো সকলৰ স্বাৰ্থ সুৰক্ষিত হোৱাৰ লগতে অবড়ো সকলো সুৰক্ষিত হব লাগিব আৰু এই সম্পৰ্কে অবড়ো সকলক আস্বস্ত কৰাৰ দায়িত্ব চুক্তি কাৰীৰ বুলি মন্তব্য কৰি কয় যে বিটিআৰৰ সকলো ভাষা ভাষী লোকৰ ভাষা সংস্কৃতি সুৰক্ষিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু নিখিল বড়ো ছাত্ৰ সন্থা ৰ লগত আছুএ আলোচনা কৰিব । আজিজুৰ ৰহমানে ভাষণ প্ৰদান কৰি কয় যে সৰ্বানন্দ সোণোৱালে অসম মাতৃক দিল্লীত বিক্ৰী কৰিছে । প্ৰতিজন খিলঞ্জীয়া মুছলমানে আজি শ্বহীদ হ'বলৈ প্ৰস্তুত বুলিও আজিজুৰ ৰহমানে মন্তব্য কৰে । আছুৰ সভাপতি দীপাঙ্কৰ নাথ অসমীয়া ভাষাটো সংকটত পৰিছে বুলি কোৱাৰ লগতে লোকপিয়লত বাংলাদেশৰ পৰা অহা সকলে মাতৃভাষা বঙালীত লিখি অসমীয়া ভাষা গ্ৰাস কৰিব বুলিও মন্তব্য কৰে । ইপিনে হৰিমন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক নগেন ডেকাই ভাষণ প্ৰদান কৰি কয় যে "কা" কি আমি সকলোৱে বুজিছো বুজা নাই কেবল সৰ্বানন্দ আৰু হিমন্তই। আমাক জাতি ধৰ্মৰ নামত ভাগ ভাগ কৰিব বিচৰা কাৰ্য আমি নামানো বুলি ব্যক্ত কৰি নগেন ডেকাই কয় যে নলবাৰীত কেতিয়াও আমি ধৰ্মীয় সংঘাট হব নিদিওঁ ।
21 ত বিজেপিক চাই লম বুলিও নগেন ডেকাই ব্যক্ত কৰে । আনহাতে এই বজ্ৰ গৰ্জন কাৰ্যসূচী ত অংশ গ্ৰহণ কৰি উদাক্ত ভাষণ প্ৰদান কৰি বিশিষ্ট সাংবাদিক অজিত ভূঞাই কয় যে দিল্লীক ৰঙা চকু দেখুৱাব পৰাকৈ অসমে এজন নেতা নাপালে সৰ্বানন্দ সোণোৱালে দিল্লীৰ শ্ৰুতলিপি মতে বঙালীৰ গোলামী কৰিছে কিন্তু অসমীয়াই কেতিয়াও বঙালীৰ গোলামী নকৰে । মন্ত্ৰিত্বই যাৰ শেষ আশা তেওঁৰ পৰা এটা জাতিয়ে কেতিয়াও একো আশা কৰিব নোৱাৰিব বুলি ব্যক্ত কৰি অজিত ভূঞাই কয় যে অসমীয়া এতিয়াও মৰা নাই অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত অসমীয়াই দীঘলীয়া কৈ আন্দোলন কৰিবলৈ সাজু। উল্লেখযোগ্য যে আজি নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত আছুৰ এই বজ্ৰ গৰ্জন কাৰ্যসূচীত সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰে । Conclusion:Byte সমুজ্বল ভট্টাচাৰ্য্য

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.