ETV Bharat / state

ছ'চিয়েল মিডিয়াৰ এটা ভাইৰেল ভিডিঅ':দক্ষতা এটি কণমানিৰ - ছ'চিয়েল মিডিয়া

নগাঁও জিলাৰ কামপুৰৰ বকুলগুৰিৰ এটি কণমানি শিশুৰ বাঁহীৰ সুৰে মোহিছে সকলোকে ৷ শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত জনপ্ৰিয় হৈ পৰিছে শিশুটি ৷

দক্ষতা এটি কণমানিৰ
দক্ষতা এটি কণমানিৰ
author img

By

Published : Feb 15, 2020, 4:27 PM IST

নিউজ ডেস্ক, 15 ফেব্ৰুৱাৰীঃ এটি কণমানি শিশুৰ মন পৰশা বাঁহীৰ সুৰে মোহিছে সকলোকে | ছ'চিয়েল মিডিয়াতো ভাইৰেল শিশুটিৰ বাঁহী বাদন | শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত জনপ্ৰিয় হৈ পৰিছে কামপুৰৰ এটি শিশু ৷ শিশুটিৰ নাম নৱজ্যোতি লস্কৰ | পঞ্চম মান শ্ৰেণীৰ ছাত্ৰ নৱজ্যোতিৰ ঘৰ নগাঁও জিলাৰ কামপুৰৰ বকুলগুৰিত ৷ কণমানি বয়সৰ পৰাই বাঁহীত সুন্দৰ সুৰ প্ৰতিধ্বনিত কৰিব পাৰে নৱজ্যোতিয়ে ৷ কণমানিটোৰ সপোন,ভৱিয্যতে এগৰাকী প্ৰষিদ্ধ বাঁহী বাদক হিচাপে নিজকে গঢ়ি তোলাৰ ৷

ছ'চিয়েল মিডিয়াৰ এটা ভাইৰেল ভিডিঅ': দক্ষতা এটি কণমানিৰ

কিন্তু বাঁহীৰ কোনো আনুষ্ঠনিক শিক্ষা নাই কণমানি নৱজ্যোতিৰ ৷ কিয়নো আৰ্থিকভাৱে দুৰ্বল নৱজ্যোতিৰ পৰিয়ালটোৱে বহন কৰিব নোৱাৰে কোনো অভিজ্ঞ বাঁহী বাদকৰ শিক্ষাৰ খৰচ ৷ বাঁহী বাদনত পাৰ্গত দৰিদ্ৰ পৰিয়ালৰ এই শিশুটিক প্ৰয়োজন উপযুক্ত বাঁহী বাদনৰ আনুষ্ঠানিক শিক্ষাৰ ৷ শিশুটিক এক উপযুক্ত শিক্ষা প্ৰদান কৰি সকলোৱে যেন তাৰ অনাগত ভৱিষ্যতৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰে, এয়াই কামনা বিদ্যালয়ৰ শিক্ষক সকলকে ধৰি সমগ্ৰ অঞ্চলবাসীৰ ৷

লগতে পঢ়কঃ খাদ্য নলীৰ জটিল ৰোগত আক্ৰান্ত টিয়কৰ এটি কণমানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.