ETV Bharat / state

AAMSU Protest in Delhi: চৰকাৰ বিৰোধী শ্ল’গানেৰে দিল্লীৰ যন্তৰ মন্তৰ কঁপালে আমছুৱে

author img

By

Published : Oct 31, 2022, 4:43 PM IST

প্ৰতিবাদী শ্ল'গানেৰে এইবাৰ অসম এৰি দিল্লীৰ যন্তৰ মন্তৰ কপালে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে (All Assam Minority Students Union Protest in Delhi) ৷ অমানবীয় উচ্ছেদ বন্ধ, উচ্ছেদকাৰীসকলক পুনৰ সংস্থাপনৰ দিয়া, ধৰ্মীয় অনুষ্ঠানৰ ওপৰত কৰা উচ্ছেদ বন্ধ কৰাৰ লগতে বিভিন্ন সমস্যাৰ‌ দাবীত সোমবাৰে দিল্লীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

AAMSU Protest in Delhi
AAMSU Protest in Delhi: চৰ অঞ্চলৰ লোকখিনিয়ে অসমক অৰ্থনৈতিকভাৱে আগবঢ়াত সহায় কৰিছে

দলগাঁও, 31 অক্টোবৰ: প্ৰতিবাদী শ্ল'গানেৰে এইবাৰ অসম এৰি দিল্লীৰ যন্তৰ মন্তৰ কপালে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে (All Assam Minority Students Union Protest in Delhi) ৷ "অসম চৰকাৰৰ লগতে ৰাজ্যিক বিজেপি চৰকাৰখনে অসমৰ সংখ্যলঘুসকলৰ ওপৰত কৰি আছে তাৰে ন্যায়ৰ দাবীত আজি আমি যন্তৰ মন্তৰত এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো ৷ এই চৰকাৰখন অহাৰ পৰা অসমৰ মাদ্ৰাছাসমূহৰ ওপৰত যিদৰে বুলড’জাৰ চলোৱা হৈছে তাক তীব্ৰভাৱে বিৰোধিতা কৰিছো ৷ অসমত ধৰ্মীয় শিক্ষা শেষ কৰিবলৈ দিয়া নহ’ব’’ ৷ এই ধৰণৰ বিভিন্ন দাবীৰে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদত বহিল আমছু ৷

আমছু নেতৃত্বই কয়, ‘‘বিভিন্ন সময়ত গৰা খহনীয়াৰ ফলত একাংশ লোকে যতে ততে বাস কৰিবলগীয়া হৈছে তেনে মানুহখিনিক ভাৰতীয় নাগৰিক হোৱাৰ উপৰিও সংখ্যালঘু মুছলমান হোৱাৰ কাৰণে তেওঁলোকক বুলড’জাৰ লগাই জেচিবি লগাই অবৈধভাৱে উচ্চেছদ কৰি আছে ৷ আমি এই উচ্ছেদ প্ৰক্ৰিয়া বন্ধ কৰাৰ দাবী উত্থাপন কৰিছো ৷ ইতিমধ্যে যিসলক উচ্ছেদ কৰিছে সেইসকল লোকৰ পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰিছো’’ ৷

‘‘চৰ অঞ্চলৰ লোকখিনিয়ে অসমক অৰ্থনৈতিকভাৱে আগবঢ়াত সহায় কৰি আহিছে ৷ তাৰ পিছতো চৰ অঞ্চলৰ লোকসকলৰ যি জীৱনধাৰণৰ মানদণ্ড, তেওঁলোকে যেনেকৈ বাস কৰে সেই বিষয়ে জনাৰ পিছতো সেই চৰ অঞ্চলৰ লোকসকলৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ দ্বিভোটাৰ খিনিক ভাৰতীয় নাগৰিকৰ স্বীকৃতি পোৱাকে এন আৰ চিৰ চাৰ্টিফিকেট প্ৰদান কৰিব লাগিব ৷" এই মন্তব্য প্ৰকাশ কৰে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে (AAMSU president Rezaul Karim Sarkar) ৷

অমানবীয় উচ্ছেদ বন্ধ, উচ্ছেদকাৰীসকলক পুনৰ সংস্থাপনৰ দিয়া, ধৰ্মীয় অনুষ্ঠানৰ ওপৰত কৰা উচ্ছেদ বন্ধ কৰাৰ লগতে বিভিন্ন সমস্যাৰ‌ দাবীত সোমবাৰে দিল্লীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰী সকলে অমানৱীয় উচ্ছেদ বন্ধ কৰক, উচ্ছেদিত লোকক পুনৰ সংস্থাপন দিয়ক, মাদ্ৰাছা ওপৰত চলোৱা ‌উচ্ছেদ বন্ধ কৰক, অসম চৰকাৰ মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল’গানেৰে যন্তৰ মন্তৰৰ চৌহদ কঁপাই তোলে ৷

উক্ত প্ৰতিবাদী কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ নেতৃত্বত আমছুৰ বিভিন্ন জিলাৰ পাঁচ শতাধিক নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (AAMSU Protest in Delhi)৷

লগতে পঢ়ক: National Unity Day : অসমৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে একতা দৌৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.