ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা নগাঁৱৰ সাহিত্যিকৰ

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নিজৰ নিজৰ মত পোষণ কৰিছে ৰাজ্যৰ বুদ্ধিজীৱিসকলে ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত শ্বহীদ হোৱা পাঁচজনকৈ লোকক লৈ আৱেগিক হৈ পৰে অসম আন্দোলনৰ অগ্ৰণী নেতা তথা শংকৰী সাহিত্যৰ পণ্ডিত তিলকচন্দ্ৰ মজুমদাৰ ৷ আনহাতে,জাতিধ্বংসী আইনখনক লৈ মন্তব্য কৰে বিশিষ্ট সাহিত্যিক লেখক উপেন্দ্ৰ বৰকটকীয়ে ৷ স্বাধীন ভাৰতৰ প্ৰতিটো চৰকাৰেই কেৱল বঞ্চনা আৰু শোষণ কৰি আহিছে অসমক বুলি মন্তব্য বিশিষ্ট সাহিত্যকগৰাকীৰ ৷

Tilakchandra Mazumdar and Upendra Chanra Borkotoky reaction on CAA
‘কা’ সন্দৰ্ভত মন্তব্য তিলকচন্দ্ৰ মজুমদাৰ আৰু উপেন্দ্ৰ বৰকটকীৰ
author img

By

Published : Dec 16, 2019, 7:39 PM IST

নগাঁও,16 ডিচেম্বৰঃ ইতিমধ্যেই আইনত পৰিণত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ দেশৰ সৰ্বত্ৰে অব্যাহত উত্তাল প্ৰতিবাদ ৷ উক্ত জাতিধ্বংসী আইনখনৰ বিৰুদ্ধে নিজৰ নিজৰ মত পোষণ কৰিছে ৰাজ্যৰ বুদ্ধিজীৱিসকলে ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত শ্বহীদ হোৱা পাঁচজনকৈ লোকক লৈ আৱেগিক হৈ পৰে অসম আন্দোলনৰ অগ্ৰণী নেতা তথা শংকৰী সাহিত্যৰ পণ্ডিত তিলকচন্দ্ৰ মজুমদাৰ ৷ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনত পৰিণত কৰি অসমৰ অস্তিত্ব নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰা বুলি মন্তব্য প্ৰকাশ কৰে তিলকচন্দ্ৰ মজুমদাৰে ৷ 855 গৰাকী শ্বহীদৰ ত্যাগৰ বিনিময়ৰ অসম বিক্ৰী কৰিব বিচাৰিছে চৰকাৰে ৷ পূৰ্বেও উচটনিমূলক মন্তব্যৰে অসমীয়া যুৱকক শ্বহীদ কৰা অতুল বৰা,চন্দ্ৰমোহনহতে এতিয়াও অসমীয়া ডেকাক শ্বহীদ কৰিব বিচাৰিছে বুলি কয় অসম আন্দোলনৰ নেতাগৰাকীয়ে ৷

‘কা’ সন্দৰ্ভত মন্তব্য তিলকচন্দ্ৰ মজুমদাৰৰ

আনহাতে,জাতিধ্বংসী আইনখনক লৈ মন্তব্য কৰে বিশিষ্ট সাহিত্যিক লেখক উপেন্দ্ৰ বৰকটকীয়ে ৷ স্বাধীন ভাৰতৰ প্ৰতিটো চৰকাৰেই কেৱল বঞ্চনা আৰু শোষণ কৰি আহিছে অসমক ৷ ভাষা বুলি ক’লে মৰিবলৈ সাজু অসমীয়া ৷ যি ভাষাক লৈ অসমত আন্দোলন হৈছিল এতিয়া আইৰ মুখৰ মাত বন্ধ কৰিবলৈ ষড়যন্ত্ৰ কৰা চৰকাৰৰ বিৰুদ্ধেও গঢ়ি উঠিছে অভূতপূৰ্ব আন্দোলন ৷ যি আন্দোলনে চেৰ পেলালে অসম আন্দোলনকো বুলি মন্তব্য প্ৰকাশ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে ৷ জাতিক বিশ্বাসঘাটকতা কৰি চৰকাৰৰ এনে জাতিধ্বংসী কাৰ্যত অগপই হাত উজান দিয়া বুলি মন্তব্য কৰি,‘সময়ে এওঁলোকক ভাল শিক্ষা দিব,এওঁলোক সময়ত খলনায়কতকৈ অধিক নৰাধম হিচাপেহে স্বীকৃতি পাব’ বুলি ব্যক্ত কৰে সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে ৷

‘কা’ সন্দৰ্ভত মন্তব্যউপেন্দ্ৰ বৰকটকীৰ

লগতে পঢ়ক- তীব্ৰতৰ হৈছে নাগৰিকত্ব সংশোধিত আইন বিৰোধী আন্দোলন

Intro:তাহানিৰ পৰাই নিজৰ অস্তিত্বৰ বাবে আন্দোলন কৰা অসময়ীয়াই আজিও কৰিবলগীয়া হৈছে আন্দোলন। পূৰ্বেও উচটনিমূলক বক্তৃতাৰে অসমীয়া যুৱকক শ্বহীদ কৰা অতুল, চন্দ্রমোহনহতে পুনৰ শ্বহীদ কৰাত লাগিছে অসমীয়া ডেকাক। আইৰ মুখৰ মাত কাঢ়িবলৈ কৰিছে ষড়যন্ত্ৰ। জাতিক বিশ্বাসঘাটকতা কৰা অগপক সময়ে দিব উচিত শিক্ষা। এসময়ত নৰধাম হিচাপে স্বীকৃতি পাব এওঁলোকে। কোনে কিয় কলে চাওক ই টি ভি ভাৰতৰ এক প্ৰতিবেদন।

Body:অসমক বিক্ৰী কৰিব বিচাৰিছে চৰকাৰে।
পুনৰ অসমীয়া যুৱকক শ্বহীদ কৰাত লাগিছে অতুল, চন্দ্রমোহনহতে।
এইবাৰ হাত দিছে আইৰ মুখৰ মাত কাঢ়িবলৈ।
vo- হয় ইতিমধ্যেই আইনত পৰিণত কৰা নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৰ্বত্ৰে উত্তাল প্ৰতিবাদ অব্যাহত থকাৰ সময়তে উদ্বিগ্ন দুগৰাকী জ্যেষ্ঠ ব্যক্তি। এগৰাকী অসম আন্দোলনৰ অগ্ৰণী নেতা তথা শংকৰী সাহিত্যৰ পণ্ডিত টিলকচন্দ মজুমদাৰ। আনগৰাকী বিশিষ্ট সাহিত্যিক লেখক উপেন্দ্ৰ বৰকটকী। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন কৰি পাঁচ জনকৈ লোক শ্বহীদ হোৱাক লৈ আৱেগিক এইগৰাকী অসম আন্দোলনৰ অগ্ৰণী নেতা তিলকচন্দ্ৰ মজুমদাৰ। জাতিধ্বংসী আইনৰ বিৰুদ্ধে প্ৰতিজন অসমীয়া ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰা প্ৰতিবাদক লৈ টিলকচন্দ মজুমদাৰৰ মন্তব্য। কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত কৰি অসমৰ অস্তিত্ব নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে। এই ষড়যন্ত্ৰৰ নাশ কৰিবলৈ আগবাঢ়ি আহিছে ৰাইজ। ৮৫৫ জন শ্বহীদৰ বিনিময়ৰ অসম বিক্ৰী কৰিব বিচাৰিছে চৰকাৰে। জাতিৰ অস্তিত্বৰ ৰক্ষাৰ বাবে অসমীয়াই তাহানিৰ পৰাই কৰি আহিছে আন্দোলন। পূৰ্বেও উচটনিমূলক মন্তব্যৰে অসমীয়া যুৱকক শ্বহীদ কৰা অতুল বৰা, চন্দ্রমোহনহতে এতিয়াও অসমীয়া ডেকাক শ্বহীদ কৰাত লাগিছে। জীৱনৰ বিয়লি বেলাত এইসমূহ কাণ্ড দেখি যাবলৈ ইচ্ছা নাই বুলিও উল্লেখ কৰি টিলকচন্দ মজুমদাৰে এতিয়াও জাতিৰ স্বাৰ্থত আন্দোলনত আগভাগ লবলৈ মন যায় বুলিও মন্তব্য কৰে।
bite- তিলকচন্দ্ৰ মজুমদাৰ।

Conclusion:ইপিনে এই জাতিধ্বংসী আইনক লৈ মন্তব্য কৰিছে বিশিষ্ট সাহিত্যিক লেখক উপেন্দ্ৰ বৰকটকীয়ে। স্বাধীন ভাৰতৰ প্ৰতিটো চৰকাৰেই কেৱল বঞ্চনা আৰু শোষণ কৰি আহিছে অসমক। এইবাৰ হাত দিছে অসমী আইৰ মুখৰ মাতত। অসমীয়া জাতীয়তাবাদ গঢ়ি উঠিছে ভাষাক লৈ। ভাষা বুলি কলে মৰিবলৈ সাজু অসমীয়া। যি ভাষাক লৈ অসমত হৈছিল আন্দোলন। এতিয়া আইৰ মুখৰ মাত বন্ধ কৰিবলৈ ষড়যন্ত্ৰ কৰা চৰকাৰৰ বিৰুদ্ধে এতিয়া গঢ়ি উঠিছে অভূতপূৰ্ব আন্দোলন। যি আন্দোলনে চেৰ পেলালে অসম আন্দোলনকো। জাতিক বিশ্বাসঘাটকতা কৰি চৰকাৰৰ এনে জাতিধ্বংসী কাৰ্য্যত অগপই হাত উজান দিয়া বুলি মন্তব্য কৰি বিশিষ্ট সাহিত্যিকগৰাকীৰ মন্তব্য সময়ে এওঁলোকক শিক্ষা ভালদৰেই দিব। এওঁলোক এসময়ত খলনায়কতকৈ অধিক নৰধাম হিচাপেহে পাব স্বীকৃতি।
bite- উপেন্দ্ৰ বৰকটকী।
--------------------------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদৰ ৰিপোৰ্ট ই টি ভি ভাৰত অসম।
১৬-১২-১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.