ETV Bharat / state

16গৰাকীকৈ শিক্ষকে উত্তীৰ্ণ কৰাব নোৱাৰিলে একমাত্ৰ শিক্ষাৰ্থীগৰাকীকো

author img

By

Published : Jun 9, 2022, 9:28 PM IST

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক(HSLC Exam Result 2022) লৈ নলবাৰীৰ এখন বিদ্যালয়ত নাই কোনো উচাহ ৷ কাৰণ বিদ্যালয়খনৰ 16 গৰাকী শিক্ষকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৰাব নোৱাৰিলে বিদ্যালয়খনত অধ্যয়নৰত একমাত্ৰ শিক্ষাৰ্থীগৰাকীকো ৷

HSLC Exam Result 2022
16গৰাকী শিক্ষকে উত্তীৰ্ণ কৰাব নোৱাৰিলে এগৰাকী শিক্ষাৰ্থীক

নলবাৰী, 9 জুন : ৰাজ্যত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক (HSLC Exam Result 2022) লৈ উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷ এনে সময়তে ৰাজ্যৰ এখন বিদ্যালয়ত দেখিবলৈ পোৱা গৈছে এক নিমাওমাও সদৃশ পৰিৱেশ ৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ বিদ্যালয়খনত নাই কোনো উছাহ ৷

কিয়নো 16 গৰাকী শিক্ষক-শিক্ষয়ত্ৰীয়ে চেষ্টা কৰিও উত্তীৰ্ণ কৰাব নোৱাৰিলে একমাত্ৰ শিক্ষাৰ্থীগৰাকীক (Poor Results in HSLC exam 2022) । এই বিশেষ বিদ্যায়খন হৈছে নলবাৰীৰ বৰকুৰিহা বিদ্যা মন্দিৰ হাইস্কুল ৷ নলবাৰীৰ বৰকুৰিহা বিদ্যা মন্দিৰ হাইস্কুলৰ এই খবৰে এতিয়া চকু কপালত তুলিছে অঞ্চলটোৰ ৰাইজৰ ৷

ইফালে একমাত্ৰ শিক্ষাৰ্থীগৰাকীৰ এই ফলাফলক লৈ সংবাদ মাধ্যমৰ আগত গা-এৰা মন্তব্য দিলে বিদ্যালয়খনৰ শিক্ষকে ।

আনহাতে, এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰাও বিৰত থাকে এই বিশেষ বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে ৷ যাক লৈ এতিয়া হতভম্ব হৈ পৰিছে অঞ্চলবাসীও ।

লগতে পঢ়ক : HSLC Exam Result 2022 : আগ্ৰহ আৰু একাগ্ৰতাৰ প্ৰমাণ পিতৃহাৰা বৰষাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.