ৰূপহীহাট,৫ মে’: ৰাজ্যৰ ভিন্ন স্থানত বন বিভাগৰ অজ্ঞাতে চলি আছে একাংশ অবৈধ কাঠফলা মিল । একাংশ প্ৰান্তত আকৌ বন বিভাগৰ চকুৰ সন্মুখতে একাংশ অসাধু লোকে চলাই গৈছে এই মিলসমূহ । এইবাৰ নগাঁও জিলাৰ বন বিভাগ কঠোৰ হৈছে এনে মিলৰ বিৰুদ্ধে ।

নগাঁও জিলা বন বিষয়াৰ নেতৃত্বত বুধবাৰে ৰূপহীহাটৰ গেৰেকীত এটা অবৈধ কাঠফলা মিলৰ পৰা বিভিন্ন সামগ্ৰী জব্দ কৰা হয় ৷ ৰূপহীহাটৰ গেৰেকীত অবৈধভাৱে নুৰুল আমিন নামৰ লোকজনে বহু দিন ধৰি চলাই আহিছিল মিলটো । এই খবৰ লাভ কৰাৰ পিছতে নগাঁও জিলাৰ বন বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত বন বিভাগৰ এটা দলে বুধবাৰে অতৰ্কিতে মিলটোত অভিযান চলায় ৷ অভিযানকাৰী দলটোৱে মিলটোৰ যন্ত্ৰ-পাতিসমূহ জব্দ কৰি মিলটো উচ্ছেদ কৰে ৷

লগতে পঢ়ক: ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চা ভংগ