ETV Bharat / state

চৰকাৰৰ দৃষ্টি বহিৰ্ভূত এগৰাকী অনাতাঁৰ শিল্পী - পৰমানন্দ দাস

এগৰাকী বিশিষ্ট অনাতাঁৰ শিল্পী ৷ লোকগীতৰ জগতত আছে তেওঁৰ এক সুকীয়া পৰিচয় ৷ তেওঁৰ বাঁহীৰ সুৰে জীপাল কৰিব শ্ৰোতাৰ দেহ-মন ৷ কোন সেইগৰাকী বিশিষ্ট শিল্পী ?

এগৰাকী অনাতাঁৰ শিল্পী
এগৰাকী অনাতাঁৰ শিল্পী
author img

By

Published : Jul 30, 2020, 4:49 PM IST

নলবাৰী, 30 জুলাই: বিশিষ্ট অনাতাঁৰ শিল্পী পৰমানন্দ দাস ৷ লোকগীত গোৱাৰ লগতে লোকগীতত ব্যৱহাৰ হোৱা প্ৰায়বোৰ বাদ্যযন্ত্ৰ নিয়াৰিকৈ বজাব জনা এই লোকশিল্পী গৰাকীৰ ঘৰ নলবাৰী জিলাৰ চেনীকুছি গাঁৱত ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যতো এই শিল্পীগৰাকীয়ে নিজৰ প্ৰতিভাৰে অসমলৈ কঢ়িয়াই আনিছে সুনাম ৷ শৈশৱৰ পৰাই লোকগীতৰ ক্ষেত্ৰখনৰ প্ৰতি আকৃষ্ট হৈ অহা শিল্পীগৰাকীয়ে সান্নিধ্য লাভ কৰিছে অসমৰ বহু গণ্যমান্য শিল্পীৰ ৷ লোকগীতৰ কেইবাগৰাকীও পুৰোধা ব্যক্তিৰ সৈতে একেখন মঞ্চত নিজৰ প্ৰতিভা পৰিৱেশন কৰাৰো সুযোগ লাভ কৰিছে শিল্পীগৰাকীয়ে ৷ 71 বছৰীয়া শিল্পীগৰাকীয়ে অসমৰ সাংস্কৃতিক জগতখনলৈ আগবঢ়াইছে বহু বৰঙণি ৷

বিশিষ্ট অনাতাঁৰ শিল্পী পৰমানন্দ দাস

কিন্তু ইমানৰ পাচতো এই শিল্পী গৰাকীয়ে আজিকোপতি নাপালে নিজৰ প্ৰাপ্য ৷ কেইবাবাৰো অসমৰ চৰকাৰৰ হৈ ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ ভিন্ন স্থানলৈ গৈ অসমৰ নাম উজ্বলোৱা এই শিল্পী গৰাকীক অসম চৰকাৰেই বঞ্চিত কৰি ৰাখিছে নিজ প্ৰাপ্যৰ পৰা ৷ ভিন্ন প্ৰান্তত গীত গাই,বাঁহী,তবলা,দোতৰা ইত্যাদি বাদ্যযন্ত্ৰ বজাই সুনাম কঢ়িয়াই অনা শিল্পীগৰাকীক বিভিন্ন দল-সংগঠন,নাট্যদলে সম্বৰ্ধণা জ্ঞাপন কৰি আহিছে যদিও,আজিলৈ তেওঁ পূৰ্ণ স্বীকৃতি নাপালে অসম চৰকাৰৰ পৰা ৷ বিগত 14 বছৰে তেওঁ শিল্পী পেঞ্চনৰ বাবে আবেদন-নিবেদন কৰা স্বত্বেও কেৱল এবাৰ এটা এককালীন সাহায্য প্ৰদান কৰিয়েই নিজ দায়িত্ব সামৰিছে ৰজাঘৰীয়াই ৷

লোকগীতত ব্যৱহাৰ হোৱা প্ৰায়বোৰ বাদ্যযন্ত্ৰ নিয়াৰিকৈ বজাব জানে শিল্পীগৰাকীয়ে

এটা উৰুখা পঁজাতে দিনৰ পাচত দিন অতিবাহিত কৰা শিল্পীগৰাকীৰ পৰিয়ালক এই পৰ্যন্ত ঢুকি নাপালে কোনো চৰকাৰী আঁচনিয়েও ৷ আনকি ৰোগাগ্ৰস্ত শিল্পী আৰু পত্নীসহ তেওঁৰ দুজনীয়া পৰিয়ালটোৰ খবৰ ল'বলৈ এবাৰলৈয়ো আহৰি নাপালে স্থানীয় জন প্ৰতিনিধি কিম্বা জিলা প্ৰশাসনে ৷ নিজৰ প্ৰাপ্য বিচাৰি ভাগৰি পৰা এই ৰুগীয়া শিল্পী গৰাকীক প্ৰয়োজন জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় অকণমান সহাঁৰিৰ ৷ যাৰ বাবে তেওঁলোকে হাতযোৰ কৰি সংবাদ মাধ্যমযোগে অনুৰোধ জনালে চৰকাৰলৈ ৷

লগতে পঢ়ক: লক ডাউনৰ পিছত চাহিদা বৃদ্ধি পাইছে চাইকেলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.