নলবাৰী,28 অক্টোবৰঃ নলবাৰী জিলাৰ তেৰেছিয়া গাঁৱত গঢ়লৈ উঠিছে এখন ব্যতিক্ৰমি পুথিভঁৰাল ৷ পাণ দোকান বুলিলে আমাৰ মনলৈ সাধাৰণতে আহে তামুল পাণ,গুটখা,আদি সামগ্ৰীয়ে পৰিপূৰ্ণ এখন দোকান ৷ কিন্তু ব্যতিক্ৰম এইখন দোকান স্থানীয় এটা উৎসাহ নামৰ এটা NGOই পাণ দোকান খনৰ কাষতে স্থাপন কৰিছে এটা পুথিভঁৰাল ৷
উৎসাহ নামৰ NGO টোৱে স্থাপন কৰা পুথিভঁৰালটলৈ মুকলি ভাৱে পাণদোকান খনলৈ অহা গ্ৰাহকে কিতাপৰ সুৱাস আৰু জ্ঞান লাভ কৰাৰ সুবিধা কৰিছে । আনহাতে প্ৰতিদিনে এখনকৈ নিয়মীয়া বাতৰি কাকত ৰখাৰ ব্যৱস্থা কৰিছে। যাৰ জৰিয়তে দেশ বিদেশৰ খা-খবৰ লাভ কৰিব পাৰিব গ্ৰাহকে।
![a unique library at nalbari](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-nlb-03-28oct-dl-library-v-as10004_28102020170232_2810f_02265_433.jpg)