ETV Bharat / state

Web Portel Reporter Detained: যুৱতীৰ শ্লীলতা হানিৰ অভিযোগত তেজপুৰত আটক দুজন সাংবাদিকক - ৱেব পৰ্টেলৰ সাংবাদিক

এগৰাকী যুৱতীক শাৰীৰিকভাৱে অপদস্থ কৰি আটক হ’ল কলিয়াবৰৰ দুই ৱেব পৰ্টেলৰ সাংবাদিক (Web Portel Reporter Detained) ৷ তেজপুৰ আৰক্ষীয়ে আটক কৰিলে সুৰাৰ ৰাগীত মাতাল হৈ উদ্ভণ্ডালি কৰা অনুপ বৰা আৰু বিমান বৰুৱা নামৰ কলিয়াবৰৰ দুই তথাকথিত সাংবাদিকক ৷ পূৰ্বেও ধনদাবীৰ কৰি বাতৰিৰ শিৰোনাম হৈছিল এই দুই ভণ্ড সাংবাদিক ৷

Web Portel Reporter Detained
তেজপুৰ আৰক্ষীৰ জালত ৱেব পৰ্টেলৰ দুই ভণ্ড সাংবাদিক
author img

By

Published : Jan 2, 2023, 6:46 PM IST

Updated : Jan 2, 2023, 7:07 PM IST

তেজপুৰ আৰক্ষীৰ জালত ৱেব পৰ্টেলৰ দুই ভণ্ড সাংবাদিক

কলিয়াবৰ, 2 জানুৱাৰী: সাংবাদিকতাৰ পৱিত্ৰ বৃত্তিত কালিমা সানি বছৰৰ প্ৰথম দিনাই ৰঙাঘৰৰ আলহী হ’ল দুই ৱেব পৰ্টেলৰ সাংবাদিক (Web portal reporter arrested in Tezpur) ৷ সুৰাৰ ৰাগীত মাতাল হৈ বনভোজ খাবলৈ অহা যুৱতীৰ গাত হাত দি আৰু বাহন ভাঙি চূড়ান্ত অসভ্যালি কৰা কলিয়াবৰৰ দুই ৱেব পৰ্টেলৰ সাংবাদিকক আটক কৰিলে তেজপুৰ আৰক্ষীয়ে (Reporter arrested for assaulting woman) ৷ ভুক্তভোগী যুৱতীৰ এজাহাৰৰ ভিত্তিত তেজপুৰ আৰক্ষীয়ে আটক কৰিলে কলিয়াবৰৰ স্বয়ম্ভূ সাংবাদিক অনুপ বৰা আৰু বিমান বৰুৱাক ৷

উল্লেখ্য যে, বনভোজ খাবলৈ অহা এগৰাকী যুৱতীক তথাকথিত সাংবাদিকদ্বয়ে সুৰাপান কৰি অশালীন ব্যৱহাৰ কৰিছিল ৷ কেৱল অশালীন ব্যৱহাৰেই নহয়, যুৱতীগৰাকীকো শাৰীৰিকভাৱে অপদস্থ কৰাৰ চেষ্টা কৰিছিল ৱেব পৰ্টেলৰ সাংবাদিক অনুপ বৰা আৰু বিমান বৰুৱাই ৷ সমান্তৰালভাৱে, এখন বাহনতো শিলগুটি নিক্ষেপ কৰি ক্ষতিসাধন কৰে দুই স্বয়ম্ভূ সাংবাদিকে ৷

ঘটনা অনুসৰি, প্ৰথমাৱস্থাত বনভোজকাৰী এটা দলৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল এই দুই পাবত গজা সাংবাদিক ৷ ইয়াৰ পিছতেই বনভোজলৈ যোৱা দলটোক আবদ্ধ কৰি ৰাখি অশালীন গালি-গালাজ কৰাৰ লগতে দলটোৰ এগৰাকী যুৱতীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ চেষ্টা কৰে ৷ ইয়াৰ পিছতেই দলটোৰ এখন বাহনৰ ক্ষতি সাধন কৰে দুই সাংবাদিকে ৷

ইমানতে ক্ষান্ত নাথাকি সুৰাৰ ৰাগীত মাতাল দুই পাবত গজা স্বয়ম্ভূ সাংবাদিকে দলটোক গুলীয়াই দিয়াৰো ভাবুকি প্ৰদান কৰে ৷ এই ঘটনাৰ পিছতে দুয়োৰে বিৰুদ্ধে ভুক্তভোগীয়ে আৰক্ষীক দাখিল কৰে এজাহাৰ (FIR against web portal reporter) ৷ এজাহাৰৰ ভিত্তিতেই দুয়োকে সোধা-পোছাৰ বাবে আটক কৰে তেজপুৰ আৰক্ষীয়ে ৷

স্মৰ্তব্য যে, কিছুদিন পূৰ্বেও কাঠমিলৰ পৰা ধনদাবী কৰি বাতৰিৰ শিৰোনাম দখল কৰিছিল দুই তথাকথিত সাংবাদিকে (Reporter demanded money) ৷ এই দুই গুৰু-গোঁসাই নমনা সাংবাদিক নামধাৰি ভক্ত যুৱকৰ বিৰুদ্ধে পূৰ্বেও আছে বহু অভিযোগ ৷ নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে সাংবাদিক বুলি নিজকে পৰিচয় দি বিভন্ন সময়ত অশালীন কাম-কাজ সংঘটিত কৰাৰো অভিযোগ আছে দুয়োৰে বিৰুদ্ধে ৷ কলিয়াবৰবাসীৰ বাবে একপ্ৰকাৰৰ মূৰৰ কামোৰণি হৈ পৰিছিল এই দুই ভণ্ড সাংবাদিক ৷ কিন্তু এওঁলোকৰ বিৰুদ্ধে এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ’ব লক্ষ্যণীয় ৷

উল্লেখ্য যে, ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ ৱেব পৰ্টেলৰ(Web portal in Assam) স্বয়ম্ভূ সাংবাদিকে বহু অনৈতিক কামৰ লগত জড়িত হৈ অহাৰ অভিযোগ প্ৰায়ে উত্থাপন হয় ৷ একাংশই সাংবাদিকৰ পৰিচয় পত্ৰ ব্যৱহাৰ কৰি ধন দাবীৰ লগতে বিভিন্ন অনৈতিক কাৰ্য সংঘটিত কৰাৰো অভিযোগ নতুন নহয় ৷ যাব বাবে কলংকিত হৈ পৰিছে সাংবাদিকতাৰ বৃত্তি ৷

ইফালে, তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই(Minister Piyush Hazarika) কাঠফুলাৰ দৰে গঢ়ি উঠা ৱেব পৰ্টেলৰ বাবে ব্যৱস্থা গ্ৰহণ আৰু নিৰ্দেশনা জাৰিৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও সেয়া কাৰ্যকৰী হৈ উঠা নাই ৷

লগতে পঢ়ক: Lovers committed suicide: প্ৰেমিক-প্ৰেমিকাৰ আত্মহত্য়াৰ ঘটনাক লৈ ধুবুৰীত তীব্ৰ চাঞ্চল্য

Last Updated : Jan 2, 2023, 7:07 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.