ETV Bharat / state

মৰাপাট নিগমৰ শীৰ্ষ বিষয়াৰ কাণ্ডক লৈ ক্ষুদ্ধ বীৰ লাচিত সেনা

author img

By

Published : Aug 21, 2021, 6:20 PM IST

জুৰীয়াৰ মৰাপাট নিগমৰ বঙালী ভাষী বিষয়াই দুগৰাকী মহিলা কৰ্মচাৰীক বঙালী ভাষা ক'বলৈ হেঁচা প্ৰয়োগ কৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন দল-সংগঠনে বিষয়া দুগৰাকীৰ এনে কাণ্ডক লৈ ক্ষোভিত হৈ পৰিছে । শনিবাৰে মহিলা দুগৰাকীৰ বাসগৃহত উপস্থিত হৈ ঘটনাৰ বুজ ল'লে বীৰ লাচিত সেনা অসমৰ প্ৰতিনিধি দলে ।

Veer Lachit sena reaction on Bangla language speaking at office
মৰাপাট নিগমৰ শীৰ্ষ বিষয়াৰ কাণ্ডক লৈ ক্ষুদ্ধ বীৰ লাচিত সেনা

ৰূপহীহাট, ২১ আগষ্ট: অসমতে অসমীয়াৰ অস্তিত্ব বিপন্ন কৰাৰ চেষ্টা কৰা নগাঁৱৰ জুৰীয়াৰ মৰাপাট নিগমৰ বঙালী ভাষী বিষয়াৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে ৰাজ্যবাসী । এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন দল-সংগঠনে । জুৰীয়াৰ মৰাপাট নিগমৰ বঙালী ভাষী বিষয়া সঞ্জয় কুমাৰ বৰ্মন আৰু শিৱকুমাৰ জানাই দুগৰাকী অসমীয়া মহিলাক বঙালী ভাষা ক'বলৈ হেঁচা প্ৰয়োগ কৰি আহিছিল । তেওঁলোকে বঙালী ভাষা নোকোৱাৰ বাবে জাননী নিদিয়াকৈ কামৰ পৰা আঁতৰ কৰাৰো পৰিকল্পনা কৰিছিল বুলিও অভিযোগ উত্থাপিত হৈছে ।

শনিবাৰে এই মহিলা দুগৰাকীৰ জুৰীয়াস্থিত বাসগৃহত উপস্থিত হয় বীৰ লাচিত সেনা অসমৰ এটা প্ৰতিনিধি দল । প্ৰথমে জুৰীয়া তেলিয়া বেবেজীয়া গাঁৱৰ এই মহিলা দুগৰাকীক তেওঁলোকৰ বাসগৃহতে সাক্ষাৎ কৰি ঘটনাৰ বুজ লয় । ইয়াৰ পিছত বীৰ লাচিত সেনা অসমৰ সাংগঠনিক সম্পাদক ৰিতুঞ্জয় তামুলী, সংগঠনটোৰ আই টি কোষৰ মুৰব্বী অভিলাষ বৰা, গোলাঘাট জিলা সমিতিৰ মুখ্য সাংগঠনিক সচিব দিপু হাজৰিকাৰ লগতে নগাঁও জিলাৰ উৎপল বৰা আৰু হাতীচুং বীৰ লাচিত সেনাৰ সদস্য় প্ৰদীপ বৰা, গণেশ বৰাসহ এই প্ৰতিনিধি দলটোৱে জুৰীয়া মৰাপাট নিগমৰ কাৰ্যালয়ত উপস্থিত হৈ বিক্ষোভ প্ৰদৰ্শন কৰে ।

'অসমত কেৱল অসমীয়াগিৰি চলিব, বেলেগ নচলে' আদি শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ । জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক ঘটনাটোৰ লগত জড়িত দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰো দাবী জনায় সংগঠনটোৱে । লগতে পৰৱৰ্তী সময়ত ভুক্তভোগী পৰিয়ালক সহায় কৰাৰ আশ্বাস দিয়ে বীৰ লাচিত সেনাৰ প্ৰতিনিধি দলে ।

এই ঘটনা সন্দৰ্ভত বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা পৃথকে আন এক গোচৰ ৰুজু কৰাৰ কথাও ঘোষণা কৰে সংগঠনটোৰ প্ৰতিনিধিয়ে । বীৰ লাচিত সেনাৰ লগতে নগাঁও জিলা আমছু, আমছুৰ জুৰীয়া আঞ্চলিক সমিতিয়ে এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উচিত তদন্তৰ দাবী জনায় । ইপিনে, এই ঘটনা সন্দৰ্ভত মৰাপাট নিগমৰ দুই বিষয়াক সোধা-পোছাৰ বাবে আটক কৰিছে আৰক্ষীয়ে । উল্লেখ্য যে, ভুক্তভোগী মহিলা দুগৰাকীয়ে বৃহস্পতিবাৰে কেমেৰাৰ সন্মুখতে বিষয়া দুগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল ৷

লগতে পঢ়ক:উদিয়ানাত ড্ৰাগছ ব্যৱসায়ী জাহাংগীৰ আলীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.