নগাঁও,18মেঃ দেশজুৰি ক'ৰণা মহামাৰীয়ে সকলোকে ত্রাসিত কৰাৰ সময়তে দেওবাৰে বিয়লি সুৰাৰ আড্ডা চলিল নগাঁৱৰ এটা চৰকাৰী কাৰ্য্যায়ৰ কেণ্টিনত। ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ মণ্ডল সন্থাৰ কেণ্টিনত মদ মাংসৰ আড্ডা চলি থকা সময়তে উপস্থিত হয় সংবাদ মাধ্যমৰ লোক।
কেমেৰা দেখাৰ লগে লগে আড্ডাত নিমজ্জিত লোকসকলে ফৰিং চিটিকা দি পলায়ন কৰে উক্ত স্থানৰ পৰা ৷ মদ মাংসৰ আড্ডাত নিমজ্জিত লোকসকল কাৰ্য্যালয়টোৰে কৰ্মচাৰী বুলি সন্দেহ কৰা হৈছে। ইপিনে এইক্ষেত্ৰত জিলা উপায়ুক্ত যাদৱ শইকীয়াই তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়কঃ বৰবাৰীত কোৱাৰেণ্টাইন শিবিৰ স্থাপনক লৈ ৰাইজৰ মাজত হাহাকাৰ