নলবাৰী,14 ফেব্ৰুৱাৰী: যি সময়ত পুত্ৰ-বোৱাৰীৰ দ্বাৰা লাঞ্চিত-বঞ্চিত হৈ বহু বৃদ্ধ পিতৃ-মাতৃয়ে বৃদ্ধাশ্ৰমত থাকিবলগীয়া ঘটনা সংঘটিত হৈ আহিছে, সেই সময়তে পশ্চিম নলবাৰীৰ নদলাত এটি পৰিয়ালে দেখুৱালে পিতৃ ভক্তিৰ সুন্দৰ নিদৰ্শন । নদলাৰ শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ আংশিক ভূমিদাতা প্ৰয়াত মকুন্দ চৌধুৰীৰ পৰিয়ালে বিদ্যালয়খনত পিতৃৰ সোঁৱৰণত দুই লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিয়ালে তোৰণৰ লগতে পিতৃৰ প্ৰতিমূৰ্তি ৷
শনিবাৰে এই প্ৰতিমূৰ্তি উন্মোচন কৰি পিতৃ ভক্তিৰ পৰিচয় দাঙি ধৰে দম্পতীটোৱে । এই তোৰণ আৰু প্ৰতিমূৰ্তি উন্মোচন কৰে শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক দীপক শৰ্মা আৰু মকুন্দ চৌধুৰীৰ সহধৰ্মিণী প্ৰতিমা চৌধুৰীয়ে । শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰণৱ কুমাৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত মকুন্দ চৌধুৰীৰ সহধৰ্মিণী প্ৰতিমা চৌধুৰী, জ্যেষ্ঠ পুত্ৰ হৰগোবিন্দ চৌধুৰী, কনিষ্ঠ পুত্ৰ পুলেন চৌধুৰী, বোৱাৰী ড৹ পাপৰি ডেকা চৌধুৰীকে ধৰি পৰিয়ালৰ আন সদস্যৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
লগতে পঢ়ক: নলবাৰীত উদযাপন ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ