ETV Bharat / state

আপোনাৰ এধানি সহায়ে হাঁহি বিৰিঙাব পাৰে সনাতনৰ মুখত...

author img

By

Published : Dec 30, 2020, 2:11 PM IST

Updated : Dec 30, 2020, 2:19 PM IST

সন্ধাৰ যুৱক সনাতন কলিতাৰ সম্প্ৰতি বিকল দুয়োটা বৃক্ক ৷ দুৰ্ভগীয়া পৰিয়ালটোৰ হাতত চিকিৎসাৰ বাবে মজুত নাই পৰ্যাপ্ত ধন ৷ পৰিয়ালটোৱে ৰাইজৰ সহায় বিচাৰি কলি কৰিছে এটি বেংক একাউণ্ট নম্বৰ ৷ সেয়া হৈছে- 918010052064170, IFSC কোড-UTIB0001480 ৷

A Family of nalbari need help for medical treatment assam etv bharat news
ৰোগাক্ৰান্ত সনাতন কলিতা

নলবাৰী,30 ডিচেম্বৰ: নলবাৰী জিলাৰ সমীপৰ সন্ধা গাঁৱৰ এটা পৰিয়াল ৷ তিনিজনীয়া পৰিয়ালটোৱে ভৰণ-পোষণৰ বাবে নিৰ্ভৰ কৰিছিল পুত্ৰ সনাতন কলিতাৰ ওপৰত ৷ 21 বছৰীয়া যুৱকগৰাকীৰ সম্প্ৰতি দুয়োটা বৃক্ক বিকল হোৱাত অন্ধকাৰ নামি আহিছে পৰিয়ালটোলৈ ৷ পৰিয়ালটোৰ মুৰব্বী তথা সনাতনৰ পিতৃ শাৰিৰীকভাৱে অক্ষম হোৱাৰ বাবে সম্প্ৰতি অতি কষ্টৰ মাজেৰে জীৱন নিৰ্বাহ কৰিবলগা হৈছে পৰিয়ালটোৱে ৷ দুবেলা-দুমুঠি পেটৰ ভাত যোগাৰ কৰিবলৈ অক্ষম পৰিয়ালটোৰ হাতত মজুত নাই সনাতনৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত ধন ৷ শয্যাগত সনাতনে পূৰ্বে সৰু-সুৰা বিভিন্ন কাম কৰি পৰিয়ালটোৰ ভৰণ-পোষণৰ ব্যৱস্থা কৰিছিল ৷

উল্লেখ্য যে, ৰাজ্য চৰকাৰে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ কল্যাণৰ হকে সময়ে সময়ে মুকলি কৰি আহিছে বিভিন্ন আঁচনি ৷ কিন্তু চৰকাৰৰ কোনো আঁচনিয়ে আজিলৈকে ঢুকি পোৱা নাই এই পৰিয়ালটোক ৷ এই অভিযোগ উত্থাপন কৰিছে স্বয়ং পৰিয়ালটোৱে ৷ শাসকীয় দলৰ কোনো মন্ত্ৰী অথবা স্থানীয় বিধায়কৰ চকুত নপৰা পৰিয়ালটোৱে সম্প্ৰতি চকুৰ পানী টুকি পাৰ কৰিছে দিন ৷ বিগত প্ৰায় এবছৰ পূৰ্বে ৰোগত আক্ৰান্ত হোৱা সনাতনৰ দুয়োটা বৃক্ক বিকল হোৱা কথাটো কিছুদিন পূৰ্বেহে পোহৰলৈ আহে ৷

এধানি সহায়ে হাঁহি বিৰিঙাব পাৰে সনাতনৰ মুখত...

সম্প্ৰতি এই দুৰ্ভগীয়া পৰিয়ালটোৱে সহায়ৰ বাবে বাট চাইছে কোনো সদাশয় লোকৰ ৷ কোনো লোকে যৎকিঞ্চিত সহায় কৰি যুৱকজনৰ জীয়াই থকাৰ আশা বৃদ্ধি কৰাত অৰিহণা যোগাব পাৰে ৷ পৰিয়ালটোৱে ৰাইজৰ সহায় বিচাৰি মুকলি কৰিছে এটি বেংক একাউণ্ট নম্বৰ ৷ সেয়া হৈছে- 918010052064170, IFSC কোড হৈছে UTIB0001480 ৷ আপোনাৰ এধানিমান সহায়ে হাঁহি বিৰিঙাব পাৰে দুৰ্ভগীয়া পৰিয়ালটোৰ মুখত ৷

লগতে চাওকঃ প্ৰাপ্য বিচাৰি শ্বহীদ হ’ল ৰেৱতী পাউ

Last Updated : Dec 30, 2020, 2:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.