চামগুৰি, 31 অক্টোবৰ : নগাঁৱৰ জুৰীয়াত চাঞ্চল্যকৰ ঘটনা । যৌতুকৰ বাবেই পত্নীক কেৰাচিন ঢালি জ্বলাই দিয়াৰ অভিযোগ স্বামীৰ লগতে পৰিয়ালৰ লোকৰ বিৰুদ্ধে । জুৰীয়াৰ নগাবন্ধাত সংঘটিত হৈছে এই ঘটনা। পিতৃ গৃহৰ পৰা স্বামীৰ পৰিয়ালে দাবী কৰা ধন আনিবলৈ অমান্তি হোৱাৰ বাবেই জ্বলাই হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে । তিনিবছৰৰ পূৰ্বে শিঙাৰী গাঁৱৰ মহিলা গৰাকী বিবাহপাশত আবদ্ধ হৈছিল নগাবন্ধা গাঁৱৰ আতাবুৰ ৰহমানৰ সৈতে । বিবাহৰ পিছৰ পৰাই স্বামীৰ পৰিয়ালে যৌতুক বিছাৰি মহিলাগৰাকীক অকথ্য নিৰ্যাতন চলাই অহাৰো অভিযোগ উত্থাপন হৈছে ।
কিন্তু স্বামীৰ পৰিয়ালৰ নিৰ্যাতন মাজতো দাবী কৰা ধন আনিবলৈ অমান্তি হৈছিল মহিলা গৰাকী । তাৰেই পৰিণতিত স্বামী ,শাহুৱেক আৰু দেওৰেকে মিলি কেৰাচিন তেল ঢালি মহিলাগৰাকীক জ্বলাই দিয়াৰ অভিযোগ উঠিছে । দেহৰ ৮০শতাংশ দগ্ধ হোৱা মহিলা গৰাকী বৰ্তমান জি এম চি এইচত মৃত্যুৰ সৈতে যুঁজি আছে । অগ্নিদগ্ধ মহিলা গৰাকীৰ পৰিয়ালে ঘটনা সংক্ৰান্তত স্বামী,শাহু সহ মুঠ পাচঁ জনৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত গোচৰ তৰিছে । আৰক্ষীয়ে ইতিমধ্যে মহিলা গৰাকীৰ স্বামী আতাবুৰক আটক কৰিছে ।
লগতে পঢ়ক : বিটিআৰ চুক্তি সংশোধন নহ’লে বড়ো-অবড়োৰ সংঘাত হ’ব : হাগ্ৰামা